নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী-বৰপেটাত অগপৰ জয় নিশ্চিত : অতুল বৰা

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বৰপেটা আৰু ধুবুৰী দুখন আসনতেই অসম গণ পৰিষদ দল নিশ্চিতভাবে বিজয়ী হ’ব। আজি ধুবুৰীত এই দাবী অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। কিন্তু বৰপেটা আৰু ধুবুৰীৰ জনবিন্যাস গাঁথনি সম্পূৰ্ণ বিপৰীত তথা ধুবুৰী লোকসভা আসনখনত সংখ্যালঘু ভোটাৰে নিৰ্ণায়কৰ ভূমিকা ল’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয় যে মই ভাবো তেওঁলোকে অসম গণ পৰিষদ দলক ভোট দিব। ইয়াৰ সপক্ষে তেওঁৰ যুক্তি, চাওক আগতে চেঙাত আমাৰ বিধায়ক আছিল; গোলকগঞ্জত আছিল, বিলাসীপাৰাত আমাৰ বিধায়ক জিকিছিল। গতিকে নিশ্চিত ভাবে ভোট দিব; হাতীৰ চিহ্নত ভোট দিওঁতে একো জটিলতা নাই। লগতে কেন্দ্ৰীয় সভাপতি বৰাই কয়, কেৱল সমষ্টি পুনৰ নিৰ্দ্ধাৰণেই নহয়; এনডিএৰ নেতৃত্বত ৰাজ্যখনত যি বিকাশ হৈছে; জনসাধাৰণে উন্নয়ন বিচাৰে, বিকাশ বিচাৰে; উন্নয়নৰ বাবে নিশ্চিত ভাবে জনসাধাৰণে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক ভোট দিব। আমি নিশ্চিত যে এইবাৰ লোকসভাত আমাৰ প্ৰতিনিধি থাকিব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like