নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ নেতৃত্বত আৰক্ষী গৃহৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ

বার্তা বুৰো, ২৫ মেঃ কেৱল অপৰাধ আৰু অপৰাধীৰ পিছে পিছে দৌৰি ফুৰা অসম আৰক্ষীৰ প্ৰতিজন বিষয়া যোৱান তথা গৃহৰক্ষী বাবে নতুন চিন্তাৰ উন্মেষ ঘটাই মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে মৰিগাঁও আৰক্ষীৰ কেইবাজনো জুৱান আৰু গৃহৰক্ষীৰ সহযোগত আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ। সাধাৰণতে দিনটোৰ ২৪ ঘণ্টাই কৰ্তব্য ত নিয়োজিত হৈ থকা আৰক্ষীৰ বাবে সতেজ পাচলি গ্ৰহণ কৰাটো প্ৰয়োজন। নিৰ্ভেজাল খাদ্যৰ জৰিয়তে এক সু স্বাস্থ্য লাভ কৰিব পাৰি যিটো আৰক্ষীৰ বাবে অতি প্ৰয়োজনীয়। সেয়ে আৰক্ষীৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে মৰিগাওঁ আৰক্ষীৰ নামত মৰিগাঁৱৰ ঔজাৰিত থকা ২০ বিঘা মাটিত শাক পাচলি, মাটি মাহ মগুমাহ, মাকৈ, ভেন্দি, কেৰালা, জলকীয়া, কোমোৰা আদি বিভিন্ন খেতি আৰু বড়িবজাৰ পহৰা চকীৰ অন্তৰ্গত প্ৰায় ১০ বিঘা মাটিত আৰম্ভ কৰিছে উন্নত মানৰ বৰোধানৰ খেতি। সতেজ আৰু সেউজ শাক পাচলিৰ খেতিৰ জৰিয়তে এইদৰে মৰিগাঁও আৰক্ষীয়ে সূচনা কৰিছে এক কৃষি বিপ্লবৰ। এই সুন্দৰ পৰিবেশত আৰম্ভ কৰা খেতিৰ খৱৰ ৰাখে স্বয়ং মৰিগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে। কৰ্তব্যৰ মাজতে আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজন, অতিৰিক্ত অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা এই পাচলি বাগানত উপস্থিত হৈ সকলোৰে মনোবল বৃদ্ধি কৰে। আজৰি সময়ৰ উৎকৃষ্ট ব্যৱহাৰ কৰি এইদৰে আৰক্ষীয়ে দেখুৱাইছে এক নতুন কৰ্ম সংস্কৃতি। যি সময়ত আৰক্ষীয়ে ড্ৰাগচৰ বিৰুদ্ধে অভিযান চলাই আহিছে, ৰাজ্যত বৃদ্ধি পোৱা অপৰাধ জনিত ঘটনাৰ পিছে পিছে দৌৰি ফুৰিছে, নিজৰ জীবনৰ মাজত থকা ভিন্ন সমস্যাৰ মাজতো বহু কষ্টৰে মৰিগাঁও আৰক্ষীয়ে আৰম্ভ কৰা এই কৃষি কৰ্মৰ বাবে এতিয়া অসম আৰক্ষীৰ বাবে আদৰ্শ হৈছে মৰিগাঁও আৰক্ষী।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like