নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱব্ৰত শইকীয়া-প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি ক্ষোভ কংগ্ৰেছত ‘দুদিনৰ আলহী’ ৰেজাউলৰ

কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে৷ দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে কথা কয়৷ সাংসদ প্ৰদ্যুত বৰদলৈ দালাল৷ এই অভিযোগ কংগ্ৰেছৰ দুদিনৰ আলহী ৰেজাউল কৰিম সৰকাৰৰ৷

কংগ্ৰেছ ত্যাগ কৰি কালি বঙাইগাঁও জিলাৰ লেংটিচিঙাত উপস্থিত হৈ ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছ দল তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈক তীব্ৰ বাক্যবাণেৰে থকাসৰকা কৰে ৷

নেতা দুগৰাকীয়ে বিজেপিৰ হৈ কাম কৰি কংগ্ৰেছক আগলৈ যাব নিদিয়ে বুলি তেওঁ অভিযোগ কৰে ৷ দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে কথা কৈ কংগ্ৰেছত বিশৃংখলতাৰ সৃষ্টি কৰিছে৷ তেওঁক দেৱব্ৰত শইকীয়াই তিনিবাৰকৈ আক্ৰমণ কৰাৰ কথা উল্লেখ কৰি কয় যে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংখ্যালঘু ছাত্ৰ সন্থাৰ নেতাক চিনি নোপোৱা বুলি কৈ যি চৰম তুচ্ছতাচ্ছিল্য কৰিছে তাৰ বিচাৰ সংখ্যালঘু ৰাইজে কৰিব৷

কংগ্ৰেছৰ পৰা তেওঁক বহিষ্কাৰ কৰিব লাগিছিল বুলি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰেজাউল কৰিমে সংবাদ মাধ্যমৰ আগত কয় যে হিৰো কোনেও কাকো নবনায়৷ বিজেপিৰ এজেণ্ট থকা দলত মই নাথাকো ৷ গতিকে কংগ্ৰেছৰ পৰা মই নিজে ওলাই আহিছো ৷

তেওঁ আৰু কয় যে জাতিয়ে যেতিয়াই সংকটত পৰিব তেতিয়াই প্ৰয়োজনত সন্মুখত থিয় হৈ তেওঁ মৰিবলৈ সাজু থাকিব৷ তেওঁৰ বাবে জাতি উৰ্দ্ধত৷ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত লেংটিচিঙাৰ ৰাইজৰ সন্মুখত বক্তব্য ৰাখি ৰেজাউল কৰিমে কয় যে এইবাৰ কংগ্ৰেছ-ইউডিএফ নহয়, সৃজনগ্ৰামৰ সংখ্যালঘু ৰাইজে দল-মত নিৰ্বিশেষে এজন উপযুক্ত ব্যক্তিক নিৰ্বাচিত কৰি পঠিয়াওক ৷ যাতে সৃজনগ্ৰামৰ বেটাই সমগ্ৰ ৰাজ্যৰ সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব কৰিব পাৰে ৷

উল্লেখ্য যে কংগ্ৰেছ দলত যোগদান কৰি শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম বুলি বিতৰ্কিত মন্তব্যৰে বিভিন্ন দল-সংগঠনৰ ধিক্কাৰ, সকীয়নিৰ সন্মুখীন হোৱা ৰেজাউল কৰিমে খোদ কংগ্ৰেছতে তীব্ৰ ককৰ্থনা, সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়৷ একপ্ৰকাৰ বাকপটুতাৰ পৰিচয় দিবলৈ গৈ বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিব লগা অৱস্থাৰ সৃষ্টি হয় যদিও কংগ্ৰেছত নিজৰ ৰাজনৈতিক জীৱন অসুৰক্ষিত অনুভৱ কৰি অৱশেষত দলত্যাগ কৰিবলৈ বাধ্য হয় আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

নিয়মীয়া বাৰ্তা, সৃজনগ্ৰাম, ১৬ জানুৱাৰী

You might also like