২৯,৭০০ শিক্ষকক নিযুক্তি, শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণক লৈ শিক্ষামন্ত্ৰীৰ সংবাদমেল
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। অসমৰ শিক্ষাখণ্ডৰ বাবে সুখবৰ কঢ়িয়াই অনা ঘোষণাত শিক্ষকৰ নিযুক্তি আৰু শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সন্দৰ্ভত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে আজি শিক্ষক নিযুক্তি সন্দৰ্ভত কৰে এই ঘোষণা-
-৫ ফেব্ৰুৱাৰীত ৰাজ্যত সৰ্ববৃহৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ২৯,৭০০ গৰাকী শিক্ষকক নিযুক্তি দিব শিক্ষা বিভাগে ।
-প্ৰাথমিক বিদ্যালয়ত ৪,৪৯৩ গৰাকী শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ।
-মাধ্যমিক বিদ্যালয়ত ২,১৩৯ গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হ’ব।
মন্ত্ৰীগৰাকীয়ে লগতে তিনিটা প্ৰক্ৰিয়াত শিক্ষক নিযুক্তিৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে । আনহাতে নিৰ্বাচনৰ অধিসূচনাৰ আগতে পুনৰ শিক্ষা বিভাগত নিয়ুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য, নিযুক্তি পোৱা শিক্ষকসকলে ১২ বছৰৰ বাবে বদলি হ’ব নোৱাৰিব বিদ্যালয়ৰ পৰা ।
ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে আজি শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সন্দৰ্ভত কৰে এই ঘোষণা-
-১৬৯৮খন প্ৰাথমিক বিদ্যালয় প্ৰদেশিকীকৰণ হ’ব । প্ৰাথমিক বিদ্যালয় প্ৰদেশিকীৰণৰ বাবে উপকৃত হ’ব ৩৩০৯গৰাকী শিক্ষক ।
-১৫২খন কনিষ্ঠ মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব । এই প্ৰাদেশিকীকৰণৰ ফলত উপকৃত হ’ব ৰাজ্যৰ ২৩০৬ গৰাকী শিক্ষক।
-ৰাজ্যখনৰ ২১০৭ খন মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব আৰু ইয়াৰ ফলত ৬৫৮৬ গৰাকী শিক্ষক উপকৃত হ’ব ।
ইয়াৰ লগতে ৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ হ’ব। ইয়াৰ ফলত ৩১ গৰাকী শিক্ষক উপকৃত হ’ব ।
আনহাতে, ২৬৬খন হাইস্কুল প্ৰাদেশিকীকৰণ হ’ব ৰাজ্যখনত ।