নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহকৰ্মীৰ পৰা ঘোচ লৈ গ্ৰেপ্তাৰ যোৰহাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ গাণনিক ৰাণী বৰা

বিশেষ বাৰ্তা, ২ এপ্ৰিল : দৰমহাৰ টকাৰে নোযোৰা একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী ঘোচ লোৱাৰ মানসিকতাৰ পৰিবৰ্তন নহল। শেহতীয়াকৈ ৰাজ্যত ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বিভিন্ন স্থানত অভিযান চলাই এজনৰ পিছত আন এজন গ্ৰেপ্তাৰ কৰাৰ পিছতো শিক্ষা লোৱা নাই একাংশ নিলজ্জ কৰ্মচাৰীয়ে। আজি পুনৰ যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয় এগৰাকী কৰ্মচাৰীয়ে নিজৰেই সহকৰ্মীৰ পৰা ঘোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰে। জিলা কৃষি বিষয়াৰ কাৰ্যালয় ঘোচ খোৰ মহিলা কৰ্মচাৰীগৰাকীৰ নাম ৰাণী বৰা। বিভাগটোৰ গাণনিক বিষয়া ৰাণী বৰাই ক্ষেত্ৰ সহায়ক ভাস্কৰ বৰা, প্ৰিয়ংকা হাজৰিকা,দুলাল বৰা নামৰ তিনিজন কৰ্মচাৰীৰ পৰা ভ্ৰমন ভাট্টাৰ টকা মুকলি কৰি দিয়াৰ  নামত দহ শতাংশ দাবী কৰিছিল।আজি  ভাস্কৰ বৰাই দিনৰ প্ৰায় ১১.৩০ বজাত ছয় হেজাৰ টকা ৰাণী বৰাক দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দহ জনীয়া দলটোৱে হাতে লোতে ধৰা পেলায়। প্ৰায় চাৰি ঘণ্টা জেৰা অন্তত যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ গাণনিক ৰাণী বৰাক গ্ৰেপ্তাৰ কৰি দলটোৱে গুৱাহাটীলৈ লৈ যায়। উল্লেখ্য যে,  প্ৰায় ২০ দিনৰ পূৰ্বে যোৰহাট জিলা কোষগাৰ বিষয়াৰ কাৰ্যালয়ৰ মুনমুন সেন নামৰ  আন এগৰাকী কণিষ্ঠ গাণনিক সহায়কে বিল মুকলি কৰি দিয়াৰ নামত টকা লওঁতেই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিছিল। তদুপৰি প্ৰায় ছয় মাহৰ পূৰ্বে যোৰহাট সদৰ আৰক্ষী থানাৰ প্ৰনৱ নাথ নামত এগৰাকী নগৰ উপ পৰিদৰ্শক অনুৰূপ ধৰণে টকা লৈ ধৰা পৰি হাত ডাঙিব লগা হৈছিল।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like