নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিকুৱেল RRR পৰিচালনা নকৰে ৰাজামৌলীয়ে

বিশেষ বাৰ্তা, ১০ জুলাইঃ ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰ অভিনীত ছবি ‘আৰ আৰ আৰ’য়ে চলিত বৰ্ষৰ অস্কাৰত নজিৰ গঢ়ি তুলিছিল। এছ এছ ৰাজামৌলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ জনপ্ৰিয় গীত ‘নাতু নাতু’ই শ্ৰেষ্ঠ সংগীত শাখাত অস্কাৰ লাভ কৰে। দেশত বক্স অফিচত লাভ কৰা সফলতা আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি পোৱাৰ পিছত এই ছবিখনৰ ছিকুৱেলৰ বিষয়েও চৰ্চা হৈছে। ছবিখনৰ দ্বিতীয় খণ্ডৰ বিষয়ে নিৰ্মাতাসকলে চিন্তা কৰা খবৰটো ইতিমধ্যে উপলব্ধ হৈছিল। কিন্তু এইবাৰ ছবিখনৰ সন্দৰ্ভত নতুন তথ্য পোহৰলৈ আহিছে। অনুৰাগীসকলে অনুমান কৰিছিল যে ‘আৰ আৰ আৰ ২’ ছবিখন ৰাজমৌলীয়ে পৰিচালনা কৰিব। কিন্তু এতিয়া শুনা গৈছে যে তেওঁ হয়তো ছবিখন পৰিচালনা নকৰিব। আৰু এই খবৰটো দিছিল চিনেমাখনৰ গল্পকাৰ নিজে আৰু ৰাজামৌলীৰ পিতৃ কে ভি বিজয়েন্দ্ৰপ্ৰসাদে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ ছবিখনৰ বিষয়ে কিছু নতুন তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে ছবিখনত ৰাম চৰণ আৰু এন টি আৰ উপস্থিত থাকিব। ইয়াৰ উপৰি তেওঁলোকে এই ছবিখন হলীউড পৰ্যায়ত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰবীণ চিত্ৰনাট্যকাৰগৰাকীয়ে কয় যে, “আমাৰ হলীউডৰ এটা ডাঙৰ প্ৰডাকচন হাউছৰ সৈতে সংযোগৰ পৰিকল্পনা আছে।” অৱশ্যে একেটা সাক্ষাৎকাৰতে ‘বজৰংগী ভাইজান’ৰ চিত্ৰনাট্যকাৰগৰাকীয়ে কয় যে তেওঁৰ পুত্ৰই ‘আৰ আৰ আৰ ২’ পৰিচালনা কৰাৰ সম্ভাৱনা কম। বিজয়েন্দ্ৰপ্ৰসাদে কয় যে ছবিখন ৰাজমৌলী বা তেওঁৰ তত্বাৱধানত আন কোনোবাই পৰিচালনা কৰিব। এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজামৌলী আৰু ‘আৰ আৰ আৰ’ৰ অনুৰাগী দুটা শিবিৰত বিভক্ত হৈ পৰিল। একাংশৰ মতে ৰাজমৌলীৰ অবিহনে ভীম আৰু ৰাজুৰ আখ্যান আধৰুৱা হৈ থাকিব। আন কিছুমানে কয় যে ৰাজামৌলী পৰিচালকৰ আসনত বহি নাথাকিলেও এই ছবিখনৰ সৈতে তেওঁ জড়িত হোৱাটো গুৰুত্বপূৰ্ণ। ‘আৰ আৰ আৰ’ৰ সফলতাৰ পিছত সম্প্ৰতি ‘এছ এছ এম বি ২৯’ত ব্যস্ত ৰাজমৌলী। ছবিখনৰ মুখ্য চৰিত্ৰত আছে দক্ষিণৰ তাৰকা অভিনেতা মহেশ বাবু। অহা আগষ্ট মাহত মহেশ বাবুৰ জন্মদিন উদযাপনৰ জৰিয়তে ছবিখনৰ কাম আৰম্ভ হ’ব। বিজয়েন্দ্ৰপ্ৰসাদে কয় যে এই ছবিখনৰ পিছত ৰাজামৌলীয়ে মহাভাৰতৰ কাম কৰিব। ফলত বুজা গৈছে যে অনুৰাগীসকলে ‘আৰ আৰ আৰ ২’ৰ কাম আৰম্ভ হ’বলৈ আগন্তুক কেইবছৰমান অপেক্ষা কৰিব লাগিব।

You might also like