নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা দুই সপ্তাহৰ কাৰণে ভাৰত সীমান্ত বন্ধ বাংলাদেশৰ

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ ভাৰতত দ্রুতগতিত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ভাৰত সীমান্ত বন্ধ কৰি দিলে বাংলাদেশ চৰকাৰে৷ দুসপ্তাহৰ কাৰণে ভাৰতৰ পৰা বাংলাদেশলৈ প্রৱেশত নিষেধাজ্ঞা জাৰি কৰিলে হাছিনা চৰকাৰে৷ এই নিষেধাজ্ঞা জাৰি কৰি বাংলাদেশৰ গৃহমন্ত্রী আছাদুজ্জামান খান কামালে কয় যে এই দুসপ্তাহত ভাৰতৰ পৰা বাংলাদেশত কোনো লোক প্রৱেশ কৰিব নোৱাৰিব৷ বাংলাদেশৰ সৈতে সীমান্তত আছে ভাৰতৰ ৰাজ্য অসম, পশ্চিমবংগ, ত্রিপুৰা আৰু মেঘালয়৷ নিষেধাজ্ঞা সন্দর্ভত গৃহমন্ত্রীগৰাকীয়ে কয় যে ২৬ এপ্রিলৰ পৰা দুসপ্তাহ পর্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব৷ মন্ত্রী পৰিষদৰ বৈঠকৰ সিদ্ধান্ত অনুযায়ী বাংলাদেশৰ সৈতে ভাৰতৰ সীমান্ত বন্ধ ৰখা হৈছে৷ এই নিষেধাজ্ঞা আঁতৰ কৰাৰ পিছত ভাৰতৰ পৰা যিসকল লোক বাংলাদেশত প্রৱেশ কৰিব সেইসকল লোক সীমান্তত ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিব লাগিব৷ ভাৰতৰ সীমান্তৰে জনতাৰ চলাচল বন্ধ থাকিলেও এই সীমান্তৰে সামগ্রী আমদানি–ৰপ্তানি বাহাল থাকিব বুলি কয় গৃহমন্ত্রী গৰাকীয়ে৷ উল্লেখ্য যে আজি ভাৰতৰ সৈতে স্থলপথ বন্ধ হোৱাৰ পূর্বে ভাৰত–বাংলাদেশৰ আকাশীপথো বন্ধ হৈ আছে৷

You might also like