নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফৰে মিত্রতা অসম চৰকাৰৰ লগতহে, বিজেপিৰে নহয়

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ বি পি এফৰে মিত্রতাৰ প্রসংগত পুনৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ বিটিচি নির্বাচনৰ ২৫নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থীৰ হৈ খাগ্রাবাৰী অৰুণোদয় হাইস্কুলত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশগ্রহণ কৰি প্রচাৰ চলোৱাৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত ৰাজ্যিক বিজেপিৰ সভাপতি দাসে বি পি এফৰে কোনোধৰণৰ মিত্রতা নাই বুলি স্পষ্ট কৰি দিয়ে৷ তেওঁ কয় যে বি পি এফৰ সৈতে অসম চৰকাৰৰহে মিত্রতা আছে৷ বিজেপিৰ লগত কোনোধৰণৰ মিত্রতা নাই৷ বি পি এফৰ লগত আমাৰ তিনি বছৰ পূর্বে মিত্রতা ভংগ হৈছে৷ বিটিচিত বিজেপিৰ একমাত্র পৰিষদীয় সদস্য ধর্মনাৰায়ণ দাসক কার্যবাহী সদস্য পদ দিয়াৰ বাবে হাগ্রামা মহিলাৰীক কোৱা হৈছিল৷ কিন্তু আমাৰ কথা হাগ্রামা মহিলাৰীয়ে নুশুনিলে আৰু তেতিয়াৰ পৰা বি পি এফৰ সৈতে আমাৰ মিত্রতা শেষ হৈছে৷ বি পি এফৰে মিত্রতা ভংগৰ বিষয়টো ইতিমধ্যে আমাৰ ৰাষ্ট্রীয় নেতৃত্বক জনোৱা হৈছে৷ ৰাষ্ট্রীয় নেতৃত্বই আমাৰ কথা শুনিছে৷ গতিকে এতিয়া আৰু বি পি এফৰ লগত বিজেপিৰ মিত্রতা থকাৰ কথা আহি নপৰে৷ অৱশ্যে তেওঁ অগপৰ লগত বিজেপিৰ মিত্রতা আছিল আৰু বর্তমানো আছে বুলি মন্তব্য কৰে৷

ইপিনে, প্রাক্তন সাংসদ ইউ জি ব্রহ্মই বিজেপিয়ে বিটিচিত পৰিষদ গঠন কৰাৰ বাবে নহয়, বিধানসভা নির্বাচনৰ ৰণকৌশলৰ বাবে এইবাৰৰ নির্বাচনত অৱতীর্ণ হোৱা বুলি কৰা মন্তব্যৰ প্রসংগ উনুকিয়াই দিয়াত তেওঁ বিটিচিত নির্বাচন ছেমিফাইনেল বুলি কৌশলী মন্তব্য কৰে৷ তদুপৰি আছুৰ প্রাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ বিজেপিলৈ আহিব নেকি বুলি সাংবাদিকে সোধাত তেওঁ কয় যে বিজেপিৰ নীতি–আদর্শক ভাল পাই লুৰিণজ্যোতি গগৈ বিজেপিলৈ আহিলে আদৰি লোৱাত আপত্তি নাই৷ কিন্তু বিষয়টো মই দলৰ মজিয়াত আলোচনা কৰিব লাগিব৷

উল্লেখ্য যে আজিৰ নির্বাচনী সভাখনত বিজেপিৰ ৰাজ্যিক সভাপতি দাসৰ লগতে সাংসদ ভুবনেশ্বৰ কলিতা আৰু প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীও উপস্থিত আছিল৷

You might also like