নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী মে দোস্তি আৰু আছাম মে কুষ্টি : আপক কটাক্ষ ৰঞ্জিত দত্তৰ

🎯প্ৰেমলাল গুঞ্জুৰ ঘৰলৈ যাব বিজেপি প্ৰাৰ্থীগৰাকী
🎯নদুৱাৰত সাংগঠনিক সভাত অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ : বিৰোধী দল কংগ্ৰেছৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুৰ বাসগৃহলৈ গৈ শুভেচ্ছা আৰু মৰম দিব বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই৷ আজি নৱগঠিত নদুৱাৰ সমষ্টিত চাৰিখনকৈ দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰ আগত এইদৰে কয় বিজেপি প্ৰাৰ্থীগৰাকীয়ে৷ প্ৰতিদ্বন্দ্বী সৱল হ’লেহে যুঁজ কৰি ভাল লাগে বুলি উল্লেখ কৰি বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই কয় প্ৰতিদ্বন্দ্বী প্ৰেমলাল গুঞ্জু তেওঁৰ সমষ্টিৰে মানুহ৷ আমি একেলগে বহু সামাজিক কাম কাজত মাজে মাজে উপস্থিত থাকোঁ আৰু মোক তেখেতে দাদা বুলি সম্বোধনো কৰে৷ ৩০ বছৰ কংগ্ৰেছ দল কৰি বৰ্তমান সাংসদৰ টিকট লাভ কৰা প্ৰেমলাল গুঞ্জুক সেয়ে জ্যেষ্ঠ হিচাপে ৰঞ্জিত দত্তই জনাব আশীৰ্বাদ আৰু শুভেচ্ছা৷ আনহাতে আপ সন্দৰ্ভত দত্তই কয় যে দিল্লী মে দোস্তি আৰু আছাম মে কুষ্টি বুলিও দলটোক কটাক্ষ কৰে৷ উল্লেখ্য যে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ আজি সমষ্টিটোৰ ৰঙাচকুৱা, চাৰিদুৱাৰ, গমিৰিপাল আৰু চতিয়াত চাৰিখনকৈ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত দত্তই৷

প্ৰেৰক হিৰণ্য বৰা

You might also like