নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ জনতা কলেজত প্ৰাইড মাহ সম্পৰ্কীয় আলোচনা-চক্ৰ

নিয়মীয়া বাৰ্তা, ৩০ জুন : কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ছেৰফাংগুৰিস্থিত জনতা কলেজত কালি এস্কটেনসন এক্টিভিটি ছেল আৰু মহাবিদ্যালয়খনৰ আইকিউএচি সমন্বিতে প্ৰাইড ডে আৰু কুইয়াৰ সম্পৰ্কীয় এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ বৰ্ণালী শিকদাৰে আঁত ধৰা আলোচনা চক্ৰখনত প্ৰাইড ডেৰ সম্পৰ্কে ব্যাখ্যা বিশদ ব্যাখ্যা আগবঢ়ায় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা মহাবিদ্যালয়খনৰ আইকিউএচি সমন্বয়ক ডঃ নয়নজ্যোতি দাসে প্ৰাইড ডেৰ তাৎপৰ্য বিশদভাবে ব্যাখ্যা আগবঢ়ায় । ডঃ দাসৰ বক্তব্য কয় যে সমাজত বসবাস কৰা এল জি বি টি অৰ্থাৎ লেজবিয়ান, গে, বাইছেক্সুৱে, ট্ৰেনচজেন্ডাৰৰ অন্তৰ্গত লোকসকলে আমি বসবাস কৰা একেখন সমাজৰে অংগ হোৱা বাবে এইসকলৰ প্ৰতি সন্মান  আৰু শ্ৰদ্ধাৰ মনোভাৱে দৃষ্টি দিবলৈ সকলোকে আহ্বান জনায় । এই অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে জনতা কলেজৰ বড়ো বিভাগৰ মূৰব্বী অধ্যাপক ডঃ আদাৰাম বসুমাতাৰীয়ে নিজৰ কথন শৈলীৰে অনুষ্ঠানটোৰ আলোচ্য বিষয় বস্তুৰ বিশদভাৱে আলোকপাত কৰে। লগতে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ জেষ্ঠ্য অধ্যাপিকা ডঃ লীলা শৰ্মাই সমাজত থকা এইসকলে যাতে সন্মানসহকাৰে জীয়াই থাকিব পাৰে তাৰে প্ৰতি সকলোৱে দৃষ্টি দিয়াৰ বাবে আহ্বান জনায় । পিছত ইংৰাজী বিভাগৰ অধ্যাপিকা ডঃ বৰ্ণালী শিকদাৰে এই সম্প্ৰদায়ৰ ব্যক্তিসকলৰ ন্যায়ৰ দৃষ্টিৰে চাবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায় । শেষত এল জি বি টি সম্পৰ্কীয় মনোগ্ৰাহী তথ্য চিত্ৰ প্ৰদৰ্শিত কৰা হয়। এই অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে বুজন পৰিমাণৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like