শিৱসাগৰৰ হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু অসম নাট্য সন্মিলনৰ শিৱসাগৰ শাখাৰ সৌজন্যত অসমৰ যশস্বী গল্পকাৰ-নাট্যকাৰ স্বৰ্গীয় শান্তনু বৰুৱাৰ অনবদ্য সৃষ্টি “ৰাজপথৰ বেশ্যা” নাটকখন সফলভাৱে মঞ্চস্থ হৈ যায়। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত নাট্যানুষ্ঠানৰ প্ৰাকমুহূৰ্তত শিল্পীজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈয়ে। তাৰ পাছতেই প্ৰতিভাৱান ছাত্ৰ কপিল ৰাজ বৰদলৈক সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে “সমন্বয় প্ৰেৰণা সিন্ধু বঁটা” প্ৰদান কৰে ৷
আনহাতে নাট্যসন্ধ্যাটি উদ্বোধন কৰে ডিমৌ সম-জিলা আয়ুক্ত মীনাক্ষি পাৰ্মেই। সমাজৰ এক সংবেদনশীল আৰু অৱহেলিত দিশক উন্মোচিত কৰা এক শক্তিশালী সামাজিক নাটক “ৰাজপথৰ বেশ্যা”ত ধনী শ্ৰেণীৰ শোষণ, প্ৰলোভনৰ বিপৰীতে দুখীয়া শ্ৰেণীৰ যন্ত্ৰণা, অসহায়তা, সমাজৰ দুমুখীয়া নৈতিকতা প্ৰতিফলিত হৈছে। সমাজখনক অসামাজিক কাৰ্যকলাপৰ দ্বাৰা বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা মুখাৰ আঁৰৰ ব্যক্তিসকলেই যে ৰাজপথৰ বেশ্যা সৃষ্টি কৰিছে আৰু সেইসকল যে প্ৰকৃততে বেশ্যাতকৈ নিকৃষ্ট সেই কথা নাট্যকাৰ শান্তনু বৰুৱা আৰু পৰিচালক বিকাশ বৰদলৈয়ে নাটখনিত ফুটাই তুলিবলৈ সক্ষম হৈছে।
নাটকখনিত বিভিন্ন চৰিত্ৰত ধীৰাজ দত্ত, স্বপ্নালী কাকতি, পাৰ্থ প্ৰতিম শৰ্মা, ত্ৰিবেণী কাকতি, প্ৰণৱ শৰ্মা, যদুমণি বৰা ৰাজখোৱা, হৰি হাজৰিকা, দীক্ষিত গগৈ, দেৱযানী ৰাজখোৱা, পাৰ্থ প্ৰতিম দাস, শ্যামল ৰাজগুৰু, ইমান হুছেইন, জিণ্টু গগৈ, অমৃত কুমাৰ শৰ্মা, ভাৰ্গৱ জ্যোতি দাস, বিৰিঞ্চি বৰা, অৰিন্দম শৰ্মা, নয়নমণি দাস আৰু বৰ্ণিল হাজৰিকাই অভিনয়েৰে নাট্যপ্ৰেমী ৰাইজক মুগ্ধ কৰে। নাটখনিৰ সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনাত অমৃত কুমাৰ শৰ্মা, সংগীতত পাপু চাহু, পোহৰত যতীন তালুকদাৰ, শব্দত বিকুল শইকীয়া, ভিডিঅ’ পৰিচালনা আছিল আয়ান দত্ত, জিতু বৰুৱা আৰু কৌশিক চুতীয়াৰ।
নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ১৬ জানুৱাৰী :