নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটৰ বাবে চাহ শ্রমিকক মিছা কৈছে ৰাহুল গান্ধীয়ে

লাহোৱাল–শদিয়া–নাজি মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে  দেওবাৰে নাজিৰা সমষ্টিৰ বিজেপি প্রার্থী ময়ূৰ বৰগোহাঁইৰ বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰে৷ সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে বিজেপিয়ে যি কথা কয়, তাক নিষ্ঠাৰে পালন কৰে৷ বিজেপি মানে হৈছে বিকাশ, সমন্বয় আৰু বিশ্বাস৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সার্বজনীন নীতিৰ ফলত আজি অসমৰ বুকুত শান্তিপূর্ণ বাতাৱৰণ সৃষ্টি হৈছে৷ সকলোকে লগত লৈ সমাজ শক্তিশালী কৰাৰ বাবে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে পাঁচ বছৰে সফলতাৰে অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ স্বর্গদেউ চাওলুং চুকাফাই ত্রয়োদশ শতিকাতে সৰু–বৰ সকলো জাতি–জনগোষ্ঠীক লগত লৈ সমন্বয়ৰ যি আদর্শ প্রতিষ্ঠা কৰি গৈছে, তাৰ আধাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গ্রহণ কৰা পদক্ষেপৰ বাবে আজি অসমৰ বুকুত বিজেপি নেতৃত্বাধীন চৰকাৰখনে সকলোকে সন্মান প্রদর্শন কৰিবলৈ সক্ষম হৈছে৷ প্রতিটো জাতি–জনগোষ্ঠীৰ পৰম্পৰা আৰু লোক–সংস্কৃতিক সন্মান প্রদর্শন কৰাৰ লগতে মহান মনীষীসকলৰ নামেৰে বঁটা প্রদান কৰা হৈছে৷ ইয়াৰ ফলত প্রতিটো সম্প্রদায়ে মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে৷ প্রতিটো সম্প্রদায়ৰ স্বাভিমান সুৰক্ষিত হৈছে৷ বিজেপি চৰকাৰ থাকিলে অসমৰ বুকুত প্রতিটো জনগোষ্ঠী সুৰক্ষিত হৈ থাকিব বুলি তেওঁ কয়৷ সোণোৱালে কয় যে কংগ্রেছে ৬০ বছৰ ৰাজত্ব চলালে যদিও জনগোষ্ঠীসমূহৰ মাজত সদ্ভাৱনা আৰু আন্তৰিকতা গঢ় লৈ নুঠিল৷ কংগ্রেছে নিকৃষ্ট আৰু বিভাজন নীতিক বিশ্বাস কৰে৷ ধর্ম, ভাষা, গোষ্ঠীৰ নামত সংঘাত সৃষ্টি কৰি নিৰীহ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো হৈছে কংগ্রেছৰ নিকৃষ্ট বিভাজন নীতি৷ ইয়াৰ পৰিৱর্তে বিজেপিয়ে সকলো জনগোষ্ঠীক মান, সন্মান, স্বাভিমান ৰক্ষা কৰি সকলোকে সমমর্যাদা প্রদান কৰি প্রাপ্য অধিকাৰ ভোগ কৰাৰ সুবিধা প্রদান কৰিছে৷ তাৰ ফলত আজি অসমৰ সমাজ ব্যৱস্থাই প্রাণ পাই উঠিছে৷ এইখন অসমে কর্মোদ্যোগী হৈ ভাৰতৰ বুকুত আত্মনির্ভৰশীল হোৱাৰ বাবে সংকল্প গ্রহণ কৰিছে৷ কংগ্রেছে মিঠা কথা কয়৷

ৰাহুল গান্ধীয়ে মিছা কথা কয় বুলি উল্লেখ কৰি সোণোৱালে কয় যে ৬০ বছৰ কাল ক্ষমতাত থাকিও চাহ শ্রমিকৰ মনৰ বেদনা উপলব্ধি কৰিব নোৱাৰিলে৷ কংগ্রেছে চাহ শ্রমিকৰ পুত্র–কন্যাক উচ্চ শিক্ষাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে৷ চাহ শ্রমিকৰ গর্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্যৰ যোগান নধৰিলে৷ চাহ শ্রমিক ৰাইজৰ বাবে আন্তৰিকতা প্রদর্শন নকৰিলে৷ চাহ বাগিচাৰ লাইনে লাইনে পকী ৰাস্তা নির্মাণৰ বাবে পদক্ষেপ ল’ব নোৱাৰিলে৷ কিন্তু বিজেপি চৰকাৰৰ কার্যকালত গাঁও, চহৰ, চাহ বাগিচা এলেকাৰ জনসাধাৰণৰ বাবে আন্তৰিকতাৰে কাম কৰাৰ বাবে তাৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ সুফল জনসাধাৰণে কিদৰে লাভ কৰিছে, সেই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এয়া হৈছে ভাৰতীয় জনতা পার্টীৰ জনসাধাৰণৰ প্রতি থকা দায়বদ্ধতা৷ ভোটৰ লালসাত চাহ শ্রমিকক মিছা কৰা কৈ ৰাহুল গান্ধীয়ে ভুল কৰি পেলালে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বিজেপিৰ শাসনকালত ৮০ টকা মজুৰি বৃদ্ধি কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে কংগ্রেছে সদায়ে মিছা কথা কৈ অসমৰ ৰাইজক প্রতাৰণা কৰি আহিছে৷ তাৰ বাবে জনগণে কংগ্রেছ দলক শিক্ষা দিব লাগিব নির্র্বাচনৰ জৰিয়তে৷ নাজিৰা সমষ্টিৰ বর্তমানৰ বিধায়কগৰাকীয়ে বহু সুযোগ দিয়াৰ পাছতো কাম কৰিব নোৱাৰিলে৷ এইগৰাকী বিধায়ক সম্পূর্ণৰূপে বিফল৷ নাজিৰা সমষ্টি অসমৰ ভিতৰত সন্মানীয় এক সমষ্টি৷ এই সমষ্টিত অ’ এন জি চিৰ মুখ্য কার্যালয় আছে৷ এই সমষ্টিৰ বিধায়কগৰাকী কর্মোদ্যোগী হ’লে ঘৰে ঘৰে তাৰ সুফল লাভ কৰিব পাৰিব৷ নাজিৰা সমষ্টিৰ দীর্ঘদিনীয়া সমস্যাৰাজি সমাধানৰ বাবে বিজেপিৰ প্রার্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ মুখ্যমন্ত্রীয়ে ভোটাৰ ৰাইজক আহ্বান জনায়৷

বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ বুকুত সকলোকে নিৰাপত্তা দিয়াৰ বাবে কাম কৰি আহিছে আৰু ভৱিষ্যতেও দি যাব৷ কংগ্রেছে ষড়যন্ত্র ৰচনা কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অসমৰ সমাজখনক দুর্বল কৰাৰ বাবে কংগ্রেছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰিছে৷ এই দুয়োটা শক্তি অসমৰ বাবে মহাশত্রু৷ এই দুয়োটা শক্তিয়ে বাংলাদেশৰ পৰা অবৈধ বিদেশী অসমলৈ আনিলে৷ যাৰ বাবে অসম আন্দোলন হৈছিল৷ অসম আন্দোলনত কংগ্রেছ চৰকাৰে ৮৬০জন মানুহক নৃশংসভাৱে হত্যা কৰিছিল৷ এই হত্যাকাৰী কংগ্রেছ দলক আৰু অবৈধ বিদেশীৰ স্বার্থত মাত মতা এ আই ইউ ডি এফক অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বার্থত নির্বাচনৰ জৰিয়তে কঠোৰ শিক্ষা দিব লাগিব৷ ভাৰতীয় জনতা পার্টীয়ে অসমীয়া জাতিক সম্পূর্ণৰূপে সুৰক্ষিত কৰি ৰাখিব৷ খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে মাটিৰ পট্টা প্রদান কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ গুৰুজনাই প্রতিষ্ঠা কৰা নামঘৰ, সত্রৰ পৱিত্রতা ৰক্ষা কৰাৰ বাবে বিজেপি চৰকাৰে অসম দর্শনৰ জৰিয়তে আর্থিক সাহায্য প্রদান কৰিছে৷ ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে অসমীয়া ভাষাকে ধৰি প্রতিটো জনগোষ্ঠীয় ভাষাৰ বিকাশৰ বাবে ৰাজসাহায্য প্রদান কৰিছে৷ কংগ্রেছ ক্ষমতালৈ আহিলে বিভাজন নীতিৰ দ্বাৰা জাতিটোক দুর্বল কৰিব৷ খিলঞ্জীয়া লোক বিপদাপন্ন হ’ব৷ অস্তিত্বৰ সংকটত পৰিব৷ বিজেপি চৰকাৰে সকলো সময়তে অসমৰ স্বার্থত কাম কৰাৰ বাবে বদ্ধপৰিকৰ৷ আমি কেঁচা মাটিৰ পৱিত্রতা ৰক্ষা কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সেই কাম কেৱল বিজেপিয়েহে কৰিব পাৰিব৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে লাহোৱাল আৰু শদিয়া বিধানসভা সমষ্টিত অনুষ্ঠিত বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি বিজেপিৰ প্রার্থী দুগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷

You might also like