গুৱাহাটী মহানগৰীত গ্ৰীনবাছৰ অনিয়ম নিয়ন্ত্ৰণৰ লক্ষ্যৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ জিলা প্ৰশাসনে। ট্ৰেফিক নিয়ম ভংগ কৰাৰ অভিযোগত ৬৩জন গ্ৰীনবাছ চালকৰ ড্ৰাইভিং লাইচেঞ্চ বাতিল কৰা হৈছে।
প্ৰশাসনে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা গ্ৰীনবাছসমূহে পথৰ কেৱল বাঁওফালেহে চলাচল কৰিব পাৰিব। যাত্ৰী তোলাৰ বা নমোৱাৰ অজুহাতত কোনো পৰিস্থিতিতেই পথ সলনি কৰাৰ অনুমতি নাথাকিব।
ইয়াৰ লগতে স্পষ্টকৈ কোৱা হৈছে যে নিৰ্ধাৰিত নিয়ম উলংঘন কৰি বাছ চলালে বা অনুমতি অবিহনে পথ সলনি কৰিলে সম্পৰ্কিত গ্ৰীনবাছখনৰ চলাচল ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হ’ব।
মহানগৰ জিলা প্ৰশাসনৰ মতে, গুৱাহাটী মহানগৰীত যানজঁট হ্ৰাস কৰা, পথ সুৰক্ষা নিশ্চিত কৰা আৰু শৃংখলাবদ্ধ গণপৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰশাসনে সকলো গ্ৰীণবাছ চালক আৰু পৰিচালকক নতুন নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে।
ডিজিটেল ডেস্ক, ৮ জুলাই