নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন শিখৰত পেট্র’ল–ডিজেলৰ মূল্যঃ ডিজেলেও চেঞ্চুৰী কোবালে

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ একেৰাহে সাত দিন ধৰি বৃদ্ধি পালে প্রতিলিটাৰ পেট্র’ল–ডিজেলৰ মূল্য৷ সোমবাৰে প্রতিলিটাৰ পেট্র’লৰ মূল্য ৩০ পইচা আৰু প্রতিলিটাৰ ডিজেলৰ মূল্য ৩৫ পইচাকৈ বৃদ্ধি কৰাত দুয়োবিধ ইন্ধনৰ মূল্যই নতুন শিখৰ পালে৷

ইতিমধ্যে পেট্র’লৰ মূল্যই চেঞ্চুৰী কোবোৱাৰ পাছত সোমবাৰে ডিজেলৰ ৩৫ পইচাকৈ বৃদ্ধি পোৱাত দেশৰ কেইবাখনো চহৰত ডিজেলৰ মূল্যও চেঞ্চুৰী কোবালে৷ অর্থাৎ প্রতিলিটাৰ ডিজেলৰ মূল্য ১০০ টকা অতিক্রম কৰিলে৷ 

সোমবাৰে দুয়োবিধ ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দেশৰ ৰাজধানী নতুন দিল্লীত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০৪.৪৪ টকা আৰু প্রতিলিটাৰ ডিজেলৰ মূল্য ৯৩.১৭ টকা৷ এনেদৰে মুম্বাইত পেট্র’লত ১১০.১২ টকা, ডিজেলত ১০১.০৩ টকা, চেন্নাইত পেট্র’লত ১০১.৭৯, ডিজেলত ৯৭.৫৯ টকা আৰু কলকাতাত পেট্র’লত ১০৫.১০ টকা আৰু ডিজেলত ৯৬.২৮ টকা৷

ভাৰত পেট্র’লিয়াম, ইণ্ডিয়ান অইল আৰু হিন্দুস্তান পেট্র’লিয়ামে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি হৈ থকাৰ পৰিপ্রেক্ষিতত একেৰাহে সাত দিন ধৰি পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰি আছে৷

লক্ষণীয় যে মধ্যপ্রদেশৰ ভূপাল আৰু ইন্দোৰত ডিজেলৰ মূল্যই ইতিমধ্যে ১০০ টকা অতিক্রম কৰিছিল যদিও প্রথমবাৰৰ বাবে দেশৰ বাণিজ্যিক ৰাজধানী তথা মেট্র’ চহৰ মায়ানগৰী মুম্বাইত প্রতিলিটাৰ ডিজেলত ১০০ টকা অতিক্রম কৰিলে৷

ইপিনে, কেৰালাতো ডিজেলৰ মূল্যই ১০০ টকা অতিক্রম কৰিছে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি আৰু মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ তাৰতম্য ঘটি থকাৰ আধাৰত ৰাজহুৱা খণ্ডৰ কোম্পানীকেইটাই দুয়োবিধ ইন্ধনৰ মূল্য বৃদ্ধি কৰি থাকিলে প্রতিদিনে নতুন নতুন মূল্যৰ অভিলেখ হ’ব৷

You might also like