নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত অমিত শ্বাহৰ সভা বাতিল, ফোনেৰে ৰাইজক সম্বোধন গৃহমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, আগমনি, ৩ এপ্ৰিল : ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ ৰতিয়াদাহ মেলা ময়দানত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সভাত হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতিৰ বাবে উপস্থিত হ’ব নোৱাৰিলে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। অৱশ্যে মোবাইল ফোনযোগে সমষ্টিবাসী ভোটাৰক সম্বোধন কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

ফোনযোগে ৰাইজক ধন্যবাদ জনাই গৃহমন্ত্ৰী অমিত শ্বাহে কয়- ৯ এপ্ৰিল তাৰিখে আপোনালোকে বিজেপিক ভোট দিয়ক। আমাৰ চৰকাৰ গঠন হ’লে আমি বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি অসম তথা ভাৰতৰ পৰা খেদিম আৰু ধুবুৰীখন অনুপ্ৰৱেশকাৰীমুক্ত কৰিম। কংগ্ৰেছে সদায় অনুপ্ৰৱেশকাৰীক দেশৰ ভিতৰত আশ্ৰয় দিয়ে আৰু বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বাহিৰ কৰি দিয়াৰ কাম কৰি আহিছে। যোৱা ৫ বছৰত গোলকগঞ্জ সমষ্টিত থকা কংগ্ৰেছৰ বিধায়কে একো উন্নয়ন কৰিব পৰা নাই। গতিকে এইবাৰ গোলকগঞ্জত বিজেপিৰ প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰক জিকাই দিয়ক। আমাৰ প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰৰ বহু অভিজ্ঞতা আছে। বিধায়ক নথকাৰ পিছতো সদায় ৰাইজৰ কাষত থিয় হৈ আহিছে। আমাৰ বিজেপি প্ৰাৰ্থীৰ জয়লাভ মানে উন্নয়ণ দুগুণ হাৰত বাঢ়ি যায়।

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক সমালোচনা কৰি তেওঁ কয়- যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গামোচাক ডিঙিত লৈ বিশ্বত চিনাকি কৰাই দিয়ে সেই সময়ত ৰাহুল গান্ধীয়ে অসমীয়া গামোচাক অপমান কৰি ডিঙিৰ পৰা আঁতৰ কৰি দিয়ে। কংগ্ৰেছ চৰকাৰৰ দিনত অসম অশান্ত হৈ আছিল। চাৰিওফালে বোমা ফুটিছিল আৰু আমাৰ চৰকাৰৰ দিনত বহুতো উগ্ৰপন্থী  সংগঠনৰ লগত শান্তি চুক্তি হয়। আমাৰ চৰকাৰৰ দিনতে ২০২২ চনত ধুবুৰী চিকিৎসা মহাবিদ্যালয় বনোৱা হৈছে আৰু কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণৰ কাম চলি আছে। আমাৰ চৰকাৰৰ দিনতে অসমত ১৪ খন চিকিৎসা মহাবিদ্যালয় বনালোঁ আৰু ১০খন নিৰ্মাণ হৈ আছে। কংগ্ৰেছে ধুবুৰী জিলা কেতিয়াও অনুপ্ৰৱেশকাৰীমুক্ত কৰিব নোৱাৰে । অনুপ্ৰৱেশকাৰীমুক্ত কেৱল বিজেপি চৰকাৰৰ দিনতহে সম্ভৱ। বিজেপি চৰকাৰৰ দিনতেই গংগাধৰ নৈৰ ওপৰত গোলকগঞ্জ-লক্ষীমাৰী সংযোগী দলং নিৰ্মাণ হ’ল। বিজেপি চৰকাৰৰ দিনতে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ কাম আৰম্ভ হ’ল আৰু অতি সোনকালেই ৰাইজৰ বাবে মুকলি কৰা হ’ব।

You might also like