ৰিয়াৰ ফালে বলিছে বতাহঃ ৰিয়াক ক্ষমা খোজাৰ আহ্বান হুমা কুৰেশ্বীৰ
নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ সুশান্তৰ মৃত্যু সংক্ৰান্তত হত্যাৰ তত্ত্ব প্ৰয়াগ কৰাসকলে ৰিয়া চক্ৰৱৰ্তীক ক্ষমা খোজা উচিত বুলি মত ব্যক্ত কৰিলে অভিনেত্ৰী হুমা কুৰেশ্বীয়ে।
এইমছৰ শেহতীয়া প্ৰতিবেদনে অভিনেতা সুশান্তৰ মৃত্যুক আত্মহত্যা বুলিয়েই একপ্ৰকাৰ স্বীকৃতি দিয়াৰ লগতে কালি ৰিয়া চক্ৰৱৰ্তীয়ে জামিন লাভ কৰাৰ পিছত অভিনেত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
অভিনেত্ৰীগৰাকীয়ে লগতে হত্যা তত্ত্বৰ বেলুন ফুলোৱাসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। ড্ৰাগছ ছিণ্ডিকেটৰ লগত ৰিয়াৰ কোনো সম্পৰ্ক নোহোৱাৰ কথা ন্যায়ালয়ে প্ৰকাশ কৰাৰ লগে লগে ৰিয়া চক্ৰৱৰ্তীক নিৰ্দোষায়েই নহয় এগৰাকী পীড়িতা বুলি চৰ্চা আৰম্ভ হৈছে ছ’চিয়েল মিডিয়াত।