নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্র ৰাজ্যৰ পঞ্চমত অসম–শীর্ষত বিহাৰ

নিটি আয়োগৰ ‘ৰাষ্ট্রীয় বহুমাত্রিক দাৰিদ্য সূচক’ তালিকা

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ নিটি আয়োগৰ ‘ৰাষ্ট্রীয় বহুমাত্রিক দাৰিদ্য সূচক’ তালিকাত পঞ্চম স্থানত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসম৷ তালিকাৰ শীর্ষ ১০ত আছে উত্তৰ–পূর্বাঞ্চলৰ ৫খন ৰাজ্য৷ বহুমাত্রিক দাৰিদ্য সূচক তালিকাত শীর্ষস্থানত আছে বিহাৰ৷ অক্সফ’ৰ্ড প’ভার্টী এণ্ড হিউমেন ডেভেলপমেণ্ট ইনিচিয়েটিভ আৰু ইউনাইটেড নেচন ডেভেলপমেণ্ট প্রগ্রেমৰ দ্বাৰা বিকশিত আন্তর্জাতিকভাৱে স্বীকৃত ভাৰতৰ ৰাষ্ট্রীয় বহুমাত্রিক দাৰিদ্র্য সূচক নিটি আয়োগে প্রকাশ কৰিছে৷ নিটি আয়োগৰ প্রকাশিত এই তালিকাত পঞ্চম স্থানত আছে অসম আৰু মেঘালয়৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসম আৰু মেঘালয়ৰ ৩২.৬৭ শতাংশ লোক বহুমাত্রিক দৰিদ্র৷ স্বাস্থ্য, শিক্ষা আৰু জীৱন যাপনৰ মানক লৈ সমীক্ষা চলাই বহুমাত্রিক দাৰিদ্র্য সূচক তালিকা প্রস্তুত কৰা হয়৷ স্বাস্থ্য, শিক্ষা আৰু জীৱনৰ মানক লৈ সমীক্ষাত ১২টা কাৰক বিশেষকৈ দাৰিদ্র্য আৰু পুষ্টি, শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ, মাতৃৰ স্বাস্থ্য, বিদ্যালয়লৈ যোৱা বর্ষ, বিদ্যালয়ত উপস্থিতি, ৰন্ধন ইন্ধন, অনাময়, খোৱাপানী, বিদ্যুৎ, গৃহ, সামগ্রী আৰু বেংক একাউণ্টৰ তথ্য আধাৰিত হৈ থাকে৷

এইক্ষেত্রত অসমৰ মুঠ জনসংখ্যাৰ ৩২.৬৭ শতাংশ লোকেই দৰিদ্র হিচাপে চিহ্ণিত হৈছে৷ ইপিনে অসমৰ সৈতে যুটীয়াভাৱে পঞ্চম স্থানত আছে মেঘালয়৷ তেনেদৰে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য নাগালেণ্ড ২৫.২৩ শতাংশ দৰিদ্র লোকেৰে তালিকাত নৱম স্থান আৰু ২৪.২৭ শতাংশৰে তালিকাত দশম স্থানত আছে অৰুণাচল প্রদেশ৷ মণিপুৰ, ত্রিপুৰা, মিজোৰাম ক্রমে ১৩, ১৫ আৰু ২১সংখ্যক স্থানত আছে৷ তালিকাৰ শীর্ষস্থানত আছে বিহাৰ৷ ৰাজ্যখনত মুঠ জনসংখ্যাৰ ৫১.৯১ শতাংশ লোক দৰিদ্র৷ ইপিনে ৪২.১৬ শতাংশ দৰিদ্র লোকেৰে তালিকাৰ দ্বিতীয় স্থানত ঝাৰখণ্ড আৰু ৩৭.৭৯ শতাংশৰে তৃতীয় স্থানত উত্তৰ প্রদেশ৷ চতুর্থ স্থানত ৩৬.৬৫ শতাংশৰে মধ্যপ্রদেশ৷ লক্ষণীয় যে তালিকাৰ একেবাৰে শেষৰ স্থানত আছে ০.৭১ শতাংশ দৰিদ্র লোকেৰে কেৰালা৷ ইয়াৰ ওপৰত ৩.৭৬ শতাংশৰে গোৱা, ৩.৮২ শতাংশৰে ছিকিম, ৪.৮৯ শতাংশৰে তামিলনাডু আৰু ৫.৫৯ শতাংশৰে পঞ্জাব আছে৷

You might also like