নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিলৈ আহিব বিচৰা কংগ্ৰেছী বিধায়কলৈ কি আহ্বান ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ বহু কংগ্ৰেছী বিধায়কে বিজেপিলৈ আহিবলৈ বিচাৰি আছে। সেইসকল বিধায়কক উদ্দেশ্যি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বিশেষ আহ্বান। তেওঁ কয় যে কংগ্ৰেছী বিধায়কসকলে হেঁচা প্ৰয়োগ কৰি আছে সেয়ে মই কাতৰ আহ্বান জনাইছো আপোনালোক আমাৰ লগত জড়িত হ’ব নালাগে। কাৰণ ভাৰতীয় জনতা পাৰ্টীক এতিয়া লীডাৰৰ প্ৰয়োজন নাই। ভাৰতীয় জনতা পাৰ্টীক এতিয়া কেডাৰৰ প্ৰয়োজন আছে।

গতিকে কেডাৰ হিচাপে যিসকল আহিব বিচাৰে তেওঁলোকক আমি আদৰণি জনাম। মোকেই বহুজনে হেঁচা প্ৰদান কৰি আছে সেয়ে মই মুকলিকৈ ক’ব লগা হৈছে। বিজেপিলৈ আনিবলৈ মইয়ো আগ্ৰহী নহয়।

যিসকল বিধায়ক আহিব বিচাৰিছে তেওঁলোকৰ নাম মই এতিয়া কব বিচৰা নাই। কংগ্ৰেছী বিধায়কসকল যাতে বিজেপিলৈ নাহে বুলি মন্তব্য কৰে ৰঞ্জিত দাসে।

You might also like