নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাসংকটত মধ্যবিত্তঃ মূল্যবৃদ্ধিৰ পূজা সর্বসাধাৰণৰ নাভিশ্বাস

বজাৰৰ জুইত উছাহ–উদ্দীপনাহীন শাৰদোৎসৱ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ মহাসংকটত ক’ৰোনাপীড়িত মধ্যবিত্ত–দৰিদ্র জনতা৷ বিগত প্রায় ডেৰ বছৰ মহামাৰীয়ে পিষ্ট কৰা ৰাজ্যবাসী এইবাৰ দগ্ধ হৈছে বজাৰৰ জুইত৷ ইন্ধনৰ পৰা অত্যাৱশ্যকীয় খাদ্য–সামগ্রী, পাচলি–কাপোৰলৈকে প্রতিবিধ সামগ্রীৰে অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে৷ প্রতিদিনে মূল্যবৃদ্ধিৰ আকাশলংঘী ঊর্ধ্বমুখী গ্রাফডালৰ পৰিণতিত নাভিশ্বাস কাঢ়িবলগীয়া হৈছে খাটিখোৱা সর্বসাধাৰণে৷ এতিয়া শাৰদোৎসৱৰ বতৰ৷ ক’ভিড–১৯সৃষ্ট জটিল পৰিস্থিতিৰ মাজতো চৰকাৰে আৰোপ কৰা বাধা–নিষেধ মানি সমগ্র ৰাজ্যতে দুর্গতিনাশিনী দেৱী দুর্গাৰ স্তুতি–বন্দনাৰ আয়োজন কৰা হৈছে৷

শাৰদীয় দুর্গাপূজা মানেই আনন্দ–উছাহ৷ চৰকাৰৰ ক’ভিড বিধি মানি ৰাজ্যবাসীয়ে এই আনন্দ–উছাহত চামিল হোৱা বাবে মন বান্ধিছিল যদিও বজাৰৰ জুয়ে প্রত্যেকৰে আশা ম্লান কৰি পেলাইছে৷ এক কথাত ক’বলৈ গ’লে এইবাৰ যেন ৰাজ্যত হৈছে ‘মূল্যবৃদ্ধিৰ পূজা’হে৷ এসাঁজ দাইল–ভাত অভিজাত আহাৰলৈ পৰিণত হোৱা ৰাজ্যবাসীয়ে শাৰদোৎসৱৰ উছাহ–উদ্দীপনাত যোগ দিবলৈ চিন্তা কৰিবলগীয়া হৈছে৷ পূজা বুলিলেই মনলৈ আহে এযোৰ নতুন কাপোৰৰ কথা৷ কিন্তু ক’ৰোনাকালত দ্বিতীয়বাৰ আয়োজিত পূজাত প্রতিবিধ সামগ্রীৰে ক্রমবর্ধমান মূল্যবৃদ্ধিয়ে সেই চিন্তাৰ পৰা কার্যতঃ আঁতৰাই ৰাখিছে সর্বসাধাৰণক৷ মহামাৰীয়ে সমগ্র বিশ্বৰ লগতে দেশৰ অর্থনীতিৰ গতিকো স্থবিৰ কৰি পেলাইছে৷ ক’ভিডৰ প্রথমটো জোৱাৰৰ সময়ত দেশজুৰি বলৱৎ কৰা লকডাউনৰ পৰিপ্রেক্ষিতত উদ্যোগ–পৰিবহণ–প ধৰি প্রতিটো খণ্ডকে স্তব্ধ কৰি পেলাইছিল৷

লক্ষ লক্ষজনে কর্মহীন হৈ ঘৰমুখী হ’বলগীয়া হৈছিল৷ অৱশ্যে পৰিস্থিতি উন্নত হোৱাত পর্যায়ক্রমে বাধা–নিষেধ শিথিল কৰি দিয়াত অর্থনীতিয়ে কিছু গতি লাভ কৰাৰ সময়তে প্রাদুর্ভাৱ ঘটে মহামাৰীৰ দ্বিতীয়টো জোৱাৰৰ৷ পূর্বৰ দৰে এইবাৰ দেশজুৰি লকডাউন বলৱৎ নকৰিলেও ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ কেতবোৰ কঠোৰ নীতি–নির্দেশনা জাৰি কৰে৷ যাৰ ব্যতিৰেক নাছিল অসম৷ লকডাউন–কঠোৰ বাধা–নিষেধৰ দীর্ঘম্যাদী বিৰূপ প্রভাৱ পৰিছে দেশৰ অর্থনীতিত৷ ক’ভিডৰ এনেধৰণৰ দীর্ঘম্যাদী কুফলৰ পৰিণতি শেহতীয়াকৈ বজাৰ ব্যৱস্থাত পৰিলক্ষিত হৈছে৷

আন আন ৰাজ্যসমূহৰ লগতে দেশৰ স্বাধীনতাৰ পাছত প্রথমবাৰৰ বাবে অসমতো প্রতিলিটাৰ পেট্র’লৰ মূল্যই অতিক্রম কৰিছে ১০০ টকা৷ একেদৰে প্রতিলিটাৰ ডিজেলৰ দৰো দিনকদিনে বাঢ়ি গৈ প্রায় ৯৫ টকা হৈছেগৈ৷ প্রধানতঃ পেট্র’পণ্যৰ মূল্যবৃদ্ধিয়ে বজাৰত জুই লগাইছে৷ কিয়নো ইন্ধনৰ মূল্যবৃদ্ধিৰ লগে লগে বাঢ়িছে সামগ্রীৰ পৰিবহণ ব্যয়৷ পেট্র’লৰ সমান্তৰালভাৱে একবিংশ শতিকাৰ জীৱনযাত্রাত সকলোৰে বাবে অপৰিহার্য হৈ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছে৷ আজিৰ তাৰিখত গুৱাহাটীত ৰাজসাহায্যবিহীন একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হৈছেগৈ ৯৪৮.৫০ টকা৷ যিটো এটা মধ্যবিত্ত পৰিয়ালৰ বাবে অত্যন্ত চিন্তনীয় বিষয়৷

সর্বসাধাৰণ মূল্যবৃদ্ধিৰ জুইত দগ্ধ হ’বলগীয়া হোৱাৰ আন এটা গুৰুত্বপূর্ণ কাৰণ হৈছে অনিয়ন্ত্রিত বজাৰ ব্যৱস্থা৷ গুৱাহাটীৰ পৰা মাত্র কেইকিলোমিটাৰমান ব্যৱধানত উৎপাদিত শাক–পাচলি তুলনামূলকভাৱে নিম্ন দৰত বিক্রী হোৱাৰ বিপৰীতে মহানগৰীৰ বজাৰত তাৰ মূল্য হৈছে আকাশলংঘী৷ উদাহৰণস্বৰূপে ৰাজ্যত শাক–পাচলি উৎপাদনৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহা খাৰুপেটীয়াৰ বজাৰত প্রতি কিলোগ্রাম ফুলকবি ৩০–৪০ টকাত বিক্রী হোৱাৰ বিপৰীতে গুৱাহাটীবাসীয়ে একেবিধ পাচলি ৯০–১২০ টকাত ক্রয় কৰিবলগীয়া হৈছে৷

সেইদৰে খাৰুপেটীয়াৰ বজাৰত আজিৰ তাৰিখত প্রতিকিলোগ্রাম পটল ২৮–৩৫ টকা, বেঙেনা ২২–২৮ টকা, লেছেৰা ৪৫–৫০ টকা, বিলাহী ২৫–৩২ টকা আৰু ভেণ্ডি ২৮–৩৫ টকাত বিক্রী হৈ আছে যদিও গুৱাহাটীৰ বজাৰত এই পাচলিকেইবিধৰ মূল্য হ’ল ক্রমে ৫৫–৬০ টকা, ৬০–৬৫ টকা, ৯০–১০০ টকা, ৭০–৮০ টকা আৰু ৫০–৬০ টকা৷ ৰাজ্যত এসপ্তাহৰ পূর্বে প্রতি কিলোগ্রাম পিঁয়াজ গ্রাহকে ৪০ টকাত ক্রয় কৰিছিল যদিও আজিৰ দিনটোত একেবিধ সামগ্রীৰ মূল্য হৈছে ৫০–৬০ টকা৷ অনুৰূপ ধৰণে আলু, দাইল, মিঠাতেলকে ধৰি অন্যান্য খাদ্য–সামগ্রীৰো অতি কম দিনৰ ব্যৱধানতে অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে৷ উদাহৰণস্বৰূপে প্রতি কিলোগ্রামত ৭০ টকাত বিক্রী হোৱা মচুৰ (ডাঙৰ) দাইলৰ এতিয়া দৰ হৈছে ১০০ টকা৷ মচুৰ (সৰু) দাইলৰ মূল্য কেইদিনমান পূর্বে ৯০ টকা আছিল যদিও এতিয়া গ্রাহকে ১১০–১২০ টকাত ক্রয় কৰিবলগীয়া হৈছে৷ ২০ টকাত বিক্রী হোৱা প্রতি কিলোগ্রাম আলুৰ মূল্য বৃদ্ধি হৈছে ২০ টকাপর্যন্ত৷

বজাৰত এনেধৰণৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে কার্যতঃ প্রতীয়মাণ কৰে মধ্যবিত্ত–দৰিদ্র পৰিয়াল একোটাই সম্প্রতি কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ তেওঁলোকৰ বাবে যেন এতিয়া দুর্গতিনাশিনীৰ পূজাৰ ৰং–ৰহইচত চামিল হোৱাটো বিলাস–বৈভৱহে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ইন্ধনৰ মূল্যবৃদ্ধিৰ সুযোগ লৈছে এটা অসাধু চক্রই৷ এই চক্রটোৱে মুনাফা লুটাৰ অংকৰে বিভিন্ন সামগ্রীৰ মূল্যবৃদ্ধি ঘটাই খাটিখোৱা জনসাধাৰণক কার্যতঃ বিপর্যয়ৰ গৰাহলৈ ঠেলি দিছে৷ এইক্ষেত্রত চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ লগতে প্রশাসনে নিষ্ক্রিয় ভূমিকা গ্রহণৰ অভিযোগ উত্থাপন হৈছে৷ শাক–পাচলিৰ ক্ষেত্রত চৰকাৰৰ অন্তর্গত কৃষি বিপণন পৰিষদ নামৰ এটা সংস্থা আছে যদিও তাৰো অস্তিত্বক লৈ প্রশ্ন উত্থাপন হৈছে জনসাধাৰণৰ মাজত৷

You might also like