ডিজিটেল ডেস্ক, মিৰ্জা, ৩ এপ্ৰিল : এইবেলি অসম বিধানসভাৰ নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পৰা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পলাশবাৰী সমজিলাতো সষ্টম হৈ পৰিছে অসম আৰক্ষী। সমজিলাখনত স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্যৰে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি নিৰ্বাচনী আচৰণবিধি কাৰ্যকৰী হোৱাকৈ পলাশবাৰী সমজিলা আৰক্ষী অধীক্ষক ডেইজী গগৈয়ে জিলাখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে।
সমজিলা আৰক্ষী অধীক্ষক গগৈৰ নেতৃত্বত অৰ্ধসামৰিক বাহিনীৰ সহযোগত অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী শুকুৰবেৰীয়াকে ধৰি অন্যান্য সংবেদনশীল অঞ্চলসমূহত নিয়মিত পেট্ৰলিঙৰ দ্বাৰা এৰিয়া ডমিনেচন কৰি থকা পৰিলক্ষিত হৈছে। অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ শুকুৰবেৰীয়াৰে মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা পথত চি চি টিভি কেমেৰা স্থাপন কৰাৰ লগতে অৰ্ধসামৰিক বাহিনী আৰু অসম আৰক্ষীৰ এটা বৃহৎ দলে ২৪ ঘণ্টাই দায়িত্বত থাকি নিশ্ছিদ্ৰ তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ইতিমধ্যে নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰাত সহায়ক হোৱাকৈ মেঘালয় আৰক্ষীৰ আৰু অসম আৰক্ষীৰ মাজত এখন বৰ্ডাৰ কো-অৰ্ডিনেচন সমিতি গঠন কৰা হৈছে। তদুপৰি এছ এছ টি আৰু ফ্লায়িং স্কোৱাড টীম গঠন কৰি জিলাখনৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছয়গাঁও, ৰামপুৰ, মিৰ্জা আদি অঞ্চল আৰু জিলাৰ সীমান্তৱৰ্তী বঙৰাৰ লগতে উপ-পথসমূহতো নাকা তালাচী চলাই নগদ ধন, আগ্নেয়াস্ত্ৰ, বিস্ফোৰক সামগ্ৰী, মাদক দ্ৰব্য আদি সৰবৰাহ প্ৰতিৰোধৰ বাবে সৰু-বৰ যান-বাহনবোৰত তালাচী অভিযান অব্যাহত ৰাখিছে। সন্দেহযুক্ত বাহন, সামগ্ৰী আৰু নাগৰিকৰ নথিপত্ৰসমূহো নাকা তালাচীত পৰীক্ষা কৰা দেখা গৈছে। ইপিনে, আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, সমজিলা আৰক্ষী প্ৰশাসনে সমজিলাখনৰ অপৰাধী আৰু সন্দেহজনক লোকৰ ওপৰত বিশেষভাৱে চকু ৰাখিছে।
ইপিনে, আৰক্ষী প্ৰশাসনে সমজিলাখনত আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰ আৰু তাৰ আশে-পাশে যাতে কোনোধৰণৰ মাদক দ্ৰব্যৰ প্ৰচলন ঘটিব নোৱাৰে তাৰ প্ৰতিও চকু ৰাখিছে আৰক্ষীযে। সমাজত যাতে কোনোধৰণৰ অপপ্ৰচাৰ চলিব নোৱাৰে তাৰ প্ৰতিও কঠোৰ দৃষ্টি ৰাখিছে আৰক্ষীয়ে। সমজিলা আৰক্ষীৰ এই পদক্ষেপৰ ফলত অঞ্চলটোত স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।