নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰত আঠ লাখ ভোটত বিজয়ী হোৱাৰ দাবী নিৰ্দলীয় প্ৰদীপ ভাণ্ডাৰীৰ

বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ কেইটামান দিনৰ পিছতে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানত আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰক্ষেপ কৰিছে প্ৰতিটো লোকসভা সমষ্টিত নিজ নিজ প্ৰাৰ্থী। দেশ তথা ৰাজ্যৰ বিভিন্ন স্থানৰ বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। প্ৰত্যেক দলৰে প্ৰাৰ্থী সকলে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। কেবল প্ৰচাৰ অভিযানতে থমকি ৰোৱা নাই প্ৰাৰ্থী কিম্বা ৰাজনৈতিক দলসমূহ। আৰম্ভ কৰিছে বোকা ছটিওৱাৰ ৰাজনীতিও। সাধাৰণ ভোটাৰক আকৰ্ষিত কৰি নিজ দল তথা নিজৰ দলৰ প্ৰাৰ্থীসকলক জয় কৰাবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী বাক বিতণ্ডাও। সমান্তৰালভাৱে শোণিতপুৰ লোকসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ মনোনীত প্ৰাৰ্থীসকলে আৰম্ভ কৰিছে তীব্ৰ প্ৰচাৰ অভিযান। ইতিমধ্যে শোণিতপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দল তথা বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল গঞ্জু, আম আদমীৰ মনোনীত প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিল্য আৰু ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই সমষ্টিটোত শক্তিশালী ৰূপত নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই থকাৰ সময়তে হঠাৎ বিশ্বনাথ নগৰত নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই থকা সময়ত অকলশৰীয়াকৈ দেখা গ’ল শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ ভাণ্ডাৰীক।লগত মাত্ৰ চাৰিজন সমৰ্থকক লৈ শোণিতপুৰ লোকসভা সমষ্টিত নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ ভাণ্ডাৰী। নিৰ্দলীয় প্ৰাৰ্থী গৰাকী কেবল প্ৰচাৰ কাৰ্যতে থমকি ৰোৱা নাই। তেওঁ প্ৰবল আত্ম বিশ্বাসী যে এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে হেনো নতুন মুখ বিচাৰিছে। সেয়ে সেই নতুন মুখখন হল তেওঁ নিজে। নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ মতে তেওঁ  শোণিতপুৰ লোকসভা সমষ্টিৰ গোৰ্খা সম্প্ৰদায় আৰু ইছলাম ধৰ্মালম্বী লোকসকলৰ ৯৫ শতাংশ ভোট লাভ কৰিব।কেৱল গোৰ্খা সম্প্ৰদায় অথবা ইছলাম ধৰ্মালম্বী ভোটাৰে নহয়, সমষ্টিটোত ৮ লাখ ভোট  তেওঁ লাভ কৰি তেওঁৰ বিজয় নিশ্চিত বুলিও কালি সন্ধিয়া দাবী জনাই সাংবাদিকৰ আগত নিজৰ মত প্ৰকাশ কৰে।

প্ৰেৰক জয়ন্ত বৰা

You might also like