নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমিক নিবিৰৰ নিৰ্যাতনৰ বলি হৈ আত্মহত্যা দেৰগাঁৱৰ কৃষ্ণাৰাণীৰ

নিয়মীয়া বাৰ্তা, ১৫মাৰ্চ : যোৰহাট মেডিকেল কলেজ হeস্পতালৰ আই চি ইউত দেৰগাঁৱৰ এগৰাকী প্ৰতিভাৱান যুৱতীয়ে সাত দিন ধৰি মৃত্যুৰে যুঁজি কালি নিশা দুই বজাত মৃত্যুক আঁকোৱালি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে দেৰগাঁও লুকুমাই অঞ্চলৰ এইগৰাকী প্ৰতিভাৱান মেধাৱী ছাত্ৰীৰ দীৰ্ঘ দিন ধৰি স্থানীয় এজন যুৱকৰ লগত আছিল প্ৰেমৰ এক সু সম্পৰ্ক। প্ৰেমিকৰ অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহিব নোৱাৰি যোৱা ৭ মাৰ্চত নিজৰ ঘৰত যুৱতীগৰাকীয়ে আত্মহননৰ প্ৰচেষ্টা চলোৱাত পৰিয়ালৰ লোকে  সংকটজনক অৱস্থাত উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে। অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত আই চি ইউ কোঠাত মৃত্যুৰ সৈতে যুঁজ দি কালি  নিশা মৃত্যু হয়। জানিব পৰা মতে, দেৰগাঁও কাকডোঙা লুকুমাই গাঁৱৰ নৃপেন বৰাৰ জী কৃষ্ণাৰাণী বৰা (১৮)ই যোৱা ৭ মাৰ্চত দিনদুপৰতে ঘৰৰ এটা কোঠালিত ডিঙিত ৰচি লগাই চিপ লৈছিল। যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি ঘৰৰ ওচৰৰে প্ৰদীপ বৰাৰ পুত্ৰ নিবিৰ বৰা নামৰ এজন যুৱকৰ সৈতে যুৱতীগৰাকীৰ আছিল গভীৰ প্ৰেম। কিছুদিনৰ পৰা যুৱকজনে প্ৰেমৰ গ‌ইনাৰে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই  আহিছিল প্ৰেমিকা কৃষ্ণাৰাণীৰ ওপৰত। সেই নিৰ্যাতন সহিব নোৱাৰিয়ে আত্মহননৰ পথ বাছি লৈছিল কৃষ্ণাৰাণীয়ে। ইতিমধ্যে যুৱতীগৰাকীৰ পিতৃ মাতৃয়ে কাকডোঙা চুমনি আৰক্ষী চকীত যুবকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে আইনগত তদন্তত গাফিলতি কৰাৰ অভিযোগ তুলিছে। পৰিয়ালৰ লোকে শীঘ্ৰে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে। আজি পুৱা  কৃষ্ণাৰাণীৰ মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰি লুকুমাইৰ গৃহ পোৱা পাছত  তেওঁৰ নশ্বৰ দেহত অসংখ্য লোকে শ্ৰদ্ধাঞ্জলি জনায় আৰু গভীৰ শোক প্ৰকাশ কৰে। কৃষ্ণাৰাণীৰ পৰিয়ালে যাতে ন্যায় পায়, তাৰ বাবে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনায়।
প্ৰেৰক সঞ্জীৱ হাজৰিকা
You might also like