নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বান পৰিস্থিতি অধ্যয়ন

বিশেষ বাৰ্তা, ২৫মেঃ অসমত শেহতীয়াকৈ অহা এক প্ৰচণ্ড বানে প্ৰধানকৈ চাৰিখন জিলা যেনে নগাঁও, হোজাই, কাছাৰ আৰু ডিমা-হাচাও জিলা কেইখনত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। হঠাতে অহা এই বৃহৎ বানৰ ফলত হাজাৰ হাজাৰ মানুহ ঘৰ-বাৰী এৰি বিদ্যালয়, নামঘৰ তথা ঘাইপথৰ কাষত অস্থায়ীভাবে নিৰ্মিত গৃহত আশ্ৰয় লবলগীয়া হৈছে। সাম্প্ৰতিক এই বানপীড়িত জিলাসমূহৰ ভিতৰত নগাঁও আৰু হোজাই জিলাও অন্যতম। ইয়াৰ গুৰুত্ব অনুধাৱন কৰি নগাঁও আৰু হোজাই জিলাৰ বানাক্ৰন্তৰ অভাৱ অভিযোগ আৰু ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অসম ৰাজ্যিক শিশু ৰ্কঅধিকাৰ সুৰক্ষা আয়োগৰ সদস্যা ৰূপা হাজৰিকা , আয়োগৰ পৰামৰ্শদাতা ক্ৰমে নন্দিনী দাস আৰু খগেন কলিতাৰে গঠিত এটি দলে জিলা দুখনৰ বান সাহায্য শিবিৰ তথা ঘাইপথৰ কাষত অস্থায়ীভাবে নিৰ্মিত আশ্ৰয় গৃহ সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকসকলৰ লগত মত-বিনিময় কৰি জিলা দুখনৰ সংশ্লিষ্ট বিভাগক এই শিবিৰসমূহত থকা ব্যক্তি বিশেষকৈ শিশু আৰু মহিলাৰ নিৰাপত্তা, স্বাস্থ্য, অনাময়ৰ সঠিক ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে এই অঞ্চলবোৰত মানুহৰ অসহায় অৱস্থাৰ সুযোগ গ্ৰহণ কৰি যাতে কোনো লোকে শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিব নোৱাৰে তাক সুনিশ্চিত কৰিবলৈ জিলা দুখনৰ আৰক্ষী বিভাগক আয়োগৰ সদস্যা ৰূপা হাজৰিকাই নিৰ্দেশনা প্ৰদান কৰে। আনহাতে তেখেতে অংগনবাদী আৰু আশা কৰ্মীক সাহায্য শিবিৰত থকা স্তন্যপান কৰাই থকা মাতৃ আৰু শিশুসকলৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ আৰু তেওঁলোকৰ প্ৰতি অধিক যত্নপৰ হ’বলৈ নিৰ্দেশ দিয়ে।

প্ৰেৰক কনক হাজৰিকা

You might also like