নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশলংঘী দৰ ঔষধ–শিশু খাদ্য-পাচলি-ৰড-চিমেণ্টঃ ২০-১০০ শতাংশতকৈও বৃদ্ধি খাদ্যবস্তু-নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দাম

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: বজাৰত প্রতিবিধ সামগ্রীৰে আকাশলংঘী দাম বৃদ্ধিক লৈ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্রাম সমিতি৷ কৃষক সংগঠনটোৰ মতে সম্প্রতি দৰিদ্র আৰু নিম্ন মধ্যবিত্ত লোকে সামগ্রীৰ ক্রয় ক্ষমতা হেৰুৱাই পেলাইছে৷  মহানগৰীৰ গান্ধীবস্তিস্থিত কেন্দ্রীয় কার্যালয়ত আয়োজিত এখন সংবাদ মেলত কৃষক মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতি মুকুট ডেকা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে দেশৰ ইতিহাসত পোনপ্রথমবাৰৰ বাবে জনসাধাৰণে এক সামাজিক–র্থনৈতিক সংকট আৰু গভীৰ অনিশ্চয়তাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ক্রমান্বয়ে দেউলীয়া হৈ পৰিছে দেশৰ ক্ষুদ্র–মজলীয়া উদ্যোগী আৰু ব্যৱসায়ীসকলৰ অৱস্থা৷ বিগত ২০১৪ চনৰ পৰা চলিত ২০২২ চনৰ ভিতৰত প্রতিবিধ সামগ্রীৰ নিৰিখ কি হাৰত বৃদ্ধি পাইছে, তাৰ তুলনামূলক তথ্য নিজাববীয়াকৈ চলোৱা সমীক্ষাৰ আধাৰত সংবাদ মেলত দাঙি ধৰে কৃষক সংগঠনটোৱে৷ ইয়াৰ সমান্তৰালকৈ জি এছ টি, জৰিমনাৰ উচ্চ নিৰিখ আৰু বিভিন্ন উপ–কৰ বৃদ্ধিৰ সিদ্ধান্তই কিদৰে জীৱনদায়িনী ঔষধ–খাদ্যবস্তু–পেট্’ল–ডিজেল–ৰন্ধন গেছৰ দাম তথা পৰিবহণ ব্যয় বৃদ্ধিত অৰিহণা যোগাইছে, সেই কথাও উল্লেখ কৰা হয়৷

কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃবৃন্দই কয় যে প্রতিবিধি খাদ্যবস্তু আৰু নিত্য ব্যৱহার্য সামগ্রীৰ দাম ২০ৰ পৰা ১০০ শতাংশতকৈও অধিক বৃদ্ধি হোৱাত সাধাৰণ জনতাৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে৷ ২০১৪ চনৰ আগষ্ট মাহত ৰাজ্যত প্রতি লিটাৰ পেট্র’ল, ডিজেল আৰু একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ আছিল ক্রমে ৭২.৫১ টকা, ৫৮.৪০ টকা আৰু ৪৪৮ টকা৷ কিন্তু চলিত বর্ষৰ আগষ্ট মাহত এই অত্যাৱশ্যকীয় সামগ্রীকেইবিধ ক্রমে ৯৭.১৫ টকা, ৮৫.০৭ টকা আৰু ১,১০২ টকাত বিক্রী হৈছে৷ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছে মাত্র কেইটামান মাহৰ ব্যৱধানতে৷ শৌচৰ টেবলেটO2 প্রতি ১০টাৰ চলিত বর্ষৰ জানুৱাৰীত ১৪৯.৭৫ টকা আছিল যদিও এতিয়া হৈছেগৈ ১৬৪.৪৫ টকা৷ একেদৰে এই সময়ছোৱাত জ্বৰৰ টেবলেটSUMOৰ প্রতি ১৫টাত ১২৪ টকাৰ পৰা ১৩৪ টকা, ৰক্তচাপৰ টেবলেটAMALDAC-5Mg ৰ ৮৭ টকাৰ পৰা ৯৭ টকালৈ বৃদ্ধি হৈছে৷ খাদ্য–সামগ্রীৰ ক্ষেত্রত ২০১৪ চনৰ ৩৫ টকীয়া প্রতিকেজি ৰামপাল চাউল বর্তমান ৫৫ টকাত বিক্রী হৈছে৷ এই সময়ৰ ভিতৰতে ২০–২১ টকাৰ সাধাৰণ চাউলৰ দৰ হৈছেগৈ ৩০–৩৫ টকা৷ এক কিঃগ্রাঃ মচুৰ দাইলৰ দাম ৫০–৬০ টকাৰ পৰা ১০০–১১০ টকা, প্রতি লিটাৰ মিঠাতেলৰ দাম ৯০–১০০ টকাৰ পৰা ২০০–২২০ টকা, এক কিঃগ্রাঃ আলুৰ দাম ৮–১০ টকাৰ পৰা ৩০–৩৫ টকা আৰু পিঁয়াজৰ দাম ২০–২১ টকাৰ পৰা ৩০–৩৫ টকালৈ বাঢ়িছে৷ কৃষক সংগঠনটোৱে দাবী কৰা মতে ২০১৪ চনৰ বজাৰত প্রতি কিঃগ্রাঃ লোকেল আৰু চালানী মাছ ক্রমে ১৫০–২৫০ টকা আৰু ১০০–১৫০ টকাত উপলব্ধ আছিল৷ কিন্তু আজিৰ দিনত সর্বসাধাৰণে দুয়োবিধ মাছ ক্রমে ২০০–৩০০ টকা আৰু ২০০–২৫০ টকাত ক্রয় কৰিবলগীয়া হৈছে৷ সেইদৰে ২০১৪ চনৰ ২০০–৩০০ টকীয়া প্রতি কিঃগ্রাঃ লোকে মুর্গী বর্তমান ৫০০–৬০০ টকাত আৰু ১৬০–২০০ টকীয়া ব্রইলাৰ মুর্গীৰ দাম বর্তমান হৈছে ২৮০–৩৪০ টকা৷ ২.৫০–৩ টকাৰ প্রতিটো কণীত ৬–৭ টকা ভৰিবলগীয়া হৈছে৷

সংবাদ মেলত কৃষক সংগঠনটোৱে তুলনামূলক তথ্য সদৰী কৰি শিশু খাদ্য, শাক–পাচলি আৰু শিল–বালি–ৰড–চিমেণ্ট আদি গৃহ নির্মাণ সামগ্রীৰ দামো দিনকদিনে আকাশলংঘী হৈ পৰা বুলি দাবী কৰে৷ এই প্রসংগতে কৃষক মুক্তি সংগ্রাম সমিতিৰ কার্যকৰী সভাপতি মুকুট ডেকা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগানমন্ত্রী ৰঞ্জিত কুমাৰ দাসক চোকা সমালোচনা কৰে৷ তেওঁলোকে কয়– কৃষক মুক্তি সংগ্রাম সমিতিয়ে অতি শীঘ্রেই যোগানমন্ত্রী ৰঞ্জিত দাসক অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্রণত ব্যর্থতা স্বীকাৰ কৰি দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনাইছোঁ৷ দৰিদ্র আৰু নিম্ন মধ্যবিত্ত শ্রেণীৰ লোকসকলৰ বাবে সীমিত উপার্জনৰ আয়েৰে দৈনিক অথবা মাহেকীয়া নূ্যনতম প্রয়োজনীয়তাখিনিও পূৰণ কৰিব নোৱাৰা অৱস্থা হৈছে৷ শেহতীয়াকৈ ক’ভিডোত্তৰ কালত ৰাইজে পুনৰ পূর্বৰ পৰিৱেশ ঘূৰি অহাৰ আশা প্রকাশ কৰিছিল যদিও প্রতিটো বস্তুৰে মূল্যবৃদ্ধি, চৰকাৰী কৰ–কাটল, জৰিমনাৰ উচ্চ নিৰিখ, বজাৰ ব্যৱস্থাৰ ওপৰত চৰকাৰৰ নিয়ন্ত্রণহীনতাই চৌদিশে এক হতাশাজনক আৰু অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি সংবাদ মেলত কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বই চৰকাৰৰ প্রতি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ সংবাদ মেলত কৃষক মুক্তি সংগ্রাম সমিতিয়ে তাৎক্ষণিকভাৱে মূল্যবৃদ্ধি নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰলৈ কেইবাটাও দাবী আৰু পৰামর্শ আগবঢ়ায়৷

এই দাবী আৰু পৰামর্শৰ অন্যতম হ’ল– নিত্য ব্যৱহার্য সামগ্রীত আৰোপ কৰা জি এছ টি বাতিল কৰি এনে সামগ্রীসমূহক অত্যাৱশ্যকীয় সামগ্রী আইন–১৯৫৫ৰ অধীনত অন্তর্ভুক্ত কৰি ক’লা ব্যৱসায়ী আৰু অবৈধ মজুতকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে৷ খাদ্য–সামগ্রী বহিঃৰাজ্যৰ পৰা আমদানি কৰাৰ সলনি থলুৱাভাৱে উৎপাদনত গুৰুত্ব দিব লাগে৷ ঘৰুৱা উৎপাদিত সামগ্রীৰ পর্যাপ্ত বজাৰ মুকলিৰ ব্যৱস্থা কৰিব লাগে আৰু কৃষিজাত অতিৰিক্ত সা–সামগ্রী মজুতকৰণৰ বাবে প্রতিখন পঞ্চায়তত শীতল গৃহ নির্মাণৰ ব্যৱস্থা কৰা উচিত৷ প্রতিখন বজাৰৰ দৰ–দাম নিয়মিতভাৱে নিয়ন্ত্রণ কৰিবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগে বস্তুৰ দাম নির্ধাৰণ কৰি এইক্ষেত্রত নিয়ম উলংঘা কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্রহণৰ পদক্ষেপ ল’ব লাগে৷ আন্তর্জাতিক বজাৰৰ পৰিৱর্তে পেট্র’লজাত সামগ্রীৰ দাম জি এছ টিৰ কৰ ব্যৱস্থাৰ জৰিয়তে নিৰূপণ কৰা৷ পেট্র’ল–ডিজেলৰ ওপৰত থকা সকলো আবকাৰী শুল্ক আৰু ছেজ প্রত্যাহাৰৰ ব্যৱস্থা৷ জীৱনদায়িনী ঔষধৰ কৰৰ পৰিমাণ হ্রাস কৰাৰ লগতে চৰকাৰী শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থা বিনামূলীয়া আৰু সার্বজনীন কৰাৰ ব্যৱস্থা কৰিব লাগে৷ আজিৰ সংবাদ মেলত কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি দেৱেন শর্মা, কার্যকৰী সভাপতি ৰাজুৰাজ বৰপাত্র গোহাঁই, উপ–সভানেত্রী বিমলা গগৈ, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে উপস্থিত থাকে৷

You might also like