নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত অনুষ্ঠিত হ’ব অসম নাট্য সন্মিলনৰ কেন্দ্রীয় অধিৱেশন

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ জাতীয় অনুষ্ঠানত অসম নাট্য সন্মিলনৰ ৫৯সংখ্যক কেন্দ্রীয় অধিৱেশন তৈলনগৰী দুলীয়াজানত অনুষ্ঠিত হ’ব৷ অহা ১৮ ফেব্রুৱাৰীৰ পৰা ২২ ফেব্রুৱাৰীলৈ এই অধিৱেশন অনুষ্ঠিত হ’ব৷ দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত  এই কথা সদৰী কৰে সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে৷

তেওঁ প্রকাশ কৰা অনুসৰি ১৮ ফেব্রুৱাৰীত মুকলি কৰা হ’ব প্রতিনিধি শিবিৰ৷ সেইদিনাই অনুষ্ঠিত হ’ব কেন্দ্রীয় কার্যনির্বাহক সভা৷ ১৯ ফেব্রুৱাৰীত পুৱা ১০ বজাত ৫৯খন পতাকা উত্তোলনেৰে আৰম্ভ কৰা অধিৱেশনৰ কার্যসূচী৷ ইয়াৰ পিছতে বর্ণাঢ়্য শোভাযাত্রা উলিওৱা হ’ব আৰু আজীৱন সদস্যৰ অন্তৰংগ অনুষ্ঠান৷ ২২ ফেব্রুৱাৰীত নাট্য সন্মিলনৰ মুকলি সভা অনুষ্ঠিত হ’ব৷ এই মুকলি সভাতেই প্রদান কৰা হ’ব অসম নাট্য সন্মিলন বঁটা আৰু মহেন্দ্র বৰঠাকুৰ বঁটা৷ ৫৯সংখ্যক দুলীয়াজন অধিৱেশনৰ লগত সংগতি ৰাখি নাট্য সন্মিলনৰ স্মৃতিগ্রন্থ ‘ৰংগমঞ্চ’ উন্মোচন কৰা হ’ব৷ কেন্দ্রীয় অধিৱেশনত সন্মিলনৰ চাৰিটা মণ্ডলৰ নির্বাচিত আঠখন নাটক মঞ্চস্থ কৰা হ’ব৷

You might also like