দীৰ্ঘদিনৰ পৰাই ধুবুৰীৰ একাংশ প্ৰকাশকে প্ৰকাশ কৰা সহায়িকা পুঁথি (note book)ৰ মানদণ্ডক লৈ সন্দেহ প্ৰকাশ কৰি অহা পোৱা গৈছিল সচেতন একাংশ অভিভাৱকে। সেই সন্দেহ সত্যত পৰিণত কৰি ধুবুৰীৰ স্থানীয় প্ৰকাশক এগৰাকীয়ে প্ৰকাশ কৰা সহায়িকা এখনত সন্নিবেশিত থকা বিহুৰ ৰচনা এখনক লৈ স্তম্ভিত হৈ পৰিছে বহুতেই।
উল্লেখ্য যে, ধুবুৰীৰ নিউ মহাম্মদীয়া পুস্তকালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰৰ বাবে উল্লেখিত থকা সহজ ব্যাকৰণ আৰু ৰচনা, ২য় ভাগ নামৰ সহায়িকাখনৰ ১১৪ পৃষ্ঠা নম্বৰত থকা বিহুৰ ৰচনাখনকলৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
লিখক মোঃ ই আলী বুলি বেটুপাতত থকা সেই সহায়িকাখনৰ বিহু শীৰ্ষক ৰচনাখনৰ ৰঙালী বিহু শিতানৰ প্ৰথমটো শাৰীত আছে “চ’ত মাহৰ শেষ দিনটোক ৰঙালী বিহু বোলে”। আনহাতে, ভোগালী বিহু শিতানত আছে, “পুহ মাহৰ শেষ দিনটোক ভোগালী বিহু বোলে”।
ইপিনে কাতি বিহু শিতানত আছে, “অভাৱ-অনাটনৰ মাজত পালিত লগা হয় কাৰণে এই বিহুক কাতি বিহু বোলে। প্ৰায় ঘৰতেই অভাৱ-অনাটন দেখা যায়। এই বিহুত বিশেষ কোনো উৎসৱ পতা নহয়। মাথো দোমাহীৰ দিনা চোতালৰ আগত চাকি এগছি জ্বলোৱা হয়”।
স্বাভাবিকভাবেই, ছাত্ৰ-ছাত্ৰীৰ বাবে যুগুত কৰা অসমৰ জনজীৱন এক অংগাংগি অংশ তথা জাতীয় উৎসৱ, বিহুৰ ৰচনা এখনত নাভুত-নাশ্ৰুত কিছু কথা সন্নিবিষ্ট হোৱাটো উদ্বেগজনক বুলিয়েই বিবেচিত হৈছে আৰু বিষয়টো লৈ অসমৰ শিক্ষা বিভাগৰ হস্তক্ষেপ কৰাৰ প্ৰয়োজন থকা বুলিও উচ্চাৰিত হৈছে।
সমান্তৰালকৈ, ধুবুৰী তথা জিলাখনৰ পৰা প্ৰকাশিত হোৱা সকলো ধৰণৰ সহায়িকাবোৰ চালিজাৰি চোৱাৰো প্ৰয়োজনীয়তা থকা বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে বহুতেই।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৮ মে’