নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰীত আৰক্ষীৰ অভিযানত বাঘৰ ছালসহ ধৃত যুৱক

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ দেশৰ লগতে ৰাজ্যত মহমাৰী ক’ৰোনা ভাইৰাছে দ্বিতীয়বাৰলৈ বিভীষিকাৰ সৃষ্টি কৰি থকাৰ সময়তে পলাশবাৰী আৰক্ষীয়ে অভিযান চলাই বাঘৰ ছালসহ এজন লোকক আটক কৰে৷ বৃহস্পতিবাৰে বিয়লিৰ ভাগত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া সত্যেন্দ্র সিং হাজাৰীৰ নেতৃত্বত পলাশবাৰী থানাৰ সন্মুখত আশ্রয় গ্রহণ কৰাৰ খবৰ গোপন সূত্রে লাভ কৰি আৰক্ষীৰ বৃহৎ দলে পুৱা প্রায় ৫ বজাত অভিযান চলায়৷ আৰক্ষীৰ এক শীর্ষস্থানীয় সত্রই জানিবলৈ দিয়া মতে আৰক্ষীয়ে আলফা স্বাধীনৰ সদস্য দুজনক আত্মসমর্পণ কৰাৰ বাবে আহ্বান জনায়৷ কিন্তু আত্মসমর্পণৰ সলনি আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে৷ আৰক্ষীয়ে প্রত্যুতৰত গুলীচালনা কৰাত আলফা (স্বাধীন)ৰ এজন সদস্য নিহত হয়৷ আনহাতে পদুম ৰায় নামৰ দ্বীপেন সাউদৰ দেহৰক্ষীজনক অভিযানকাৰী দলে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল আৰু ১টা চাইনিজ গ্রেনেড, ২১টা ম’বাইল ফোন, টর্ছ লাইট আদি বিভিন্ন আপত্তিজনক সা–সামগ্রী জব্দ কৰে৷

আৰক্ষীয়ে আশ্রয়দাতা পৰিয়ালটোৰ মুৰব্বী কিশোৰ ৰায়ক আটক কৰিছে৷ কিশোৰ ৰায় পেছাত এজন ই–ৰিক্সা চালক৷ নিহত আলফা (স্বাধীন)ৰ সদস্যজনক পাছত সশস্ত্র সংগঠনটোৰ ৱেষ্টার্ন কমাণ্ডৰ ভাৰপ্রাপ্ত পৰিচালক লেফটেনেণ্ট কর্নেল জিষ্ণু অসম ওৰফে দ্বীপেন সাউদ ওৰফে ৰমেন নাথ বুলি চিনাক্ত কৰা হৈছে৷ দৃষ্টি ৰাজখোৱাই আত্মসমর্পণ কৰাৰ পাছত শেহতীয়াকৈ তেওঁক আলফা (স্বাধীন)ৰ শীর্ষক নেতৃত্বই ৱেষ্টর্ন কমাণ্ডৰ দায়িত্ব অর্পণ কৰিছিল৷ সংঘর্ষত দ্বীপেন সাউদ নিহত হোৱাটো আলফা (স্বাধীন)ৰ বাবে এক মোক্ষম আঘাত ৰূপে বিবেচিত হৈছে৷ ইফালে, দ্বীপেন সাউদ আৰক্ষীৰ গুলীত নিহত হোৱা বুলি দাবী কৰিলেও আশ্রয়দাতা পৰিয়ালৰ ভাষ্যই সমগ্র ঘটনাটোক লৈ ৰহস্যৰ সৃষ্টি কৰিছে৷

পৰিয়ালটোৰ ভাষ্য মতে, আৰক্ষীৰ বৃহৎ দলে চাৰিওফালে ঘেৰি ধৰা বুলি জানিব পাৰি দ্বীপেন সাউদে নিজৰ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে৷ আত্মহত্যাৰ পাছত আনজন সদস্য তামলপুৰৰ পদুম ৰায়ে ঘৰৰ পৰা ওলাই আহি আত্মসমর্পণ কৰে৷ পৰিয়ালটোৰ বাকচত জমা থোৱা পঞ্চাশ হাজাৰ টকা আৰক্ষীয়ে লগত নিয়া বুলিও অভিযোগ কৰে৷ পৰিয়ালটোৰ ভাষ্য মতে আলফা (স্বাধীন)ৰ সদস্যদ্বয়ে আৰক্ষীক লক্ষ্য কৰি এটাও গুলী ফুটোৱা নাছিল নতুবা কোনো ধৰণৰ সংঘর্ষ হোৱা নাছিল৷ সম্প্রতি মাণিকপুৰ থানাত পদুম ৰায় আৰু কিশোৰ ৰায়ক আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে৷ ইতিমধ্যে অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ উপ–মহাপৰিদর্শক দিলীপ কুমাৰ দে’, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালকে ধৰি শীর্ষ বিষয়াবর্গ মাণিকপুৰ থানাত উপস্থিত হৈ সংগঠনটো সন্দর্ভত অধিক তথ্য লাভৰ বাবে দুয়োকে জেৰা চলাই আছে৷

উল্লেখ্য যে দ্বীপেন সাউদ সংগঠনটোৰ নামনি অসমৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল আৰু দীর্ঘদিনে সাংগঠনিক কাম–কাজ অব্যাহত ৰাখিছিল৷ ১৯৮৮ চনতে সংগঠনত যোগদান কৰা ৫৩ বছৰীয়া আলফা (স্বাধীন)ৰ নেতাজনে সংগঠনটোৰ হৈ বিভিন্ন অভিযানৰ সফল নেতৃত্ব দিবলৈ সক্ষম হৈছিল৷ অৰবিন্দ ৰাজখোৱাৰ সৈতে তেওঁ শান্তি আলোচনালৈ আহিব বুলি চর্চা লাভ কৰিছিল যদিও পৰৱর্তী সময়ত আলফা (স্বাধীন)ৰ হৈ সশস্ত্র সংগ্রাম অব্যাহত ৰাখে৷ সৰভোগ থানাৰ অন্তর্গত দুৰামাৰী সাউদপাৰাত দ্বীপেন সাউদৰ জন্ম৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ তেওঁ সংগঠনটোত যোগ দিছিল৷

এটা সময়ত সেনা–আৰক্ষীৰ লগতে ছালফা বাহিনীৰ অত্যাচাৰত দ্বীপেন সাউদৰ পৰিয়ালৰ সদস্যসকলে পৈতৃক ভূমি এৰি মাণিকপুৰ তথা বঙাইগাঁৱৰ বিভিন্ন স্থানত থাকিবলগীয়া হৈছিল৷ নামনি অসমত দ্বীপেন সাউদে সংগঠনটোৰ কাম–কাজত বিশেষ নেতৃত্ব লৈ আহিছিল৷ দ্বীপেন সাউদৰ নেতৃত্বত বঙাইগাঁৱৰ লগতে বিভিন্ন জিলাত শেহতীয়াভাৱে ধন দাবী আদিৰ দৰে ঘটনা ব্যাপক হাৰত সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ দ্বীপেন সাউদে অপহৰণৰ দৰে ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলিও আৰক্ষী সূত্রে প্রকাশ কৰিছে৷ ইফালে, বিয়লিৰ ভাগত আৰক্ষীয়ে দ্বীপেন সাউদৰ মৃতেদহ পৰিয়ালক চমজাই দিয়াৰ পাছত সন্ধিয়া ৬.৩০ বজাত দুৰামাৰীৰ নিজ গৃহৰ চৌহদত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
অমৰ মৃতক ঘোষণা
আৰক্ষীৰে সংঘর্ষত নিহত দ্বীপেন সাউদক অমৰ মৃতক ঘোষণা কৰিছে আলফা (স্বাধীন)এ৷ সংবাদ মাধ্যমলৈ আলফা (স্বাধীন)ৰ সভাপতি ডাঃ অভিজিৎ অসমে প্রেৰণ কৰা এক ই–মেইলত এই কথা সদৰী কৰে৷ ই–মেইলটোৰ পূর্ণপাঠ এনেধৰণৰ– প্রকৃত বিপ্লৱীৰ বাবে আত্মসমর্পণতকৈ ডাঙৰ গ্লানি একো থাকিব নোৱাৰে৷ তেনে গ্লানিৰ ওচৰত শিৰনত নকৰি, প্রকৃত বিপ্লৱীৰ চূড়ান্ত নিদর্শন দাঙি শত্রুৰ ঘেৰৰ মাজত পশ্চাৎগমনৰ কোনো পথ নেদেখি নিজৰ পিষ্টলেৰে থুতৰিত গুলীয়াই অমৰত্ব লাভ কৰা ৱেষ্টার্ন কমাণ্ডৰ ভাৰপ্রাপ্ত পৰিচালক লেফটেনেণ্ট কর্নেল (মৰণোত্তৰ) জিষ্ণু অসম ওৰফে দ্বীপেন সাউদক সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ তৰফৰ পৰা অমৰ মৃতক ঘোষণা কৰা হ’ল৷ অসমৰ সন্মিলিত জাতীয় মুক্তি সংগ্রামখনৰ তেজে ধোৱা পথত তেখেতৰ অৱদান আৰু আত্মত্যাগে নতুন প্রজন্মৰ সংগ্রামী সতীর্থক যুগে যুগে অনুপ্রাণিত কৰিব৷ আমি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে অমৰ মৃতক লেফটেনেণ্ট কর্নেল (মৰণোত্তৰ) জিষ্ণু অসমৰ পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি তেখেতৰ সর্বোচ্চ ত্যাগ অথলে যাবলৈ নিদিয়াৰ দৃঢ় সংকল্প পুনৰ ব্যক্ত কৰিলোঁ৷

You might also like