নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া মহাবিদ্যালয়লৈ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ অনুদান

নিয়মীয়া বাৰ্তা, ৩০ জুন: উত্তৰ কামৰূপৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়লৈ ৰাজ্যিক উদ্ভাবন আৰু ৰূপান্তৰ আয়োগে (চিটা) ৩০ লাখ টকাৰ অনুদান আগবঢ়ায় । ইয়াৰে প্ৰথম পৰ্যায়ত আজি ‘চিটা’ই চেক যোগে মহাবিদ্যালয়ৰ অধক্ষ্যৰ হাতত ৭ লাখ ৪৬ হজাৰ ৮০০ টকা অৰ্পন কৰে । শাক-বন জাতীয় ঔষধি গছ ৰোপণ আৰু বিপন্ন দুস্প্ৰাপ্য উদ্ভিদ সংৰক্ষণৰ বাবে এই ধন ৰাশি আগবঢ়ায় । আনুষ্ঠানিকভাৱে উক্ত ধন ৰাশি আগবঢ়োৱা ৰাজ্যিক ‘চিটা’ৰ উপাধক্ষ্য ৰমেন ডেকাই কয় যে ‘চিটা’ই আগবঢ়োৱা এই ধন ৰাশিৰে ৰঙিয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগে হাৰবেল মেডিচিন প্ৰকল্প গঢ়ি তুলিব । লগতে এই পাইলট প্ৰকল্পটো চিটাই তিনি বছৰৰ কাৰণে চোৱা- চিটা কৰিব । পিছত অসম চৰকাৰে দায়িত্ব লব । যদি এইটো প্ৰকল্পটো সফল হয় তেনেহলে বায়ু প্ৰদূষণ আৰু ব্যৱসায়ৰ দিশটো ভাল হব বুলি জানিব দিয়ে উপাধক্ষ্য ডেকাই । আজিৰ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভবেন্দ্ৰ নাথ ডেকা সহ অধ্যাপক -অধ্যাপিকা বহু কেইগৰাকী ছাত্র-ছাত্ৰী উপস্থিত থাকে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like