নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ ন্যায় যাত্রাত বাছত গুৱাহাটীলৈ আহিছিল ৰাহুল গান্ধীৰ বডী ডাবল

🔹 মুখ্যমন্ত্রী ড০ শর্মাৰ পুনৰ বিস্ফোৰণ
🔹 প্রধানমন্ত্রীৰ ভ্রমণসূচী সম্পূর্ণ হোৱাৰ পিছতে তথ্য দাঙি ধৰিব মুখ্যমন্ত্রীয়ে

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ফেব্রুৱাৰী : অসমত ন্যায় যাত্রালৈ অহা ৰাহুল গান্ধীয়ে বডী ডাবল ব্যৱহাৰ কৰিছিল৷ এই বিস্ফোৰক তথ্য তথা অভিযোগ পোহৰলৈ আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কংগ্রেছৰ ন্যায় যাত্রাৰ পিছতে মুখ্যমন্ত্রীয়ে ৰাজহুৱাভাৱে এই অভিযোগ তোলাৰ পিছত পুনৰ কালি এই অভিযোগ তুলি কয় যে ন্যায় যাত্রাৰ সময়ত বাছৰ পৰা ৰাইজক হাত জোকাৰিছিল ডুপ্লিকেট ৰাহুল গান্ধীয়ে৷ ইতিমধ্যে ৰাহুল গান্ধীৰ বডী ডাবলক চিনাক্ত কৰিছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কালি এখন সংবাদ মেলত এই অভিযোগ উল্লেখ কৰি কয় যে ন্যায় যাত্রাৰ সময়ত ৰাহুল গান্ধীৰ পৰিৱর্তে বডী ডাবলেহে ৰাইজক হাত জোকাৰি অভিবাদন জনাইছিল৷ উল্লেখ্য যে যোৱা ১৮ জানুৱাৰীত অসমত ন্যায় যাত্রা কৰা ৰাহুল গান্ধীয়ে তেওঁ অহা বাছখনত এজন বডী ডাবলক আনিছিল৷ অর্থাৎ ৰাহুল গান্ধীৰ ডুপ্লিকেট লোক এজনক অনা হৈছিল৷ বডী ডাবল ব্যৱহাৰ কৰাৰ নিশ্চিত তথ্য থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত বডী ডাবলৰ বিষয়টো উত্থাপন হোৱাৰ পিছতে ডুপ্লিকেট ৰাহুল গান্ধীয়ে নীৰৱে গুৱাহাটী বিমানবন্দৰৰ পৰা দিল্লীলৈ গুচি গৈছিল৷ এইজন বডী ডাবল ৰাহুল গান্ধী বংগ যাত্রাত নাছিল৷ মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে ৰাহুল গান্ধীৰ বডী ডাবল অর্থাৎ ডুপ্লিকেট ৰাহুল গান্ধীৰ বিষয়টো তথ্যসহকাৰে প্রধানমন্ত্রীৰ ভ্রমণসূচীৰ পিছতেই ৰাজহুৱা কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে কয়– ৰাহুল গান্ধীৰ ন্যায় যাত্রাক লৈ দুটা গোচৰ ৰুজু হৈছে৷ গুৱাহাটীৰ গোচৰটো এছআইটিক দিয়া হৈছে৷ আনহাতে, যোৰহাটত ৰুজু হোৱা গোচৰটোৰ অসম আৰক্ষীয়ে তদন্ত চলাই আছে৷ ন্যায় যাত্রাৰ সময়ছোৱাত দৰাচলতে ৰাহুল গান্ধীয়ে বডী ডাবল ব্যৱহাৰ কৰি মানুহৰ সমাগম কৰিছিল৷

You might also like