অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসমৰ ১২৬খন আসনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে। শাসকীয় দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছকে ধৰি প্ৰতিটো দলেই ভোটাৰক আকৰ্ষণ কৰিবলৈ দিনে-নিশাই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ অসমৰ বিহালী বিধানসভা সমষ্টিত উপস্থিত হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।
প্ৰাপ্ত তথ্য অনুসৰি, দিনৰ ১২ বজাত বিহালী সমষ্টিৰ কুলাগুৰি খেলপথাৰত এই নিৰ্বাচনী সভাখন অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মূলতঃ বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ লগতে বিশ্বনাথ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু গহপুৰ সমষ্টিৰ প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু মিত্ৰজোঁটৰ সপক্ষে ৰাইজৰ পৰা ভোট বিচাৰিব।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভাক লৈ সমগ্ৰ উত্তৰ অসমৰ ভোটাৰ ৰাইজৰ মাজত ব্যাপক উচাহ দেখা গৈছে৷ ইতিমধ্যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ সভা সুকলমে অনুষ্ঠিত কৰাৰ হেতু চৰকাৰ- প্ৰশাসনৰ তৰফৰ পৰা নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে।
আনহাতে, প্ৰায় ৫ লাখ জনসাধাৰণে একেলগে অংশগ্ৰহণ কৰিব পৰাকৈ কুলাগুৰি খেলপথাৰত এক বৃহৎ মঞ্চ আৰু সভাগৃহ নিৰ্মাণ কৰা হৈছে। এই বিশাল জনসভাখন সফল কৰি তোলাৰ উদ্দেশ্যে বিশ্বনাথ জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে দিন-ৰাতি একাকাৰ কৰি প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ উত্তৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীৰ এই সভাই বিশেষ তাৎপৰ্য বহন কৰিছে।
নিয়মীয়া বাৰ্তা, বৰগাং, ৩১ মাৰ্চ