নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষষ্ঠীৰ বেদীত প্রতিষ্ঠা দেৱীঃ আজি মহাসপ্তমী

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ সর্বভূতা যদা দেৱী স্বর্গমুক্তি প্রদায়িনী৷ ত্বংস্তুতা স্তুতয়ে কা বা ভবন্তু পৰমোক্তয়ঃ৷ সর্ব্বস্য বুদ্ধিৰূপেণ জনস্য হূদি সংস্থিতে৷ স্বর্গাপবর্গদে দেৱী নাৰায়ণী নমোহস্তুতে৷৷ পূজাৰীৰ মন্ত্রোচ্চাৰণ, আয়তীৰ উৰুলি, ঢাক–ঢোল, দবা–কাঁহ, শংখধ্বনিৰ সুললিত সমলয়ৰ মাজেৰে ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা হ’ল দুর্গতিনাশিনীৰ প্রতিমা৷ মহাষষ্ঠীৰ দিনটো পুৱাৰ ভাগত ষষ্ঠাদি কল্পাৰম্ভ আৰু ষষ্ঠীবিহিত পূজাৰ মাজেৰে বেদীত প্রাণ প্রতিষ্ঠা কৰা হ’ল মা দুর্গাৰ৷

ইয়াৰ লগে লগে ভক্তৰ অধীৰ অপেক্ষাৰ অন্ত পৰিল আৰু ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুর্গোৎসৱ৷ ক’ভিডকালীন পৰিস্থিতিৰ বাবে পূর্বৰ দৰে আড়ম্বৰপূর্ণভাৱে আয়োজন কৰিবলৈ সক্ষম নহ’লেও সীমিত পৰিসৰৰ মাজত ৰাজ্যৰ প্রান্তে প্রান্তে আয়োজন কৰা হৈছে দুর্গোৎসৱৰ৷

বিগত বর্ষত ক’ভিডৰ সংক্রমণৰ বাবে দুর্গাপূজা অনুষ্ঠিত কৰিব পৰা নাছিল যদিও এইবাৰ ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটাৰ বাবে নির্দিষ্ট নীতি–নির্দেশনাৰ মাজেৰে দুর্গোৎসৱ আয়োজনৰ অনুমতি প্রদান কৰিছে চৰকাৰে৷ পূর্বৰ দৰে বৃহৎ মণ্ডপ, জাকজমকীয়া আলোকসজ্জা নাথাকিলেও চৰকাৰৰ নির্দেশ অনুসৰি মুকলি মণ্ডপ স্থাপন কৰি দুর্গাপূজা কমিটীসমূহে আয়োজন কৰিছে দুর্গোৎসৱৰ৷

সান্ধ্য আইনৰ সময়লৈকে দুর্গোৎসৱ উপভোগৰ বাবে ভেকচিন লোৱা লোকসকলক অনুমতি প্রদান কৰাৰ পাছতে ৰাজ্যজুৰি আৰম্ভ হৈছে দুর্গাপূজাৰ আনন্দ–উল্লাস৷ বজাৰে–সমাৰে পৰিলক্ষিত হৈছে ভিৰ৷ এক কথাত ক’বলৈ গ’লে ষষ্ঠীৰ বেদীত দুর্গতিনাশিনীৰ প্রতিমা স্থাপন কৰাৰ লগে লগে দুর্গোৎসৱৰ আনন্দত উদ্বেলিত হৈ পৰিছে সমগ্র ৰাজ্য৷

আজি মহাসপ্তমী৷ পঞ্জিকা অনুসৰি পূর্ব্বাহ্ণ ঘঃ ৯৷১৫৷৩ৰ ভিতৰত কিন্তু বিহিত লগ্ন আৰু বাৰবেলানুৰোধে দিবা ঘঃ ৭৷০৷২০ ভিতৰত চৰলগ্নে পুনঃ ঘঃ ৮৷১৫৷৩২ যোৱাত পূর্ব্বাহ্ণৰ ভিতৰত দ্ব্যাত্মক চৰলগ্নে আৰু চৰণবাংশে দেৱীৰ নৱপত্রিকা প্রৱেশ স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ আৰু সপ্তমী পূজাৰম্ভ৷ সমাজৰ অসূয়া–প্রীতি, মাৰি–মৰক, দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্রার্থনাৰে আজি মহিষমর্দিনীৰ শ্রীচৰণত ভক্তসকলে আগবঢ়াব পূজা–র্চনা৷

আজিৰ দিনটোৰ পৰাই ৰাজ্যৰ প্রসিদ্ধ দেৱালয়সমূহত আগবঢ়োৱা হ’ব বলি–বিধান৷ দেশৰ শক্তিপীঠসমূহৰ অন্যতম কামাখ্যা দেৱালয়ত কাইলৈ ম’হ বলিৰে দেৱীলৈ পূজা–র্চনা আগবঢ়োৱা হ’ব৷ সেইদৰে অষ্টমী আৰু নৱমীতো কামাখ্যাত দিয়া হ’ব ম’হ বলি৷ একে সময়তে কামাখ্যা দেৱালয়ৰ উপৰি ৰাজহুৱাভাৱেও ম’হ বলি দিয়া হ’ব কামাখ্যা মন্দিৰত৷ একেদৰে উগ্রতাৰা দেৱালয়ত নৱমীৰ দিনা দেৱালয়ৰ তৰফৰ পৰা বলি দিয়া হ’ব ম’হ৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ উগ্রতাৰাত ৰাজহুৱা ম’হ বলি বন্ধ কৰা হৈছে৷

সেইদৰে ক’ভিড পৰিস্থিতিৰ বাবে ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়তো এটাকৈহে ম’হ বলি দিয়া হ’ব বুলি জানিব পৰা গৈছে৷ ক’ভিডৰ বাবে ৰাজ্যৰ আন প্রান্তসমূহৰ দৰেই গুৱাহাটীতো সীমিত পৰিসৰৰ মাজত আয়োজন কৰা হৈছে দুর্গাপূজা৷ মহানগৰীত মুঠ ৪৫৩খন পূজাৰ আয়োজন কৰা হৈছে৷ অৱশ্যে পূর্বৰ দৰে ২০–২৫ লাখ টকাৰ বাজেটৰ পৰিৱর্তে সাধাৰণভাৱে মহানগৰীৰ পূজা কমিটীসমূহে আয়োজন কৰিছে দুর্গাপূজাৰ৷

চৰকাৰে প্রদান কৰা এছ অ’ পি অনুসৰি মুকলি মণ্ডপ, ছেনিটাইজাৰৰ ব্যৱস্থা আদিকে ধৰি সকলো ধৰণৰ সা–সুবিধাৰে স্থাপন কৰা হৈছে পূজা মণ্ডপসমূহ৷ প্রৱেশ–প্রস্থানৰ বাবে সুকীয়া গেটকে ধৰি ক’ভিডৰ বাবে বিভিন্ন সতর্কতামূলক ব্যৱস্থাও গ্রহণ কৰা হৈছে৷

আনহাতে, চৰকাৰে প্রদান কৰা নিয়ম মানিহে ভক্তসকলক দুর্গোৎসৱৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী আৰু জিলা প্রশাসনে৷ ক’ভিডৰ সংক্রমণৰ পৰা বাচিবলৈ অত্যধিক ভিৰ কৰাৰ বিপৰীতে সামাজিক দূৰত্ব মানি তথা মাস্ক পৰিধান কৰি পূজা উপভোগ কৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনোৱা হৈছে৷ একেদৰে সান্ধ্য আইনৰ পূর্বেই পূজা চাই ভক্তসকলক উভতিবলৈও আৰক্ষীৰ ফালৰ পৰা পৰামর্শ প্রদান কৰা হৈছে৷ দুর্গাপূজা উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে৷

আনহাতে, শাৰদীয় দুর্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বিশ্বৰ ভিতৰতে প্রাচীন ভাৰতীয় সভ্যতা–সংস্কৃতিৰ মূল উপাদান হৈছে আধ্যাত্মিক জীৱন–দর্শন৷ অতীজৰে পৰা ভাৰতীয় সমাজ জীৱন, শক্তিশালী আধ্যাত্মিক ধ্যান–ধাৰণাৰে পৰিচালিত হৈ মূল্যবোধ তথা মানৱতাবোধৰ আধাৰত প্রতিষ্ঠিত এখন প্রগতিশীল সমাজ হিচাপে পৰিচিত হৈ আহিছে৷

শাৰদীয় দুর্গোৎসৱ কেৱল ধর্মীয় উৎসৱেই নহয়, ই প্রেম–ভাতৃত্ববোধ আৰু অন্যান্য মানৱীয় অনুভূতিৰে সমৃদ্ধ এক মহামিলনৰ উৎসৱ বুলি অভিহিত কৰি ড০ শর্মাই কয়– ‘শাৰদীয় দুর্গোৎসৱে আমাৰ মাজত বর্তি থকা শান্তি–সম্প্রীতি, প্রেম তথা ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্রেৰণা কৰিব৷’ আনহাতে মুখ্যমন্ত্রীগৰাকীয়ে স্বাস্থ্য বিভাগে জাৰি কৰা নীতি–নির্দেশনা অনুসৰণ কৰি শৃংখলাবদ্ধভাৱে শাৰদীয় দুর্গোৎসৱ উদযাপনৰ বাবে আহ্বান জনাইছে৷

এই প্রসংগতে তেওঁ কয় যে ক’ভিডৰ সংক্রমণ কিছু স্তিমিত হৈছে যদিও ইয়াৰ বিভীষিকা আঁতৰি যোৱা নাই৷ ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ লগতে সান্ধ্য আইনৰ আগতে সকলো কার্যসূচী সামৰিবৰ বাবে পূজা সমিতিসমূহক আহ্বান জনাইছে মুখ্যমন্ত্রীয়ে৷ লগতে সকলোকে ভেকচিন ল’বলৈ তেওঁ আহ্বান জনাইছে৷ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাধাৰণ সম্পাদক মনোজ শইকীয়া, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলেও ৰাজ্যবাসীলৈ দুর্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like