নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত বিলাতী সুৰাৰ দাম বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ অসমত অহা ১ এপ্রিলৰ পৰা সকলোবিধ বিলাতী সুৰাৰ দাম বৃদ্ধি হ’ব৷ ইতিমধ্যে অসম ৰাজপত্রযোগে আবকাৰী বিভাগে এই কথা প্রকাশ কৰিছে৷ যোৱা ৭ মার্চৰ ৰাজপত্রত প্রকাশিত জাননী অনুসৰি ৫ শতাংশপর্যন্ত এলকহল থকা ৬৫০ এমএলৰ প্রতিটো বীয়েৰৰ বটলত ন্যূনতম ৩৩ টকা দাম বৃদ্ধি হ’ব৷ সেইদৰে ৫ শতাংশৰ অধিক এলকহল থকা ৬৫০ এমএলৰ প্রতিটো বীয়েৰৰ বটলৰ নূ্যনতম ৪৩ টকা দাম বৃদ্ধি হ’ব৷ ৭৫০ এমএলৰ প্রতিটো বটলত ৩৫০ টকাৰ ভিতৰত উপলব্ধ জেনেৰেল ব্রেণ্ডৰ ৰামৰ দাম ন্যূনতম ১৩০ টকা বৃদ্ধি পাব৷ সেইদৰে ৭৫০ এমএলৰ ৰেগুলাৰ ব্রেণ্ডৰ বটলৰ ব্রেণ্ডী, হুইস্কী, জিন যাৰ দাম বর্তমান ৩৬০ টকাৰ ভিতৰত সেইবিধ সুৰাৰ মূল্য ন্যূনতম ১৫২ টকালৈ বৃদ্ধি হ’ব৷ ৭৫০ এমএলৰ লাকজাৰী ব্রেণ্ডৰ ব্রেণ্ডী, হুইক্সী, জিনৰ যিসমূহৰ দাম ৩৬০ টকাৰ পৰা ৫০০ টকা সেইবোৰ সুৰাৰ দাম প্রত্যেক বটলৰ নূ্যনতম ১৭৫ টকাকৈ বৃদ্ধি পাব৷ একেদৰে লাকজাৰী ব্রেণ্ডৰ ৭৫০ এমএলৰ যিবোৰ ৰামৰ দাম বর্তমান ৩৫০ টকাৰ পৰা ৫০০ টকা সেইবোৰ বটলৰ দামো নূ্যনতম ১৭৫ টকাকৈ বৃদ্ধি হ’ব৷ ইলেজেণ্ট ব্রেণ্ডৰ ৭৫০ এমএলৰ বটলৰ ৰাম, ব্রেণ্ডী, হুইক্সী, জিন আদি সুৰাৰ যিসমূহৰ দাম বর্তমান ৫০০ টকাৰ পৰা ৭০০ টকা সেইসমূহ সুৰাৰ দামো প্রতিটো বটলত ন্যূনতম ২২৫ টকালৈ বৃদ্ধি হ’ব৷ প্রিমিয়াম ব্রেণ্ডৰ ৰাম, ব্রেণ্ডী, হুইক্সী, জিন যিবোৰ ৭৫০ এমএলৰ বটলৰ দাম বর্তমান ৭০০ টকাৰ পৰা ১,১০০ টকাৰ ভিতৰত সেইসমূহ সুৰাৰ ক্ষেত্রতো প্রতিটো বটলত নূ্যনতম ৩১২ টকাকৈ বৃদ্ধি হ’ব৷ ১,১০০ টকাতকৈ অধিক দামৰ ৭৫০ এমএলৰ ক্লাছিক প্রিমিয়ামৰ ব্রেণ্ডৰ ৰাম, ব্রেণ্ডী, হুইক্সী, জিন আদি সুৰাৰ দামো প্রতিটো বটলত নূ্যনতম ৫৩০ টকালৈ বৃদ্ধি পাব৷ ২৮.৫৩ শতাংশ এলকহল থকা ছীপ ব্রেণ্ডৰ ৰাম, হুইক্সী, ব্রেণ্ডী, জিন আদি সুৰাৰ দাম প্রতিটো ৭৫০ এমএলৰ বটলৰ ন্যূনতম ৩০ টকাকৈ বৃদ্ধি পাব৷ ৱাইনৰ ক্ষেত্রতো ৭৫০ এমএলৰ প্রতিটো বটলত ন্যূনতম ৪৩ টকাকৈ বৃদ্ধি পাব৷

You might also like