নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিত প্ৰদীপ হাজৰিকাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ আজি যোৰহাট জিলা সদৰত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে মনোনয়নপত্ৰ দাখিল কৰাৰ সময়ত সংগ দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাহিৰে বাহিৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ অগপৰ এখন কৰ্মীসভাত অংশগ্ৰহণ কৰে। বিধায়ক প্ৰদীপ হাজৰিকাই দলীয় সতীৰ্থৰ লগতে মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী পীয়ূষ হাজৰীকা, সাংসদ পদ্মলোচন দাসসহ উপস্থিত হৈ সম্প্ৰতি বিজেপিৰ কেন্দ্ৰীয় চৰকাৰখনক গতিশীল নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ বিজেপিত বন্ধু দল অগপক ভোটদান কৰিবলৈ আহ্বান জনায়। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদীপ হাজৰিকাৰ নেতৃত্বক প্ৰশংসাৰে ওপচাই পেলাই বৰ্তমান ৰাজ্যখনত ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকাৰ বাবে উন্নয়নৰ গতি খৰতকীয়া হোৱা বুলি উল্লেখ কৰে। ইফালে আজি পূৰ্বৰ কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ লগত সৌজন্যতামূলক সাক্ষাৎ হোৱাৰ উপৰি বিজেপিত যোগদানে এক ইতিবাচক দিশ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়ী কৰাব বুলি উল্লেখ কৰে।

প্ৰেৰক গোকুল বৰা

You might also like