বিশেষ বাৰ্তা, সোণাৰি, ৩১ মাৰ্চঃ চৰাইদেউ জিলা কংগ্ৰেছ আৰু সোণাৰি সমষ্টি কংগ্ৰেছৰ উদ্যোগত পেট্ৰল, ডিজেলৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি সোণাৰিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক উৎপল গগৈৰ নেতৃত্বত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি পৱিত্ৰ শইকীয়া, সম্পাদক অনুজ বৰকটকী, বুলুমণি বৰঠাকুৰকে ধৰি জিলা কংগ্ৰেছৰ অধীনস্থ বিভিন্ন মণ্ডল, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ সহযোগিতাত চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত চিলিণ্ডাৰ, বাইক, চৌকা খান্দি চৰু বহুৱাই মূল্যবৃদ্ধিৰ প্ৰতিবাদত এক অভিনৱ প্ৰতিবাদী কাৰ্যসৃচী ৰূপায়ন কৰে।
Next Post
You might also like