নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত মই প্ৰথম, দ্বিতীয় কোন নাজানো : অভয়াপুৰীত ৰকিবুলৰ দাম্ভিকতা

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি সমষ্টিটোত নতুনকৈ সংযোজিত সৃজনগ্ৰাম সমষ্টিৰ দলীয় কৰ্মীসকলৰ এক সভাত অংশ লয় ৷ অভয়াপুৰী ৰাজীৱ ভৱনত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি আবুল কাশেম আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত দলীয় নেতা কৰ্মীসকলক শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰুদ্ধে ৰাইজক একগোট কৰাৰ ওপৰত গুৰুত্ব দিয়ে৷ গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ  মণ্ডল, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক ক্ৰমে আব্দুল বাতিন খণ্ডকাৰ, প্ৰদীপ সৰকাৰকে ধৰি দলীয় নেতৃত্বই অংশ লয় সভাত। ৰকিবুল হুছেইনে কয় যে আজি আব্দুল খালেকৰ পদত্যাগত তেওঁ যথেষ্ট দুখ পোৱা বুলি মন্তব্য কৰি এই সময়ত আব্দুল খালেক থাকিলে ভাল আছিল বুলি কয়। তদুপৰি আব্দুল খালেকক পদত্যাগ সম্পৰ্কত নতুনকৈ চিন্তা চৰ্চা কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে একেলগে মিলি কাম কৰি ভেটি শক্তিশালী কৰি বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগে বুলি অভয়াপুৰীৰ ৰাজীৱ ভৱনত দলীয় সভাত উপস্থিত থাকি ৰকিবুল হুছেইনে প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আনপিনে, ভাৰতীয় ষ্টেট বেংকে ইলেকট্ৰল বণ্ডৰ তথ্য প্ৰকাশ কৰাৰ  সময়তে বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়ত উক্ত তথ্য সন্দৰ্ভত ৰকিবুল হুছেইনৰ  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ পিছতহে ভাৰতীয় ষ্টেট বেংকে তথ্য প্ৰকাশ কৰে। সংবাদ মেলত ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে বক্তব্য প্ৰসংগত কয় যে ধুবুৰীত বদৰুদ্দিন আজমল হাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ভৱিষ্যদ্বাণী প্ৰমাণ হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ধুবুৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে নাযাওঁ বুলি কোৱা মন্তব্য উল্লেখ কৰি আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৰকিবুল হুছেইনে সংবাদমাধ্যমৰ আগত কয় যে মই প্ৰথম, দ্বিতীয় কোন নাজানো ।
প্ৰেৰক অপূৰ্ব কুমাৰ দাস
You might also like