নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ প্রতিশ্রুতিৰ বন্যা

নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জনতা জনার্দনৰ ওচৰ চাপিছে ৰাজনৈতিক দলসমূহৰ নেতা–কর্মীসকল৷ ইয়াৰ লগে লগে দিছপুৰৰ ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰাৰ লক্ষ্যৰে নেতাসকলৰ মুখত বৰষিছে জনকল্যাণৰ প্রতিশ্রুতিৰ বন্যা৷ প্রথম পর্যায়ৰ নির্বাচনলৈ মাজত মাথোঁ দুদিন বাকী৷ ৰাজ্যখনৰ চৌদিশে এতিয়া নির্বাচনমুখৰ পৰিৱেশ৷ শাসকীয় বিজেপি নেতৃত্বাধীন মিত্রজোঁটে যিদৰে দিছপুৰৰ ক্ষমতা সুৰক্ষিত কৰিবলৈ নির্বাচনী যুঁজত নামিছে একেদৰে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটকে ধৰি বিৰোধী দলসমূহেও ক্ষমতা দখলৰ অংকত মৰণপণ যুঁজত নামিছে৷ অহা ২৭ মার্চত অনুষ্ঠিত হ’বলগীয়া প্রথম পর্যায়ৰ ভোটগ্রহণৰ পূর্বে শনিবাৰে কংগ্রেছে নির্বাচনী ইস্তাহাৰ মুকলি কৰিছে৷ কংগ্রেছে এইবাৰ নির্বাচনী ইস্তাহাৰত অসংখ্য প্রতিশ্রুতি দিছে অসমবাসীক৷ ইয়াৰ ভিতৰত ‘কা’ অসমত বলৱৎ হ’বলৈ নিদিয়া, ৫ বছৰত ৫ লাখ নিবনুৱাক চৰকাৰী চাকৰিৰ লগতে ২৫ লাখ নিবনুৱাক বেচৰকাৰী খণ্ডত সংস্থাপনৰ প্রতিশ্রুতি দিছে কংগ্রেছ দলে৷ কংগ্রেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে উন্মোচন কৰা নির্বাচনী ইস্তাহাৰত দিয়া প্রতিশ্রুতি অনুসৰি কংগ্রেছ দল ক্ষমতালৈ আহিলে প্রতিটো পৰিয়ালক মাহিলি ২০০ ইউনিট বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ প্রতিশ্রুতি দিয়া হৈছে৷ চাহ শ্রমিকৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা, বন্ধ হৈ থকা জাগীৰোড আৰু পাঁচগ্রামৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্রতিশ্রুতি দিছে কংগ্রেছে৷ অসম আন্দোলন, ভাষা আন্দোলন আৰু ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদ পৰিয়ালক পেন্সন দিয়াৰ প্রতিশ্রুতি দিয়া হৈছে৷ তাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ–ৰাজবংশীৰ জনজাতিকৰণৰ সমস্যাও শীঘ্রে সমাধান কৰাৰ প্রতিশ্রুতি দিয়া হৈছে৷ কংগ্রেছৰ নির্বাচনী ইস্তাহাৰত আৰু বহুত প্রতিশ্রুতি দিয়া হৈছে৷ নির্বাচনী ইস্তাহাৰত প্রতিশ্রুতিৰ বন্যা নতুন কথা নহয়৷ কিন্তু কংগ্রেছে এইবাৰ যিদৰে প্রতিশ্রুতিৰ বন্যা বোৱাইছে সেইসমূহ বাস্তৱত দলটোৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ’ব বুলি মনে নধৰে৷ ৰাজ্যখনৰ ৫ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্রদান কৰাৰ প্রতিশ্রুতি নিশ্চিতভাৱে এক শুভ বার্তা৷ কিন্তু ৫ লাখ নিবনুৱাৰ চৰকাৰী চাকৰি দিয়াৰ জোখাৰে ৰাজ্যৰ ৰাজকোষৰ ক্ষমতা আছেনে? ৫ বছৰ পূর্বে কংগ্রেছে একেৰাহে ১৫ বছৰ দিছপুৰৰ ক্ষমতাত আছিল৷ এই সময়ছোৱাত চৰকাৰখনে ১লাখ নিবনুৱাকো সংস্থাপন দিবলৈ সক্ষম নহ’ল৷ একেদৰে ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ কার্যকালতে উত্থাপন হৈছিল৷ বিগত ২৫ বছৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে বিশেষ অগ্রগতি লাভ কৰা নাই৷ ইয়াৰ বিপৰীতে প্রতিটো নির্বাচনতে জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজনীতি কৰি থকা হৈছে৷ জাগীৰোড আৰু পাঁচগাম কাগজ কল কংগ্রেছ চৰকাৰৰ কার্যকালতে বন্ধ হৈছিল যদিও পাঁচ বছৰ পূর্বে ১৫ বছৰ ধৰি ক্ষমতাত থকা চৰকাৰখনে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ্ ক্ষেত্রত কোনো ইতিবাচক পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷
দেশে স্বাধীনতা লাভ কৰাৰ পাছত সুদীর্ঘকাল কংগ্রেছে ভোটবেংক ৰূপে ব্যৱহাৰ কৰি আহিছিল চাহ জনগোষ্ঠীৰ লোকসকলক৷ কংগ্রেছৰ ক্ষমতা দখলৰ ৰাজনীতিত চাহ জনগোষ্ঠীৰ লোকসকলেও বছৰ বছৰ ধৰি সমর্থন দিছিল৷ চাহ জনগোষ্ঠীৰ শ্রমিকসকলৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ বাবে কংগ্রেছে প্রতিশ্রুতি দিছে অধিকাংশ সময় ক্ষমতাত থকা সত্ত্বেও এইক্ষেত্রত প্রধান বিৰোধী দলটোৰ ভূমিকা শ্রমিকসকলৰ সামূহিক কল্যাণৰ সপক্ষে থকা বুলি ক’ব নোৱাৰি৷ অসম চাহ মজদুৰ সংঘৰ জৰিয়তে বাগিচাই বাগিচাই ভোটৰ ৰাজনীতিত কংগ্রেছে সফল হ’লেও চাহ শ্রমিকসকলে প্রাপ্য সুবিধাৰ পৰা বঞ্চিত হৈছিল৷ ফলত বিগত ছয়–সাত বছৰৰ ভিতৰতে চাহ শ্রমিকৰ মাজত কংগ্রেছে খোপনি হেৰুৱাইছে৷ কংগ্রেছৰ চাহ শ্রমিকৰ ভোট বেংকত বিজেপিয়ে খুব কম সময়ৰ ভিতৰতে আঘাত হানিছে৷ চাহ শ্রমিকৰ মজুৰি ৫০ টকাকৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বৃদ্ধি কৰিছে যদিও বাগিচা মালিকপক্ষই ইয়াৰ প্রতিবাদ কৰিছে৷ আনকি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বাগিচাৰ মালিক পক্ষই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ এনে অৱস্থাত কংগ্রেছে চাহ শ্রমিকৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ বাবে যি প্রতিশ্রুতি দিছে সেয়া বাস্তৱত কিদৰে ৰূপায়ণ কৰিবলৈ সক্ষম হ’ব তাক লৈ সন্দেহ ঘনীভূত হৈছে৷ নির্বাচনী ইস্তাহাৰত দিয়া প্রতিশ্রুতিসমূহৰ একাংশ ইতিপূর্বে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মেলত ঘোষণা কৰিছিল৷ এই প্রতিশ্রুতিসমূহ ৰূপায়ণৰ ক্ষেত্রত মুখ্যমন্ত্রী হ’বলৈ উঠি–পৰি লগা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক যে তিলমানো সদিচ্ছা নাই সেয়া সংবাদ মেলৰ আৰম্ভণিতে স্পষ্ট হৈছে৷ নির্বাচনী ইস্তাহাৰত প্রতিশ্রুতিৰ বন্যাৰে যদি ক্ষমতা দখলৰ দুৱাৰ মুকলি হ’ব বুলি যদি কংগ্রেছে ভাবিছে সেয়া ভুল কৰিছে৷ নির্বাচনী ইস্তাহাৰৰ প্রতিশ্রুতিত অসমৰ ভোটদাতা কেতিয়াও ভোল নাযায়৷ ৰাজ্যখনৰ ভোটদাতা পূর্বৰ তুলনাত বহু পৰিমাণে সজাগ হৈছে৷

You might also like