দিল্লীত ৰাহুল গান্ধীৰ উপস্থিতিত অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ মাৰাথন বৈঠক
আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত তেওঁৰ দিল্লীস্থ চৰকাৰী বাসভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিৰোধী দলনেতা ৰাহুল গান্ধীকে ধৰি দলৰ সাংগঠনিক দায়িত্বত থকা সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু অসমত দলৰ তত্ত্ববধায়ক জীতেন্দ্ৰ সিঙেও অংশ গ্ৰহণ কৰে।
সদ্য নিয়োজিত দলৰ নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তীৰ্কিয়ে প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ পৰা ৰাজ্যৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ বুজ লয়।
বৈঠকত প্ৰদেশ কংগ্ৰেছ সভাপতি তথা বিৰোধী উপ দলনেতা গৌৰৱ গগৈ, বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু সাংসদ ৰকিবুল হুছেইনে উপস্থিত থাকে। পাছত সাংবাদিকৰ আগত নিৰ্বাচনী পৰ্যবেক্ষক ভূপেশ বাগেলে প্ৰকাশ কৰা মতে, ২১ জানুৱাৰীৰ পৰা অসমত কংগ্ৰেছৰ আঞ্চলিক পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ লগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাৰ বাবে বৈঠক অনুষ্ঠিত কৰা হব।
২৮ তাৰিখলৈকে চলিবলগীয়া বৈঠকসমূহত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে নিৰ্বাচনী পৰ্যবেক্ষকসকলেও তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক মন্ত্ৰণা প্ৰদান কৰিব। বাঘেল আৰু শিৱকুমাৰৰ মতে, ২০২৬ত অসমৰ পৰা বিজেপিৰ উখাত নিশ্চিত। এই সন্দৰ্ভত বৈঠকত ৰণনীতি প্ৰস্তুত কৰা হয় আৰু তৃণমূল পৰ্যায়ৰ বৈঠকত উক্ত ৰণনীতি স্পষ্ট ৰূপ লব। কংগ্ৰেছ শক্তিশালী ৰূপে তথা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হব বুলিও দুয়ো নেতাই মন্তব্য প্ৰকাশ কৰে।
আনহাতে প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়েও কয় যে অসমৰ পৰা ‘দুৰ্নীতিগ্ৰস্ত’ বিজেপি চৰকাৰক অসমৰ ৰাইজে উখাত কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছে তথা বৈঠকত অসমৰ ৰাইজৰ যন্ত্ৰণা তথা তেওঁলোকৰ ওপৰত হৈ অহা অত্যাচাৰৰ বিষয়ত নিৰ্বাচনী পৰ্যবেক্ষকসকলক সবিস্তাৰে দাঙি ধৰা হৈছে।
আনহাতে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম বিতৰ্ক সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতৃত্বই নীৰৱতা অৱলম্বন কৰাই পৰিলক্ষিত হয়।
বিশেষ বাৰ্তা, নতুন দিল্লী, ১৭ জানুৱাৰী