নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামেশ্বৰ তেলী ক’ৰোনাত আক্রান্ত; নতুনকৈ ১৫৯গৰাকীৰ শৰীৰত ক’ভিড–১৯

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ ৰাজ্যত দ্রুতগতিত হ্রাস পাইছে ক’ৰোনাৰ সংক্রমণ৷ দেওবাৰৰ দিনটোত ৰাজ্যত ক’ৰোনাত আক্রান্তৰ হাৰ হৈছে ০.৭০ শতাংশ৷ যোৱা ২৪ ঘণ্টাত মুঠ ২২,৬৮৩টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ ইয়াৰে ভিতৰত ক’ৰোনাত আক্রান্ত হৈছে ১৫৯গৰাকী৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই কথা সদৰী কৰিছে৷ আক্রান্তসকলৰ ভিতৰত কামৰূপ মহানগৰৰ ৫২গৰাকী লোক আছে৷

আনহাতে, দেওবাৰে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ১১০গৰাকী৷ দেওবাৰে ক’ৰোনাত আক্রান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই৷ ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক’ভিডত আক্রান্ত লোকৰ সংখ্যা হৈছে ২,১২,৭৭৬গৰাকী৷ ইয়াৰ বিপৰীতে সুস্থতাৰ হাৰ হৈছে ৯৭.৯৪ শতাংশ৷

উল্লেখ্য যে ক’ৰোনাত আক্রান্ত হৈছে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী৷ যোৱা শনিবাৰৰ পৰা তেওঁ নতুন দিল্লীস্থ এইমছত চিকিৎসাধীন হৈ আছে৷ ক’ৰোনাত আক্রান্ত হ’লেও তেওঁৰ স্বাস্থ্যৰ কোনো জটিলতা নাই বুলি জানিব পৰা গৈছে৷ কেৱল পৃথকীকৰণৰ বাবে তেওঁ এইমছত ভর্তি হৈছে বুলি জানিব পৰা গৈছে৷ কিছুদিন পূর্বে তেওঁৰ গাড়ীচালক আৰু সহায়ক ক’ৰোনাত আক্রান্ত হৈছিল৷

You might also like