ৰাছিয়াৰ পৰা ৰাজস্থানঃ ৪,৩৬৮ কিলোমিটাৰ দূৰত্ব উৰি পৰিভ্রমী পক্ষীৰ অভিলেখ
নিয়মীয়া বাৰ্তা, ৩ ফেব্রুৱাৰীঃ ৰাছিয়াৰ ট্রান্সবাইকালিয়াৰ পৰা যোধপুৰৰ খিনছান গাঁৱলৈ অহা এটা ক্রেন পক্ষীয়ে ৪,৩৬৮ কিলোমিটাৰ দূৰত্ব উৰি অভিলেখ গঢ়িছে৷ ৰাছিয়াত এই পক্ষীটোৰ এখন ঠেঙত টেগ কৰা হৈছিল৷
ৰাজস্থানৰ যোধপুৰত দেওবাৰে এ–৫ হিচাপে চিহ্ণিত পৰিভ্রমী পক্ষীটোক বছৰটোৰ ভিতৰত আটাইতকৈ বেছি দূৰত্ব উৰি অহা পক্ষী বুলি স্বীকৃতি দিয়া হৈছে৷ চলিত শীতত ৰাজস্থানৰ যোধপুৰলৈ অহা এয়া দ্বিতীয়টো ৰাছিয়ান পৰিভ্রমী পক্ষী৷
পক্ষী বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি ইয়াৰ পূর্বে পৰিভ্রমী ক্রেন পক্ষীয়ে ইমান দূৰত্ব উৰি আহিবলৈ সক্ষম হোৱা নাছিল৷ দেওবাৰে পুৱা খিনছান গাঁৱত ছেৱাৰাম মালি নামৰ লোকজনে টেগ কৰা পক্ষীটো দেখাৰ লগে লগে পক্ষী বিশেষজ্ঞ ড০ ডাও লাল বোহৰাক এই বিষয়টো অৱগত কৰায়৷
স্মর্তব্য যে পৰিভ্রমী পক্ষীৰ অৱস্থান সন্দর্ভত বিভিন্ন সময়ত গৱেষণা চলাই আহিছে বোহৰাই৷ আনকি আন্তর্জাতিক এক নেটৱর্ক চলাই আছে বোহৰাই৷ বিশেষজ্ঞ গৰাকীয়ে তাৎক্ষণিকভাৱে ক্রেন পক্ষীটোৱে ৪,৩৬৮ কিলোমিটাৰ উৰি অহা বুলি ঘোষণা কৰে৷