নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধন আত্মসাতেৰে সম্পত্তিৰ পাহাৰ গঢ়িছে ৰঞ্জিত ৰাভাই

ৰাভা হাছঙৰ বৰ কেৰাণীৰ আখ্যান

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ সময়তে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এজন কেৰাণীয়ে দুর্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়াৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷ যি সময়ত ডি আই জি, এ ডি চি পর্যায়ৰ বিষয়াই আয়ৰ সামঞ্জস্যবিহীন সম্পত্তি আহৰণ কৰাৰ অপৰাধত কাৰাগাৰৰ ভাত খাবলগীয়া হৈছে, সেই সময়ত এইজন কেৰাণীয়ে কাকো পৰোৱাই নকৰাকৈ আয়তকৈ শ শ গুণ অধিক সম্পত্তি আহৰণ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত কর্মৰত উচ্চবর্গৰ সহায়ক ৰঞ্জিত ৰাভাৰ বিৰুদ্ধে উত্থাপন হৈছে আয়ৰ সামঞ্জস্যবিহীন সম্পত্তিৰ গৰাকী হোৱাৰ গুৰুতৰ অভিযোগ৷ অভিযোগ অনুসৰি পৰিষদৰ এই কেৰাণীজনে আত্মীয়–স্বজনৰ নামৰ উপৰি একাংশ ভুৱা সমবায় গঠন কৰি গঢ়ি তুলিছে ৰবৰ বাগান–ছাগলীৰ ফার্ম৷

স্বায়ত্তশাসিত পৰিষদৰ আঁচনিৰ ধন কোৰোণাৰে চপোৱাৰ উপৰি ৰঞ্জিত ৰাভাৰ বিৰুদ্ধে উত্থাপন হৈছে সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ গুৰুতৰ অভিযোগ৷ দুর্নীতিগ্রস্ত এই কেৰাণীজনে চুকুনিয়া সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি তিনিখনকৈ আৰু ৰংজুলি আঞ্চলিক বন কার্যালয়ৰ অধীনৰ চেঁচাপানী, কাচাদল, মাটিয়া, শান্তিপাৰা আদিত ৰবৰ বাগান আৰু সংহত কৃষি ফার্ম স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি কদমপাৰা, শিংৰা আদিত থকা বৃহৎ ৰবৰ বাগানসমূহৰ পৰা ইতিমধ্যে ৰবৰ উৎপাদন কৰি দুর্নীতিগ্রস্ত কেৰাণীজনে কোটি কোটি টকা লাভ কৰিছে৷ ইয়াৰ উপৰি শান্তিপাৰাৰ বৃহৎ ভূমিত এই কেৰাণীজনৰ আছে এখন ছাগলী ফার্ম আৰু কলৰ বাগিচা৷ গোৱালপাৰা আৰু দক্ষিণ–পশ্চিম কামৰূপ জিলা ৰবৰ বাগান আৰু কল খেতিৰ বাবে বিখ্যাত হোৱা বাবে ৰঞ্জিত ৰাভাই বৃহৎ বৃহৎ বাগান গঢ়িছে অনীতিৰে আহৰণ কৰা ধনেৰে৷

আনহাতে, সংৰক্ষিত বনাঞ্চলৰ শ শ বিঘা ভূমি বেদখল কৰি এতিয়া সেই ভূমি সমবায়ৰ নামত আবণ্টনৰ বাবে সংশ্লিষ্ট বনাঞ্চলসমূহৰ ডি এফ অ’ৰ সৈতে যোগাযোগ স্থাপন কৰা বুলিও প্রকাশ পাইছে৷ এনেদৰে গঢ়ি তোলা ৰবৰ বাগানৰ পৰা ৰঞ্জিত ৰাভাই মাহত প্রায় দুই কোটি টকা লাভ কৰে বুলি অভিযোগত প্রকাশ৷ আনহাতে, সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ ক্ষেত্রত ৰঞ্জিত ৰাভাই সংযুক্ত মুক্তি বাহিনী, চমুকৈ আলফা (স্বাধীন)ৰ নাম ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে৷ বহু ক্ষেত্রত আলফা (স্বাধীন)ৰ ভাবুকিৰে দুর্নীতিগ্রস্ত কেৰাণীজনে স্থানীয় ৰাইজক ভয়–ভাবুকি দিয়াৰো অভিযোগ আছে৷ দুর্নীতিৰ ধন আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলেৰে গঢ়ি তোলা সম্পত্তিৰ পাহাৰৰ পৰা লাভ কৰা ধনৰ বলতেই সাধাৰণ কেৰাণী হৈও ৰঞ্জিত ৰাভাই গোৱালপাৰাৰ ৰংজুলি মহাজনপাৰা গাঁৱত নির্মাণ কৰিছে প্রাসাদোপম অট্টালিকা৷ এই অট্টালিকাৰ বিদেশী আচবাবসমূহৰ মূল্যই কোটিৰ ঘৰ চুবগৈ বুলি অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে এই দুর্নীতিগ্রস্ত কেৰাণীজনৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল আৰু দুর্নীতিৰ ন ন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে৷ এইসমূহ তথ্য প্রকাশ পালে স্বায়ত্ত পৰিষদৰ বৰ কেৰাণীজন কাৰাগাৰৰ ভাত খাবলগীয়া হোৱাটো নিশ্চিত৷ এইক্ষেত্রত সংশ্লিষ্ট বিভাগসমূহে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like