নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ ঘোষণা ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা, ১৩টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা

ডিজিটেল ডেস্ক, ২২ মাৰ্চ : আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে ৰাইজৰ দলে। মনোনয়ন দাখিললৈ ২৪ ঘণ্টাতকৈও কম সময় থাকোঁতে ৰাইজৰ দলে পুনৰ ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা। ১২টা সমষ্টিৰ বাবে পুনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৰাইজৰ দলে। অৱশ্যে পূৰ্বে ঘোষণা কৰা প্ৰাৰ্থী তালিকাৰ পৰা নাম কৰ্তন কৰা হ’ল নাওবৈচাৰ হৰিকান্ত দাস, ধেমাজিৰ বাবুল সোণোৱাল, জালুকবাৰীৰ ৰমেন বৰঠাকুৰৰ।

দলৰ নিৰ্বাচনী সমিতিয়ে অনুমোদন জনোৱা তালিকা অনুসৰি, কলিয়াবৰ সমষ্টিৰ পৰা প্ৰদীপ কুমাৰ বৰুৱাক প্ৰক্ষেপ কৰা হৈছে আৰু দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। অন্যান্যসকল গৌৰীপুৰৰ পৰা আবুল মিঞা, পূব গোৱালপাৰাৰ পৰা আব্দুৰ ৰছিদ মণ্ডল, মানসৰ পৰা অঞ্জন তালুকদাৰ, দলগাঁৱৰ পৰা আজিজুৰ ৰহমান, ধিঙৰ পৰা মেহবুব মুক্তাৰ, তেজপুৰৰ পৰা অলক নাথ, চিচিবৰগাঁৱৰ পৰা দুলাল চন্দ্ৰ বৰুৱা, মাৰ্ঘেৰিটাৰ পৰা ৰাহুল ছেত্ৰী, ডিগবৈৰ পৰা দুলাল মৰাণ আৰু মৰিয়নিৰ পৰা জ্ঞানশ্ৰী বৰা । অৱশ্যে বোকাখাত সমষ্টিৰ প্ৰাৰ্থীৰ নাম ২২ মাৰ্চত ঘোষণা কৰা হ’ব। কংগ্ৰেছৰ সৈতে হোৱা আলোচনাৰ অন্তত ৰাইজৰ দলক ১৩খন আসন দিয়া হৈছে ।

You might also like