নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিকনিক খাবলৈহে আহে অসমলৈ ৰাহুল গান্ধীয়ে

চিলাপথাৰ–মাজুলী–ওদালগুৰিত অমিত শ্বাহ

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ আধুনিক কালাপাহাৰ আজমলক কোলাত বহুৱাই নির্বাচন জিকাৰ সপোন দেখিছে কংগ্রেছে৷ আজি পুনৰ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বিৰুদ্ধে তীক্ষ্ণ কটাক্ষৰে সৰৱ হৈ পৰিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ জোনাই সমষ্টিৰ বিজেপিৰ প্রার্থী ভুবন পেগুৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আজি চিলাপথাৰত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ মন্তব্য– শাসনলৈ যেতিয়া কংগ্রেছ আহে, তেতিয়া অসমলৈ আহে অশান্তি, বিজেপি শাসনলৈ আহিলে বিকাশ আহে৷ আজিৰ পৰা ৫ বছৰ পূর্বে অসমত ১৫ বছৰ কংগ্রেছৰ চৰকাৰ আছিল৷ সেই সময়ত ৰাজ্যখনত চলিছিল আন্দোলন, মানুহ মৰিছিল, দিনে দিনে বৃদ্ধি পাইছিল সন্ত্রাস৷ অশান্ত হৈ পৰা অসমত তেতিয়া আতংকবাদীৰ নগ্ণ নৃত্য চলিছিল৷ বিকাশ, উন্নয়নৰ কোনো নাম–নিচান নাছিল৷ সেই সময়ত বিজেপিৰ নেতৃত্বই আপোনালোকৰ ওচৰলৈ আহি কৈছিল– আমাক পাঁচ বছৰৰ দায়িত্ব দিয়ক, বিকাশ–উন্নয়ন আমি আনি দিম৷ যোৱা পাঁচ বছৰত অসমত আন্দোলন হৈছেনে? অসমত কোনোবা গুলীত নিহত হৈছেনে? আতংকবাদ হৈছেনে? এয়াই স্পষ্ট কৰে, কংগ্রেছ আহিলে অশান্তি আহে আৰু বিজেপি আহিলে বিকাশ আহে৷ বিগত ১৫ বছৰত কংগ্রেছে শাসনৰ দায়িত্বত আছিল৷ কিন্তু তেওঁলোকে ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্রদান নকৰিলে৷ এই সন্মান বিজেপিয়ে প্রদান কৰিলে সুধাকণ্ঠক৷ আজি অসম তথা উত্তৰ–পূবলৈ হাজাৰ হাজাৰ কোটি টকা উন্নয়নৰ পুঁজি মোকলাই দিছে নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে৷

ব্রহ্মপুত্রৰ ওপৰত ৬খনকৈ দলং, তৈলক্ষেত্র বিকাশৰ বাবে ৮৬ হাজাৰ কোটি টকা, যোৰহাটত নেচনেল ইনষ্টিটিউট অৱ ডিজাইন, টিহুত ফুডপার্ক, যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পার্কৰ লগতে শেহতীয়াকৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এক লাখতকৈ অধিক লোকক মাটিৰ পট্টা প্রদান কৰিলে৷ সেয়াই নহয়, ধেমাজিত অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন কৰি জিলাখনৰ মেধাৱী ছাত্র–ছাত্রীৰ বাবে বিশেষ সুবিধা আনি দিলে এই চৰকাৰখনে৷ এই চৰকাৰখনৰ কার্যকালতে ধেমাজিত ২৪ হাজাৰ দুখীয়া লোকে প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ লাভ কৰাৰ লগতে ৩৯ হাজাৰ মাতৃক উজ্জ্বলা যোজনাৰ জৰিয়তে গেছৰ চিলিণ্ডাৰ, ৪০ হাজাৰ লোকৰ ঘৰত বিজুলী যোগান সম্ভৱ হ’ল৷

আনহাতে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমক আন্দোলনমুক্ত, সন্ত্রাসমুক্ত কৰাৰ লগতে সকলো জনজাতিক লৈ উন্নয়নৰ দিশত আগবাঢ়ি যাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ কংগ্রেছক সমালোচনা কৰি তেওঁ কয়–বিজেপি চৰকাৰে সকলো জাতি–জনগোষ্ঠীৰ সংস্কৃতি–সাহিত্য সুৰক্ষাৰ বাবে কাম কৰি আছে, কিন্তু কংগ্রেছে বিগত ১৫ বছৰত অসমৰ ৰাইজৰ বাবে কি কৰিলে? অসমীয়া পৰম্পৰা, ঐতিহ্য, কৃষ্টিক ধ্বংস কৰাৰ লক্ষ্যৰে কংগ্রেছে এতিয়া বদৰুদ্দিন আজমলৰ সৈতে মিত্রতা স্থাপন কৰিছে৷ এই মিত্রতাক কোনো স্বাভিমানী অসমীয়াই গ্রহণ নকৰে৷ আনহাতে, ৰাহুল গান্ধীক সমালোচনা কৰি কয়– ৰাহুল গান্ধীৰ অসম ভ্রমণ পিকনিকৰ বাদে আন একো নহয়৷ বিগত কংগ্রেছৰ কার্যকালত অসমৰ সমস্যা ৰাহুল গান্ধীৰ চকুত পৰা নাছিল৷

মিচিং জাতিৰ বিকাশৰ বাবে এখন নতুন পৰিষদ গঠনৰ কথা উল্লেখ কৰি আজি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– সকলো জনজাতীয় লোকৰ উন্নয়নৰ দিশত বিজেপি চৰকাৰে কাম কৰি আহিছে, আগলৈও কাম কৰি যাব৷ ইয়াৰ বিপৰীতে কংগ্রেছে জাতি–জনগোষ্ঠীৰ মাজত অসমীয়া–বাঙালীৰ মাজত কন্দল সৃষ্টি কৰিছিল৷ আমি বড়োভূমিত দীর্ঘদিনীয়া সমস্যা সমাধান কৰি সন্ত্রাসবাদ নাইকিয়া কৰিলোঁ৷ দুহেজাৰৰো অধিক উগ্রপন্থীয়ে শান্তিৰ পথ ল’লে৷ এইবোৰ সম্ভৱ হৈছে বিজেপি চৰকাৰৰ কার্যকালত৷ ৰাজ্যৰ বান সমস্যাৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয়– অসমৰ বান সমস্যা সমাধান কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ তত্ত্বাৱধানত ইতিমধ্যে জৰীপৰ কাম আৰম্ভ হৈছে৷ পুনৰ চৰকাৰ গঠন হ’লে অহা পাঁচ বছৰত অসমৰ বান সমস্যা সমাধান কৰিব পৰা যাব৷ ক’ৰোনাকালত অসম চৰকাৰ তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা বিশেষ পদক্ষেপৰ বাবে আজি অমিত শ্বাহে মন্ত্রী ড০ শর্মাৰো শলাগ লয়৷ ইয়াৰ পূর্বে দুপৰীয়া ১১.৩৫ বজাত চিলাপথাৰ ৰেছিডেনচিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সভাস্থলীত হেলিকপ্ঢাৰেৰে উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মণিপুৰৰ বিধায়ক ৰামেশ্বৰ সিং, সাংসদ প্রদান বৰুৱা, ধেমাজি জিলাৰ বিজেপিৰ সভাপতি প্রেম দত্ত, বিধায়ক ভুবন পেগু, অগপৰ নেতা হৰেন কছাৰীকে কৰি কেইবাজনো নেতাই৷
‘আজমলক লৈ কংগ্রেছৰ অসম বচাওক শ্লোগান ৰাইজে কেতিয়াও গ্রহণ নকৰে’
অবৈধ বিদেশীৰ আগ্রাসনৰ বাবে আজি ভূমিপুত্রসকলে নিজৰ অস্তিত্বৰ সন্মুখীন হোৱাই নহয়, হেৰুৱাবলগীয়া হৈছে ভূমি৷ সেয়ে আজমলৰ সৈতে আজি মিত্রতাত আবদ্ধ হৈছে কংগ্রেছ৷ বিৰোধীক সমালোচনা কৰি আজি মাজুলীত সৰৱ হৈ পৰিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ কেন্দ্রীয় মন্ত্রীগৰাকীৰ স্পষ্ট মন্তব্য– আজমলক লৈ অসম বচাওক শ্লোগান অসমীয়া ৰাইজে কেতিয়াও গ্রহণ নকৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হৈ আজি প্রচাৰ অভিযান চলাবলৈ মাজুলীত উপস্থিত হোৱা অমিত শ্বাহে নদীদ্বীপটোৰ পৰা দবা বজাই কয়– শংকৰদেৱ কেৱল মাজুলী অথবা অসমৰ গৌৰৱ নহয়, তেওঁৰ অৱদান সমগ্র দেশবাসীৰ বাবেই স্মৰণীয়৷
‘আজমলৰ সৈতে মিত্রতা কৰা কংগ্রেছ আৰু হাগ্রামাই অনুপ্রৱেশ ৰোধ কৰিব নোৱাৰে’
অনুপ্রৱেশ ৰোধ কৰি অসমীয়া জাতিক একমাত্র বিজেপিয়ে সুৰক্ষিত কৰিব পাৰিব৷ আজমলৰ সৈতে মিত্রতা কৰা কংগ্রেছ আৰু হাগ্রামা মহিলাৰীয়ে অনুপ্রৱেশ ৰোধ কৰিব নোৱাৰে৷ –এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ আজি ওদালগুৰিৰ নলবাৰী খেলপথাৰত ইউপিপিএলৰ প্রার্থী গোবিন্দ বসুমতাৰীৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ উপস্থিত হোৱা অমিত শ্বাহৰ প্রশ্ণ– য’ত বদৰুদ্দিন আজমল আছে, কেনেকৈ অনুপ্রৱেশ ৰোধ কৰিব পাৰিব? অসমত অনুপ্রৱেশৰ সমস্যাৰ যদি স্থায়ী সমাধান কৰিব লাগে, সেয়া বিজেপিৰ বাহিৰে আন কোনেও নোৱাৰে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক তীব্র ভাষাৰে সমালোচনা কৰি অমিত শ্বাহে কয়– আজমলৰ সৈতে ইলো ইলো কৰা কংগ্রেছ আৰু হাগ্রামাই কেতিয়াও অসমৰ ভালৰ বাবে কাম কৰিব নোৱাৰে৷ ইফালে, বড়ো শান্তি চুক্তিৰ প্রসংগ উত্থাপন কৰি অমিত শ্বাহে কয় যে তৃতীয় শান্তি চুক্তি সম্পন্ন হোৱাৰ পাছত প্রমোদ বড়োৰ নেতৃত্বত বড়োলেণ্ডৰ সকলো সমস্যা দ্রুতগতিত সমাধান হ’বলৈ আৰম্ভ হৈছে৷ তৃতীয় বড়ো চুক্তিৰ সকলো দফা এটা এটাকৈ কার্যকৰী কৰি সমগ্র বড়োভূমি জাকত জিলিকা কৰি তোলা হ’ব৷ আজিৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত থাকে৷
অমিত শ্বাহৰ হেলিকপ্টাৰ বিকল
আজি ওদালগুৰিত ইউপিপিএলৰ প্রার্থীৰে নির্বাচনী প্রচাৰ চলাবলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ হেলিকপ্ঢাৰ বিকল হৈ পৰে৷ আবেলি ৩.৩৫ বজাত ওদালগুৰি ষ্টেডিয়ামত নির্মাণ কৰা অস্থায়ী হেলিপেডত কেন্দ্রীয় গৃহমন্ত্রীগৰাকী হেলিকপ্ঢাৰেৰে অৱতৰণ কৰি এক নির্বাচনী সভাত অংশগ্রহণ কৰাৰ পাছত ৪.১২ বজাত ভাষণ সামৰি হেলিকপ্ঢাৰযোগে উভতিব খোজাৰ সময়তে হেলিকপ্ঢাৰখনৰ কাৰিকৰী বিসংগতি দেখা দিয়াত কিছুসময় নির্বাচনী সভাৰ অস্থায়ী প্রেক্ষাগৃহতে অতিবাহিত কৰে৷ কিন্তু উৰণৰ বাবে হেলিকপ্ঢাৰখনৰ যান্ত্রিক বিজুতি ঠিক কৰিবলৈ সক্ষম নোহোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৰাজপথেৰে ওদালগুৰিৰ পৰা গুৱাহাটীলৈ উভতিআহে৷

You might also like