নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰেয়াছৰ নেতৃত্বত পুনৰ ব্যৰ্থ ভাৰত, ইংলেণ্ডৰ সহজ জয়

জোফ্ৰা আৰ্চাৰ আৰু জ’ছ টঙৰ বিধ্বংসী বলিঙৰ সন্মুখত সম্পূৰ্ণৰূপে অসহায় হৈ পৰিল ভাৰতীয় বেটিং লাইনআপ। তৃতীয় টি-২০ মেচত ইংলেণ্ডে ভাৰতক ১২৫ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি পাঁচখন মেচৰ শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

বৰষুণৰ বাবে প্ৰথমখন মেচ বাতিল হৈছিল। ইয়াৰ পিছত একেৰাহে দ্বিতীয় আৰু তৃতীয় মেচ জিকি ইংলেণ্ডে শৃংখলাত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰে।

প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৭ উইকেটত ২০১ ৰান সংগ্ৰহ কৰে। ফিল ছল্টে ৪৪টা বলত ৭০ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলে। ছেম কৰনে ২৪টা বলত অপৰাজিত ৪১ ৰান কৰি দলক ২০০ ৰানৰ সীমা অতিক্ৰম কৰাত সহায় কৰে। জছ বাটলাৰে ২১টা বলত ৩৬ আৰু হেৰী ব্ৰুকে ১৬ ৰানৰ অৱদান আগবঢ়ায়।

২০২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দল মাত্ৰ ১১.৪ অভাৰত ৭৬ ৰানতে অলআউট হয়। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰানৰ ব্যৱধানৰ হিচাপত এয়া ভাৰতৰ আটাইতকৈ ডাঙৰ পৰাজয়।

ইংলেণ্ডৰ হৈ জোফ্ৰা আৰ্চাৰে ৩ অভাৰত ২৯ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে। আনহাতে জ’ছ টঙে ৪ অভাৰত ২৮ ৰান দি ৪টা উইকেট লাভ কৰি ভাৰতীয় বেটিং ধ্বংস কৰে।

ভাৰতৰ কেৱল চাৰিজন বেটছমেনেই দুটা অংক স্পৰ্শ কৰিবলৈ সক্ষম হয়। বৈভৱ সূৰ্যৱংশীয়ে আৰ্চাৰ আৰু টঙক দুটা ছয় মাৰিলেও ৫টা বলত ১৩ ৰান কৰি আউট হয়। অভিষেক শৰ্মা, ঈশান কিষাণ আৰু অধিনায়ক শ্ৰেয়াছ আয়াৰেও হতাশাজনক প্ৰদৰ্শন কৰে।

বলিঙত ভাৰতৰ হৈ হৰ্ষিত ৰাণা আৰু প্ৰিন্স যাদৱে দুটাকৈ উইকেট লাভ কৰে। অক্ষৰ পেটেলে ১টা উইকেট লাভ কৰিলেও ৪ অভাৰত ৪৯ ৰান দিয়ে। বৰুণ চক্ৰৱৰ্তীয়ে ৩ অভাৰত ৩৫ ৰান খৰচ কৰিও কোনো উইকেট লাভ কৰিব নোৱাৰিলে।

এই পৰাজয়ৰ সৈতে অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতৰ পৰাজয়ৰ ধাৰাবাহিকতা পাঁচখন মেচলৈ বৃদ্ধি পালে।

ডিজিটেল ডেস্ক, ৮ জুলাই

You might also like