নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্রেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল সন্মান

ডিজিটেল ডেস্ক, ১৯ জুলাই : ভাৰতীয় চলচ্চিত্র জগতত সর্বোচ্চ সন্মানসমূহৰ ভিতৰত অন্যতম ৭২সংখ্যক ভাৰতীয় চলচ্চিত্র বঁটাসমূহ শনিবাৰে নতুন দিল্লীত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে কেন্দ্রীয় চলচ্চিত্র প্রমাণ–পত্র ব’ৰ্ড (চিবিএফচি)ৰ অনুমোদন লাভ কৰা চলচ্চিত্রসমূহৰ মাজৰ পৰা বিভিন্ন শাখাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰে৷

মন্ত্রালয়ে ঘোষণা কৰা মতে, ‘আর্টিকল–৩৭০’ চলচ্চিত্রখনে শ্রেষ্ঠ পূর্ণদৈর্ঘ্য চলচ্চিত্রৰ সন্মান লাভ কৰে৷ এই চলচ্চিত্রখনৰ মুখ্য চৰিত্রত অভিনয় কৰা অভিনেত্রী য়ামী গৌতমে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰে৷ আনহাতে, ‘চান্দা চেম্পিয়ন’ চলচ্চিত্রখনত কৰা অভিনয়ৰ বাবে কার্তিক আৰিয়ান আৰু ‘ব্রহ্মযুগম’ চলচ্চিত্রখনত কৰা অভিনয়ৰ বাবে মামুট্টীয়ে যুটীয়াভাৱে লাভ কৰে শ্রেষ্ঠ অভিনেতাৰ সন্মান৷ ‘আমৰণ’ চলচ্চিত্রৰ বাবে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ৰাজকুমাৰ পেৰিয়াছামীয়ে৷ এগৰাকী পৰিচালকৰ দ্বাৰা পৰিচালিত প্রথমখন চলচ্চিত্রৰ ভিতৰত শ্রেষ্ঠতা অর্জন কৰে পৰিচালক ৰণদীপ হুদাৰ ‘স্বাতন্ত্র্য চাভাৰকাৰ’ নামৰ চলচ্চিত্রখনে৷

সকলোৰে উপভোগ্য শ্রেষ্ঠ জনপ্রিয় চলচ্চিত্রৰ বঁটা লাভ কৰে বিজয়ন্তী মুভি প্রযোজিত আৰু নাগ অশ্বিন সিংগিৰেড্ডী পৰিচালিত ‘কল্কি ২৮৯৮ এডি’ নামৰ তেলেগু চলচ্চিত্রখনে৷ শ্রেষ্ঠ শিশু চলচ্চিত্রৰ সন্মান লাভ কৰে নন্দকিশোৰ ইমামী পৰিচালিত তেলুগু চলচ্চিত্র ‘চিন্না কথা কাদু’–এ৷ শ্রেষ্ঠ সহঃ অভিনেতাৰ সন্মান লাভ কৰে ‘ভক্ষক’ নামৰ হিন্দী চলচ্চিত্রখনত অভিনয় কৰা সঞ্জয় মিশ্রই৷ তামিল চলচ্চিত্র ‘মহাৰাজা’ত অভিনয় কৰা সচনা নামীদাসে আৰু কানাড়া চলচ্চিত্র ‘মিথ্যা’ত অভিনয় কৰা ৰূপাশ্রী ৱর্কাডীয়ে লাভ কৰে শ্রেষ্ঠ সহঃঅভিনেত্রীৰ সন্মান৷

মাৰাঠী চলচ্চিত্র ‘ঘৰত গণপতি’ নামৰ চলচ্চিত্রখনৰ নেপথ্য কণ্ঠশিল্পী অভয় যোধপুৰকাৰে ‘নৱসাচী গৌৰী মাঝি’ শীর্ষক গীতটোৰ বাবে শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান লাভ কৰে৷ মালায়লম চলচ্চিত্র ‘এআৰএম’ৰ নেপথ্য মহিলা কণ্ঠশিল্পী ৱৈকম বিজয়লক্ষ্মীয়ে ‘অংগু ৱান কনিলু’ শীর্ষক গীতটোৰ বাবে শ্রেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ সন্মান লাভ কৰে৷ শ্রেষ্ঠ চিনেমাটোগ্রাফীৰ সন্মান লাভ কৰে মালায়লম চলচ্চিত্র ‘ব্রহ্মযুগম’ৰ বাবে চেহনাদ জালালে৷ শ্রেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে হিন্দী চলচ্চিত্র ‘আর্টিকল–৩৭০’ৰ বাবেই শাশ্বত সচদেৱে আৰু তামিল চলচ্চিত্র ‘আমৰণ’ৰ বাবে জিভি প্রকাশ কুমাৰে৷

শ্রেষ্ঠ গীতিকাৰৰ সন্মান লাভ কৰে হিন্দী চলচ্চিত্র ‘ময়দান’ৰ গীতৰ বাবে মনোজ মুনতাচীৰে৷ অকাহিনী চলচ্চিত্রৰ শাখাত শ্রেষ্ঠতাৰ সন্মান লাভ কৰে ‘ভাংগাৰ’ নামৰ চলচ্চিত্রখনে৷ তথ্যচিত্র হিচাপে নির্বাচিত হয় ‘ৰামনামী’৷ পৰিৱেশ আৰু সামাজিক মূল্যবোধৰ ভিত্তিত চলচ্চিত্রৰ বঁটা লাভ কৰে ‘পিপলান্ত্রী : এ টেল অৱ ইক’ ফেমিনিজিম’–এ৷

আনহাতে চলচ্চিত্র বিষয়ক শ্রেষ্ঠ গ্রন্থৰ বঁটা লাভ কেনচানুৰু প্রদীপ কুমাৰ চেট্টী ৰচিত ‘নানীৰুভুদে নিমাগাগী নানীৰুভুদে নানাগাগী : কানাড়া চিনেমাৰ দর্শন আৰু ৰাজনীতি’ শীর্ষক গ্রন্থই৷ হিন্দী ভাষাৰ বিশিষ্ট চলচ্চিত্রৰ সমালোচক সঞ্জীৱ শ্রীবাস্তৱে শ্রেষ্ঠ চলচ্চিত্র সমালোচকৰ সন্মান লাভ কৰে৷

‘জুইফুল’লৈ শ্রেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰজত কমল বঁটা
অকাহিনী চলচ্চিত্র শিতানত ‘লাইফ ইন লুম’লৈ শ্রেষ্ঠ চিত্রনাট্য

৭২সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটাত উজলি উঠিল অসমীয়া ছবি ‘জুইফুল’৷ যদুমণি দত্তৰ প্রযোজিত আৰু পৰিচালিত ‘জুইফুল’ ছবিখন পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র শিতানত শ্রেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটাৰে সন্মানিত হৈছে৷ আনহাতে, অকাহিনী চলচ্চিত্র শিতানত ‘লাইফ ইন লুম’–এ শ্রেষ্ঠ চিত্রনাট্য বঁটা লাভ কৰিছে৷ ইংৰাজী, তামিল, হিন্দী আৰু অসমীয়া ভাষাত নির্মিত ‘লাইফ ইন লুম’ৰ চিত্র্যনাট্যকাৰ হ’ল– এডমণ্ড ৰেনছন৷ অকাহিনী চলচ্চিত্র শিতানত ৰজত কমল বঁটা লাভ কৰা ‘লাইফ ইন লুম’–এ লাভ কৰিব ২ লাখ টকা৷

You might also like