নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ নাহিল অন্যান্য বৃত্তিধাৰী শিক্ষকৰ তালিকা

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ  হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়সমূহৰ হতাশাজনক ফলাফলৰ পাছতেই শিক্ষকতাৰ উপৰি অন্যান্য বৃত্তিত জড়িত শিক্ষাগুৰুৰ তালিকা বিচাৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রেৰণ কৰা কঠোৰ নির্দেশনা এতিয়াও পালন কৰা নাই বহু শিক্ষানুষ্ঠানে৷ মাত্র এসপ্তাহৰ ভিতৰত আন বৃত্তিৰ সৈতে জড়িত শিক্ষকৰ তালিকা বিচাৰি প্রেৰণ কৰা জাননীক বহু শিক্ষা প্রতিষ্ঠানে আজিপর্যন্ত গুৰুত্ব আৰোপ নকৰিলে৷ যাৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ ভিন্ন প্রান্তৰ বিদ্যালয়সমূহত কর্মৰত তথা অন্যান্য বৃত্তিৰ সৈতে জড়িত শিক্ষকৰ তালিকা আজিও মাধ্যমিক শিক্ষা সঞ্চালকালয়ত দাখিল কৰা হোৱা নাই৷ একপ্রকাৰ ক’বলৈ গ’লে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছতে সঞ্চালকালয়ৰ কঠোৰ নির্দেশনা ধোঁৱাচাঙত তুলি থোৱা হ’ল৷ বিশেষকৈ নলবাৰী জিলাত কোনো এখন বিদ্যালয়ে এনে শিক্ষকৰ তালিকা আজিপর্যন্ত সংশ্লিষ্ট কার্যালয়ত জমা নিদিলে৷

উল্লেখ্য যে যোৱা ১৮ জুনত এখন পত্রৰ জৰিয়তে সাত দিনৰ ভিতৰত অন্যান্য বৃত্তিৰ সৈতে জড়িত শিক্ষকৰ তালিকা দাখিল কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদর্শকসকলক নির্দেশ দিয়া হৈছিল৷ যাৰ ভিত্তিত বিদ্যালয় পৰিদর্শকসকলে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীক নিজ নিজ বিদ্যালয়ত থকা অন্যান্য বৃত্তিৰে জড়িত শিক্ষকৰ তালিকা জমা দিবলৈ নির্দেশনা দিছিল৷ কিন্তু এই পত্রক বহু বিদ্যালয়ৰ প্রধান শিক্ষকে গুৰুত্বই প্রদান নকৰিলে৷ ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ স্বার্থত প্রেৰণ কৰা এই জাননীৰ উত্তৰ প্রদান কৰাৰ প্রয়োজনবোধেই নকৰিলে এই শিক্ষকসকলে৷ যাৰ বাবে শিক্ষকতাৰ উপৰি আন বহু অনা–শৈক্ষিক বৃত্তিত জড়িত হৈ থকা শিক্ষাগুৰুৰ প্রকৃত তথ্য লাভৰ পৰা ৰাজ্য চৰকাৰ বঞ্চিত হৈছে৷

ইতিমধ্যে কেৱল ৰঙিয়াৰ ১১জন শিক্ষক এলআইচিৰ এজেণ্ট হিচাপে কর্মৰত হৈ থকাৰ তথ্য চৰকাৰীভাৱে প্রকাশ কৰা হৈছে৷ এই শিক্ষকসকলৰ বিৰুদ্ধে বিভাগীয়ভাৱে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ কিন্তু স্বাভাৱিকতে প্রশ্ণৰ উত্থাপন হয় যে কেৱল ৰঙিয়াতহে শিক্ষক আন বৃত্তিত জড়িত নেকি? আন জিলাসমূহত আন বৃত্তিধাৰী শিক্ষক সঁচাকৈয়ে নাই নেকি? ইয়াৰ বিপৰীতে বহু স্থানত বহু শিক্ষকে শিক্ষকতাৰ উপৰি আন বৃত্তিত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ কিন্তু প্রধান শিক্ষকসকলৰ অনীহাৰ বাবেই অন্যান্য বৃত্তিধাৰী শিক্ষকৰ প্রকৃত ছবিখন এতিয়াও স্পষ্ট হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ পূর্বেও এলআইচি অথবা সাংবাদিকতা অথবা আন বৃত্তিৰ সৈতে নিয়োজিত শিক্ষকসকলক সতর্ক কৰি দিয়া হৈছিল৷ আনকি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰো হুংকাৰ প্রদান কৰা হৈছিল৷

ইয়াৰ বিপৰীতে এনে হুংকাৰ অথবা সতর্কীকৰণ কেৱল ফাইলৰ মাজতে আবদ্ধ হৈ থাকিল৷ চৰকাৰৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰি বহু শিক্ষকে শিক্ষতাৰ উপৰি আন বৃত্তিও সমানে চলাই থাকে৷ আনকি বহু শিক্ষাগুৰুৱে আন বৃত্তিসমূহত অধিক সময় প্রদান কৰাৰ বাবে বিদ্যালয়ৰ শিক্ষার্থীৰ ওপৰত গুৰুত্ব কমি যোৱা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ ইয়াৰ মাজতে শেহতীয়াকৈ বহুকেইখন বিদ্যালয়ে মেট্রিক পৰীক্ষাত শূন্য ফলাফল প্রদর্শন কৰাৰ পাছত চৰকাৰৰ নির্দেশনা পালন নকৰাত পুনৰ এয়া ফাইলতে সীমাবদ্ধ হৈ থাকিব নেকি বুলিও প্রশ্ণৰ উত্থাপন হৈছে৷

লক্ষণীয় যে মাধ্যমিক শিক্ষাৰ পাছত প্রাথমিক শিক্ষা বিভাগেও শিক্ষকতাৰ উপৰি আন বৃত্তিত জড়িত শিক্ষকৰ তালিকা বিচাৰি জাননী জাৰি কৰিছে৷ শেহতীয়াকৈ এক জাননীৰ জৰিয়তে প্রাথমিক শিক্ষা বিষয়াসকলক ইয়াৰ তথ্য দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে৷

You might also like