নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল ইণ্ডিয়াৰ দিনত ঢকুৱাখনাৰ এখন বিশেষ দলং!

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : জীৱনৰ নিৰাপত্তা নোহোৱা ঢকুৱাখনাৰ এখন বিশেষ বাঁহৰ দলং। জৰাজীৰ্ণ বাঁহৰ দলংখন পাৰ হ’বলৈ আপুনি ভৰিব লাগিব টকা। বাইক,চাইকেলৰ লগতে খোজকাঢ়ি পাৰ হ’লেও ভৰিব লাগে ধন।ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়নখণ্ডক বিভক্ত কৰা কঢ়া নৈৰ ওপৰত আছে এই বিশেষ দলংখন।বাইকৰ বাবদ ৩০ টকা, চাইকেলৰ বাবদ আদায় লয় ২০ টকা। খোজকাঢ়ি পাৰ হ’লেও ৰাইজে ভৰিব লাগে ১০ টকা। ধন আদায় কৰি দলং পাৰ হোৱাৰ পিছতো কিন্তু নাই জীৱনৰ নিৰাপত্তা। এক প্ৰকাৰ টকা ভৰিও বিপদসংকুল যাতায়ত কৰিব লাগিব । উন্নয়নৰ ঢাকঢোল বজাই থকা বিজেপি চৰকাৰৰ আমোলত প্ৰকৃততে কিমান উন্নয়ন হৈছে তাৰেই এক বাস্তৱ ছবি ঢকুৱাখনা সমষ্টিৰ পুৰণি গোবিন্দপুৰ-মহেমাৰী সংযোগী পথৰ কঢ়া নৈৰ ওপৰত থকা এইখন বিশেষ বাঁহৰ দলং। ঘিলামৰা উন্নয়নখণ্ডৰ অধীনস্থ দেউলীয়া পঞ্চায়তৰ অন্তৰ্গত পুৰণি গোবিন্দপুৰ, চাকুলী, মাহতলী, আখৈফুটীয়া আদিকে কৰি প্ৰায় ৫-৬খন গাঁৱৰ ৰাইজৰ লগতে কণ কণ শিক্ষাৰ্থীসকলে গাঁঠিৰ ধন খৰছ কৰি বছৰ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে জৰাজীৰ্ণ এই বিশেষ বাঁহৰ দলঙখনেৰে।সুদীৰ্ঘদিন ধৰি কঢ়া নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে ঢকুৱাখনা সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰক দাবী জনাই আহিছিল যদিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সমস্যা সমাধান নকৰাত এনেদৰেই নিতৌ মৰণক শৰণ দি প্ৰায় ২০০ মিটাৰ দৈৰ্ঘৰ ভগ্ন বাঁহৰ দলঙেৰেই যাতায়ত কৰিবলগা হৈছে বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে। ইফালে বাৰিষা অহাৰ লগে লগে সম্পূৰ্ণৰূপে ব্যাহত হৈ যাতায়ত।কাৰণ,নৈৰ পানী বাঢ়ি অহাৰ লগে লগে দলংখনেৰে অসম্ভৱ হৈ পৰে যাতায়ত।তদুপৰি দলঙৰ অভাৱত স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চ সেৱাও বন্ধ হৈ পৰিছে অঞ্চলটোত । ফলত যমৰ-যাতনা ভুগিবলগীয়া হৈছে গৰ্ভৱতী, প্ৰসূতি তথা অন্যান্য ৰোগীসকলেও।ইয়াৰ পিছতো চকু মুদা কুলিৰ ভাৱত স্থানীয় জনপ্ৰতিনিধি, প্ৰশাসন।উল্লেখ্য যে উল্লেখিত অঞ্চলটোৰ পৰা ঢকুৱাখনা নগৰলৈ দূৰত্ব মাথোঁ ১০কিলোমিটাৰ।কিন্তু কঢ়া নৈৰ ওপৰত দলং নথকাত দেউলীয়া পঞ্চায়তৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যিকোনো চৰকাৰী কার্যলয়ৰ কাম-কাজৰ বাবে ঘিলামৰা হৈ প্ৰায় ৪০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ঢকুৱাখনা মহকুমা সদৰলৈ আহিবলগীয়া হয়।অঞ্চলবাসীৰ প্ৰধান সমস্যা হিচাপে চিহ্নিত হোৱা কঢ়া নৈৰ ওপৰত এখন পকী দলং নিৰ্মান কৰিবলৈ অসম চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত চৰকাৰ-জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তপক্ষই কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।কেৱল নির্বাচনৰ সময়ত বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে বিধায়ক, সাংসদকে ধৰি পঞ্চায়ত প্রতিনিধিসকলে ৰাইজৰ ভোট বিচাৰি আহে যদিও জয়ী হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ বাস্তৱ ৰূপায়নৰ বাবে কাৰোৰে আহৰি নোহোৱা বুলি অভিযোগ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই গুৰুত্বপূৰ্ণ পথটোৰ ওপৰত এখন পকী দলং নিৰ্মান কৰিবলৈ ভুক্তভোগী গঁঞা ৰাইজে স্থানীয় বিজেপিৰ বিধায়ক নৱ কুমাৰ দলে,সাংসদ প্ৰদান বৰুৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক সংবাদমাধ্যমৰ জৰিয়তে দাবী জনাইছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like