বিজনীত বিবাহিত মহিলাক ধন দাবী–ব্লেকমেইলিং সাংবাদিক ৰিমোৰ
নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ গুৱাহাটীত মুখ্য কার্যালয় থকা এটা ছেটেলাইট টেলিভিছন চেনেলৰ চিৰাঙৰ সংবাদদাতা তথা বিজনীৰ ২ নং ৱার্ডৰ বাসিন্দা ৰিমো সেনে বিজনী চহৰৰ ৪ নং ৱার্ড নিৱাসী এগৰাকী বিবাহিত মহিলাক ডেৰ লাখ টকা ধন দাবী কৰা বুলি ভুক্তভোগী মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে৷ মহিলাগৰাকীয়ে উক্ত ধন দাবীৰ প্রতি কোনো গুৰুত্ব প্রদান নকৰাত সাংবাদিকগৰাকীয়ে ম’বাইল ফোনৰ জৰিয়তে মহিলাগৰাকীক ভাবুকি প্রদান কৰি কয় যে মহিলাগৰাকীৰ কিছুমান ফটো ছ’চিয়েল মিডিয়াযোগে প্রকাশ কৰিব৷ মহিলাগৰাকীয়ে এই কার্যৰ প্রতিবাদ কৰাত সাংবাদিক ৰিমো সেনে মহিলাগৰাকীক পুনৰ ভাবুকি প্রদান কৰাৰ লগতে হোৱাটছএপৰ জৰিয়তে অশ্লীল গালি–গালাজ পৰা বুলিও ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰে৷ যোৱা ১৫ ছেপ্ঢেম্বৰৰ নিশা সাংবাদিকগৰাকীয়ে নিজৰ ফেচবুক পেজত মহিলাগৰাকীৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক কথা আৰু কেইখনমান ফটো আপলোড কৰে৷ সাংবাদিকগৰাকীৰ উক্ত কু–কার্যত ক্ষুব্ধ মহিলাগৰাকীয়ে সাংবাদিক সেনৰ বিৰুদ্ধে বিজনী থানাত এখন এজাহাৰ দাখিল কৰাত বিজনীৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৮৫/২৯৪/৫০০/৫০৪/৫০৬ নং ধাৰাৰ অধীনত ৩৪১/২০২০ নম্বৰৰ বিপৰীতে এটা গোচৰ ৰুজু কৰে৷