Rangia News : ফাৰ্মাচীৰ ভিতৰলৈ মাতি নি যৌন উৎপীড়ন লম্পট শিক্ষক ৰফিকুলৰ
Rangia News : গুৰু-শিষ্যৰ সম্পর্কত কালিমা সানিলে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰূপী লম্পটে। অভিযোগ অনুসৰি, নিজ বিদ্যালয়ৰ ১৩ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰিলে ইংৰাজীৰ শিক্ষক ৰফিকুল হুছেইনে। ভুক্তভোগীৰ পৰিয়ালে ন্যায় বিচাৰি ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে শিক্ষক ৰফিকুল হুছেইনৰ বিৰুদ্ধে।
আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত শিক্ষক ৰফিকুল হুছেইনৰ সন্ধানত নামি পৰিছে। কিন্তু আৰক্ষীৰ উমান পাই পলাতক অভিযুক্ত শিক্ষক তথা মূল ধুবুৰী নিৱাসী ৰফিকুল হুছেইন।
এই জঘন্য ঘটনাই শিক্ষকৰ পূৰ্বৰ কাৰ্যকলাপকো পোহৰলৈ আনিছে। অভিযোগ উত্থাপিত হৈছে যে শিক্ষক ৰফিকুল হুছেইনে দশক দশক ধৰি বিদ্যালয়খনৰ বহু ছাত্ৰীক নিৰ্যাতন চলাই আহিছে। কিন্তু লাজ, অপমান আৰু ভয়ৰ বাবে নিৰ্যাতিতাসকলে মুখ খোলা নাছিল।
এইবাৰৰ ঘটনাই সেই নীৰৱতাক ভংগ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে আবেলি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা এখন ফাৰ্মাচীৰ পৰা মেডিচিন ক্ৰয় কৰিবলৈ গৈছিল ছাত্ৰীগৰাকী।
ফাৰ্মাচীখনৰ ভিতৰত পূৰ্বৰে পৰা খাপপিটি থকা শিক্ষক ৰফিকুলে ছাত্ৰীগৰাকীক দেখাৰ লগে লগে ফাৰ্মাচীৰ ভিতৰলৈ মাতি নিয়ে। তাৰ পিছত ১৩ বছৰীয়া ছাত্ৰীগৰাকীক যৌন উৎপীড়ন চলায়। কিশোৰীগৰাকীয়ে শিক্ষকৰূপী লম্পটৰ যৌন নিৰ্যাতন সহিব নোৱাৰি কান্দি কান্দি দৌৰি পলায়ন কৰে।
পিছত নিৰ্যাতিত ছাত্ৰীগৰাকীয়ে এই সমস্ত অভিযোগ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষক দিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰটো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰি লম্পট শিক্ষকৰ সন্ধানত অভিযান চলায়।
এছবিআইৰ ৰঙিয়া শাখাৰ পিছফালৰ অভিযুক্ত শিক্ষকৰ ঘৰত অভিযান চলায় যদিও আৰক্ষীৰ উমান পাই পলায়ন কৰে শিক্ষক ৰফিকুল হুছেইনে। আৰক্ষীৰ দলে ইতিমধ্যে শিক্ষক ৰফিকুল হুছেইনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
Niyomiya Barta Desk, 22 August