নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমন্বয়ৰ ঐক্যভূমি বাৰপূজীয়া

ইতিহাসপ্রসিদ্ধ, অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকলৰ বসতিস্থল বাৰপূজীয়াত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক অধিৱেশন৷ ইতিহাসে গৰকা বাৰপূজীয়া অসমীয়া জাতিৰ সমন্বয়ৰ সেতুৰূপে পৰিগণিত হৈ আহিছে৷ উত্তৰে ব্রহ্মপুত্র, পশ্চিমে ডিমৰীয়া ৰাজ্য, দক্ষিণে বৰ আমলি আৰু খাগৰিজান জিলাৰ পূবলৈকে লালুং বা তিৱা জনগোষ্ঠীৰ বসতিস্থল আছিল৷ বর্তমানৰ নগাঁও আৰু মৰিগাঁও জিলাৰ চাৰিসীমাকে এই ৰাজ্যৰ অঞ্চল বুলি ক’ব পাৰি৷ প্রাচীন কালত এই এলেকাধীন অঞ্চলসমূহ তিৱা নৃপতিসকলে শাসন কৰিছিল৷ তিৱা জনগোষ্ঠীৰ দুখন স্বতন্ত্র ৰাজ্য আছিল৷ সেয়া হ’ল গোভা আৰু জয়ন্তীয়া৷ তদুপৰি আন ১২খন ক্ষুদ্র ৰাজ্য আছিল৷ ইয়াৰে পূব দিশত পাঁচোৰজাই শাসন কৰিছিল৷ খাইগড়, ফুলগুৰি, মিৰিগাঁও, টোপাকুছি আৰু বাৰপূজীয়া – এই পাঁচখন আছিল পাঁচোৰজাৰ অধীনস্থ ৰাজ্য৷ এই পাঁচোৰজা সমন্বয় ক্ষেত্র বাৰপূজীয়াতে যোৱা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে বিশ্বৰ বৃহত্তম সাহিত্যৰ অনুষ্ঠান অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক অধিৱেশন৷ অসমৰ সকলো জাতি–জনগোষ্ঠীৰ লোকে সকলো ভেদাভেদ পাহৰি এক অসমীয়া পৰিচয়েৰে সমৱেত হৈছে বাৰপূজীয়াত৷ ভাষা জননীৰ সেৱাৰ বেদীত উজলি উঠিছে সমন্বয়ৰ সমুজ্জ্বল শিখা৷ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত বসবাস কৰি অহা তিৱাসকলৰ আছে সমন্বয়ৰ বহু প্রাচীন ইতিহাস৷ মাঘ বিহুৰ পিছতে প্রতিবছৰে অনুষ্ঠিত ‘জোনবিল’ মেলাই এই সমন্বয়কে প্রতিফলিত কৰি আহিছে৷ এতিয়াও জোনবিল মেলাই প্রাচীন বিনিময় প্রথাৰে পৰম্পৰা বহন কৰি আহিছে৷ এনে এখন সমন্বয়ৰ থলীত যোৱা ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন৷ অসমবাসীক একতাৰ ডোলেৰে বান্ধি অসমত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকসকলৰ মাজত শান্তি, সম্প্রীতি আৰু সদ্ভাব অক্ষুণ্ণ ৰাখি নতুন প্রজন্মৰ মাজত, নতুন লেখক–লেখিকাৰ মাজত বৌদ্ধিক বিকাশৰ উদ্দেশ্যে সাহিত্যৰ সৃষ্টি, অনুশীলন আৰু চর্চা কৰাৰ পৰিৱেশ ৰচনা কৰি অসম সাহিত্য সভাই ৰাইজৰ ঐকান্তিক সহযোগত জনকল্যাণমুখী কার্যসূচী গ্রহণ কৰি আহিছে৷ উল্লেখ্য যে অসম সাহিত্য সভাৰ একোখন কার্যনির্বাহকৰ সময়সীমা দুবছৰীয়া৷ এই দুবছৰীয়া কার্যনির্বাহকৰ ক্ষেত্রত প্রথম বর্ষৰ অন্তত অনুষ্ঠিত হয় বিশেষ বার্ষিক অধিৱেশন অথবা ‘মধ্যকালীন অধিৱেশন’৷ মূল অধিৱেশন অনুষ্ঠিত হয় দুবছৰৰ মূৰত৷ সেই অনুসৰি এই কার্যকালৰ দ্বি–বার্ষিক মূল অধিৱেশনখন অহা ২০২৫ চনৰ ১, ২, ৩ আৰু ৪ ফেব্রুৱাৰীত পাঠশালাত অনুষ্ঠিত হ’ব৷
সম্প্রতি বিশেষ বার্ষিক অধিৱেশন চলি থকা ঐতিহ্যমণ্ডিত বাৰপূজীয়া অঞ্চলটো মৰিগাঁও জিলাৰ অন্তর্গত৷ ১৯৭২ চনৰ ২৬ জানুৱাৰীত অবিভক্ত নগাঁও জিলাৰ এটি মহকুমা হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত অসম চৰকাৰৰ অধিসূচনামর্মে ১৯৮৯ চনৰ ১৪ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে মৰিগাঁও জিলাৰ সদৰ হিচাপে লৈ স্বতন্ত্র জিলা হিচাপে মৰিগাঁৱত কাম–কাজ আৰম্ভ হয়৷ বাৰপূজীয়া অঞ্চলটো অসমৰ ঐতিহ্য, সংস্কৃতিৰে পৰিপূর্ণ তিৱা জনগোষ্ঠী অধ্যুষিত অঞ্চল যদিও বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ বিভিন্ন সম্প্রদায়ৰ প্রেম আৰু ভাতৃত্ববোধৰ মাজেৰে ইয়াত যুগ যুগ ধৰি বসবাস কৰি আহিছে৷ বাৰপূজীয়াবাসীৰ আছে এক স্বকীয় স্বাভিমানী সত্তা৷ এইসকল লোক নিজৰ ঐতিহ্য-সংস্কৃতি সম্পর্কে যথেষ্ট সচেতন হোৱা বাবেই এনে এখন বৃহৎ অধিৱেশন অনুষ্ঠিত কৰিবলৈ সংকল্প গ্রহণ কৰিছে৷ মূলতঃ পাহাৰীয়া গোষ্ঠীটোৰ অধিকাংশ লোকেই সম্প্রতি বর্তমান ভৈয়াম অঞ্চলৰ স্থায়ী বাসিন্দা হোৱা বাবেই অসম অন্যান্য জনগোষ্ঠীৰ সান্নিধ্যলৈ আহিলেও অধিকাংশ তিৱা লোকেই নিজৰ ভাষা জানে আৰু কলা–সংস্কৃতি অপৰিৱর্তিত ৰূপত ধৰি ৰখাৰ প্রয়াস কৰিছে৷ তিৱাসকলৰ লোক–সংস্কৃতি, লোকাচাৰ, লোকনৃত্য তথা বিভিন্ন উৎসৱ–অনুষ্ঠানে অসমীয়া সংস্কৃতিত বিৰাট প্রভাৱ পেলাইছে৷ তিৱাসকলৰ সাহিত্য চর্চাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ ‘তিৱা সাহিত্য সভা’ই তিৱা জনগোষ্ঠীৰ ভাষা–সাহিত্য আৰু লোক–সংস্কৃতি নিভাঁজ ৰূপত তুলি ধৰিবলৈ প্রচেষ্টা চলাই আহিছে৷ ১৯৮১ চনত ‘শিলচাং’ত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ প্রথমখন অভিৱর্তনত তিৱা সাহিত্য সভাক ‘তিৱা মাথনলাই তখ্রা’ (তিৱা সাহিত্য সভা) ৰূপে গ্রহণ কৰা হয়৷ ইয়াৰ পৰৱর্তী সময়ত জনগোষ্ঠীটোৰ ভাষা–সাহিত্য, কৃষ্টি–সংস্কৃতিৰ স্বকীয়তা পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ ক্ষেত্রত নিশ্চিতভাৱে তিৱা সাহিত্য সভাই অপৰিসীম অৱদান আগবঢ়াই আহিছে৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস বিজড়িত তিৱা জনগোষ্ঠী অধ্যুষিত বাৰপূজীয়াত অসম সাহিত্য সভাৰ বিশেষ বার্ষিক অধিৱেশন অনুষ্ঠিত কৰা কার্য অসম সাহিত্য সভাৰ ইতিহাসতো এক সবল অধ্যায়ৰূপে পৰিগণিত হ’ব৷ বিশেষকৈ সমন্বয়ৰ বার্তাবাহক, লোকাচাৰ, লোক–ৰীতিৰে তিৱা জনগোষ্ঠীয় চেতনা সম্পৃক্ত বাৰপূজীয়াৰ এই অধিৱেশনখন অসমৰ জাতি–জনগোষ্ঠীৰ মাজত ভাষিক–সাংস্কৃতিক সমন্বয় সাধনৰো ইতিহাস হৈ থাকিব৷ হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ, তিলক ডেকা, নন্দীৰাম ডেকা, জয়কান্ত মহন্ত, মাটিৰাম ডেকা, ৰূপন সিং দাসৰ নিচিনা দেশপ্রেমিকৰ লগতে বলাইৰাম সেনাপতিৰ দৰে সাহিত্যিক আৰু বহু সংস্কৃতিৱান ব্যক্তিৰ জন্ম এই বৃহত্তৰ বাৰপূজীয়াত৷ সেইবাবে অসম সাহিত্য সভাৰ গৌৰৱোজ্জ্বল ইতিহাসত ঐক্য–সংহতিৰ নিদর্শন হৈ ৰ’ব বাৰপূজীয়া অধিৱেশন৷

You might also like