নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰ-মাজুলীবাসীলৈ আশাৰ ৰেঙনি

✅বিহপুৰীয়াৰ ধূনাগুৰিত সোৱণশিৰিৰ ওপৰত ৬৯৫ কোটি টকীয়া দলং

✅যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ বঙালমৰা-মাজুলী বালিচাপৰি সংযোগী ফৰলেন

বিশেষ বাৰ্তা, ১ নৱেম্বৰ : বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত সোৱণশিৰি নদীৰ ওপৰত দ্বিতীয়খন পকী দলঙৰ নিৰ্মাণ কাৰ্য যুদ্ধকালীন তৎপৰতাৰে আগবাঢ়িছে৷ কেৱল এই দলংখনেই নহয় সুদূৰ মাজুলীৰ পৰা লখিমপুৰৰ বঙালমৰালৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰো ব্যৱস্থা কৰিছে এছ পি সিংলা নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে৷ ৬৯৪ কোটি টকাৰ ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰৰ ‘অসম মালা’ আঁচনিৰ অধীনত ১৯ কিলোমিটাৰ দৈঘ্যৰ্ৰ পথটো নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিছে উক্ত প্ৰতিষ্ঠানটোৱে৷ ইতিমধ্যে এছ পি সিংলা কনষ্ট্ৰাকচনে মাজুলীৰ বালিচাপৰিৰ পৰা ধূনাগুৰি হৈ বঙালমৰালৈ এই পথ আৰু দলং নিৰ্মাণৰ কাম পূৰ্ণ প্ৰস্তুতিৰে আগবঢ়াই নিছে৷ মুঠ ১৯ কিলোমিটাৰ দৈঘ্যৰ এই পথটোত আছে দুখনকৈ পকী দলং৷ ইয়াৰে এখন দলং হৈছে লুইত দলং আৰু আনখন হৈছে সোৱণশিৰি দলং৷ লুইত দলংখনৰ দৈঘ্য হৈছে ৭০০ মিটাৰ আৰু সোৱণশিৰি দলংখনৰ দৈঘ্য হৈছে ২৮৮০ মিটাৰ৷ ইতিমধ্যে বালিচাপৰিৰ সমীপত লুইত দলঙৰ নিৰ্মাণ কাৰ্য যথেষ্ঠ আগবাঢ়ি যোৱাৰ লগতে ধূনাগুৰিত সোৱণশিৰি দলঙৰ নিৰ্মাণ কাৰ্যও সামান্তৰাল ভাৱে আগবঢ়াই নিছে নিবিদা প্ৰাপ্ত নিৰ্মাণকাৰী সংস্থাটোৱে৷ ২০২২ বৰ্ষৰ ১১ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস কৰা এই লুইত দলং, সোৱণশিৰি দলং নিৰ্মাণৰ কামৰ লগতে পথ নিৰ্মাণৰ কামো পূৰ্ণ প্ৰস্তুতিৰে অব্যাহত ৰাখিছে৷ প্ৰাপ্ত তথ্য অনুসৰি লুইত দলঙৰ মুঠ ২১ টা খুঁটা থাকিব আৰু সোৱণশিৰি দলঙত [ধূনাগুৰি] ৬১ টা খুঁটাৰে নিৰ্মাণ হ’ব এই দলং৷ উক্ত পথ আৰু দলং সম্পূৰ্ণকৈ নিৰ্মাণ হৈ উঠিলে উত্তৰপাৰ আৰু দক্ষিণপাৰৰ লগত পোনপটীয়া যোগাযোগ সুচল হৈ উঠিব৷ সুদূৰ নাগালেণ্ড, ডিমাপুৰ আদিৰ পৰা লখিমপুৰৰ মাজেৰে বঙালমৰা হৈ অৰুণাচল প্ৰদেশলৈ একপ্ৰকাৰে পোনপটীয়া যোগাযোগ সুচল হৈ পৰিব৷ ইতিমধ্যে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ মাজুলী সংমণ্ডলে এই পথ-দলং নিৰ্মাণৰ তদাৰক কৰি থকাৰ লগতে ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত পথ-দলং সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ বঙালমৰাৰ পৰা ধূনাগুৰিলৈ পথৰ দুয়োকাষে চৰকাৰে ভূমি অধিগ্ৰহণ কৰি সেই ভূমি অথবা গৃহৰ গৰাকীক ক্ষতিপূৰণ আদায় দিয়াৰ পিছত লোকনিৰ্মাণ বিভাগে পথ-দলং নিৰ্মাণৰ কাম আগবঢ়াই নিছে৷ বিশ্ববেংকৰ অৰ্থ সাহাৰ্যৰে নিৰ্মাণ হৈ থকা এই পথ-দলঙত এতিয়া স্থানীয়-অস্থানীয় প্ৰায় দুই শতাধিক কৰ্মচাৰী-শ্ৰমিকে নিৰ্মাণ কাৰ্য চলাই আছে৷ নিৰ্মাণকাৰী সংস্থা এচ পি সিংলা কনষ্ট্ৰাকচনেও বৃহৎ বৃহৎ যন্ত্ৰৰ সহায়ত সোৱণশিৰিৰ ওপৰত ধূনাগুৰিত ২৮৮০ মিটাৰ দৈঘ্যৰ দলংখনৰ নিৰ্মাণ কাৰ্য চলাই আছে৷ ইতিমধ্যে ধূনাগুৰিত সোৱণশিৰি নদীৰ ওপৰত ১০ টা খুঁটা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলাৰ বিপৰীতে ২৩ টা খুঁটাৰ কাম আগবঢ়াই নিছে৷ ধূনাগুৰিত সোৱণশিৰিৰ ওপৰত দলং নিৰ্মাণ কৰি লখিমপুৰ, মাজুলী, নাগালেণ্ড, অৰুণাচলৰ মাজত পোনপটীয়া যোগাযোগ স্থাপন হ’ব বিছৰা কাৰ্যই সকলোকে আনন্দিত কৰি তুলিছে৷

প্ৰেৰক নিতুল বৰা

You might also like